ETV Bharat / entertainment

হাজাৰজনৰ মৰম আৰু প্ৰাৰ্থনা : স্বাস্থ্যৰ উন্নতি ঘটিছে জুবিন গাৰ্গৰ - ZUBEEN GARG HEALTH

author img

By ETV Bharat Entertainment Team

Published : Jul 29, 2024, 12:54 PM IST

Zubeen Garg health Update : ক্ৰমাৎ সুস্থ হৈ উঠিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ । সকলো ঠিকেই থাকিলে আজি কেবিনলৈ স্থানান্তৰিত কৰাৰ সম্ভৱনা জুবিনক ।

Zubeen garg health update Zubeen Garg's health is improving
জুবিন গাৰ্গ (ETV Bharat Assam)

গুৱাহাটী, 29 জুলাই : জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে ভাল খবৰ । ক্ৰমাৎ সুস্থ হৈ উঠিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । সকলো ঠিকেই থাকিলে আজি কেবিনলৈ স্থানান্তৰিত কৰাৰ সম্ভৱনা আছে জুবিনক । বৰ্তমান ICU তে আছে শিল্পীগৰাকী । উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় 9 বজাত হঠাৎ অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী ।

হঠাৎ অসুস্থ হৈ পৰে জুবিন

মহানগৰীৰ জোনালীস্থিত ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী । তাৰ পাচতে ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি Seizure Attack আহিছিল কণ্ঠশিল্পীগৰাকীৰ ।

জুবিনৰ বৰ্তমানৰ স্বাস্থ্য কেনেকুৱা

পৰিয়াল তথা নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । পূৰ্বেও শিল্পীগৰাকীয়ে বহুবাৰ অনুৰূপ শাৰীৰিক অসুস্থতাৰ যুঁজিবলগীয়া হৈছিল । শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰে এতিয়াও উদ্বিগ্ন কৰি ৰাখিছে শিল্পীগৰাকীৰ শুভাকাংক্ষী তথা গুণমুগ্ধসকলক ।

যথেষ্ট জিৰণিৰ প্ৰয়োজন জুবিনক

জুবিনৰ গুণমুগ্ধসকলে তেওঁক প্ৰয়োজনীয় জিৰণি ল’বলৈ আহ্বান জনায় ৷ জুবিনক অসমৰ সম্পদ বুলি অভিহিত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ যশস্বী ব্যক্তিসকলে কামৰ সমান্তৰালভাৱে তেওঁক স্বাস্থ্যৰ প্ৰতিও দায়িত্বশীল হ’বলৈ অনুৰোধ কৰে ৷ সঁচাকৈয়ে অত্যধিক কামৰ মাজত নিজকে ডুবাই ৰখা জুবিনে কিছু জিৰণি লোৱাৰ প্ৰয়োজন । জিৰণি নোলোৱাকৈ মাত্ৰাধিক হাৰত কাম কৰাৰ বাবেই এনেদৰে তেওঁ হাস্পতালমুখী হ’বলগীয়া হৈছে বুলি মন্তব্য বহুজনৰ ।

ৰমেন বৰুৱা নিখোজ হোৱা খবৰে বিচলিত কৰি তোলে জুবিনক

জিৰণিৰ অভাৱ আৰু অনিয়নীয়া জীৱনশৈলীৰ বাবে শিল্পীগৰাকী প্ৰায়ে অসুস্থ হৈ পৰে বুলি জানিবলৈ দিয়ে চিকিৎসকে । আনহাতে প্ৰবীণ শিল্পী ৰমেন বৰুৱা নিখোজ হোৱাৰ দিনাৰে পৰা দুদিন ধৰি শিল্পীগৰাকীৰ সন্ধানত ব্যস্ত হৈ পৰা দেখা গৈছিল জুবিন গাৰ্গক । প্ৰবীণ শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰে পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত শিল্পীগৰাকীক বিচাৰি সন্ধান চলোৱা দেখা গৈছিল জুবিন গাৰ্গক ।

লগতে পঢ়ক : শিল্পী ৰমেন বৰুৱাবিহীন ৭টা দিন: শীঘ্ৰে উভতি আহিবলৈ আহ্বান শিল্পী সমাজৰ - Ramen Baruah Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.