ETV Bharat / entertainment

বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গ - zubeen garg health update

author img

By ETV Bharat Entertainment Team

Published : Jul 30, 2024, 4:50 PM IST

Zubeen Garg seizure attack: বৰ্তমান সুস্থ জুবিন গাৰ্গ । বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব কণ্ঠশিল্পীগৰাকী । এই কথা জনালে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই ।

zubeen garg recovering well to be discharged from hospital soon
জুবিন গাৰ্গ (ANI photo)

গুৱাহাটী, 30 জুলাই : বৰ্তমান পূৰ্বতকৈ সুস্থ হৈ উঠিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্য । বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব কণ্ঠশিল্পীগৰাকী । সোমবাৰে জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ পৰিস্থিতি সন্দৰ্ভত এইদৰে জনালে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই ।

নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা (ETV Bharat Assam)

জুবিন গাৰ্গৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা ?

জুবিন গাৰ্গৰ বৰ্তমানৰ স্বাস্থ্য সম্পর্কে মন্তব্য কৰি জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই কয়, ‘জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণ সুস্থ । জুবিনক আজি হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল কিন্তু এটা পৰীক্ষা বাকী আছে ‌। সেই পৰীক্ষাটো কৰা হোৱাৰ পাচত কাইলৈ জুবিনক ঘৰলৈ যাবলৈ দিয়া হ'ব । আজিলৈ যিখিনি পৰীক্ষা কৰা হ’ল বা যিসকল বিশেষজ্ঞ চিকিৎসকে তেওঁক চোৱা-চিতা কৰিলে তাৰ ভিত্তিত তেওঁক ঔষধ দিয়াৰ লগতে চিকিৎসা কৰি থকা হৈছে । এতিয়া জুবিন প্ৰায় সুস্থ হৈছে । কোনো যাতে খুঁটি নাটি ৰৈ নাযায় সেইবাবেই এই টেষ্টটো কৰা হ’ব ।’

জুবিন গাৰ্গৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কি ধৰণৰ পৰামৰ্শৰ আগবঢ়োৱা হৈছে ?

ঘৰলৈ যোৱাৰ পাচত জুবিন গাৰ্গে খাদ্যাভ্যাসত গুৰুত্ব দিব লাগিব । খাদ্যাভ্যাসক লৈ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিছে । ডায়েট যাতে নিয়মীয়া হয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু হাই প্ৰ’টিন ডায়েটৰ পৰা বিৰত থাকিব লাগিব । প্ৰ’টিন কম পৰিমাণে খাবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জনাই জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই ।

জুবিন গাৰ্গক কিমান জিৰণিৰ প্ৰয়োজন ?

জুবিন গাৰ্গক নিশ্চয়কৈ এতিয়া জিৰণিৰ প্ৰয়োজন আছে । এই সম্পৰ্কে জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই কয়, ‘জিৰণিৰ কথা তেওঁক পূৰ্বেও কোৱা হৈছে । তেওঁ যিহেতু বহু কামত ব্যস্ত হৈ থাকে, গতিকে তেওঁক জিৰণিৰ অতি প্ৰয়োজন । কামৰ বহুখিনি ব্যস্ততা আৰু চিন্তাৰ বাবে হঠাৎ এনেকুৱা ধৰণৰ অঘটনবোৰ ঘটে । পাচলৈ যাতে সুস্থ হৈ থাকিব পাৰে তাৰ বাবে তেওঁক এটা নিৰ্দিষ্ট নিয়ম কৰি দিয়া হৈছে ।’

উল্লেখ্য যে সকলো ঠিকেই থাকিলে কাইলৈ আগবেলাৰ ভিতৰত ঘৰলৈ যাবলৈ দিয়া হ'ব কণ্ঠশিল্পীগৰাকীক ।

লগতে পঢ়ক : হাজাৰজনৰ মৰম আৰু প্ৰাৰ্থনা : স্বাস্থ্যৰ উন্নতি ঘটিছে জুবিন গাৰ্গৰ - ZUBEEN GARG HEALTH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.