চিটাৰা ডেস্ক, 2 মে’ : লণ্ডনৰ চমু ব্যৱসায়িক ভ্ৰমণৰ পিচতে গৃহ চহৰলৈ উভতিছে বলীউডৰ ছুপাৰষ্টাৰ তথা ভাইজান ছলমান খান । অভিনেতাজন দেহৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে কালকিনা বিমানবন্দৰত উপস্থিত হৈছিল ৷ অভিনেতাগৰাকীয়ে পাপ্পাৰাজীৰ কেমেৰাত প’জ নিদি ঘৰলৈ ৰাওনা হোৱা দেখা গৈছিল ৷
ছলমান খানে তেওঁৰ দেহৰক্ষী শ্বেৰা আৰু কেইগৰাকীমান নিৰাপত্তাৰক্ষীৰ সৈতে এটা বিশেষ টাৰ্মিনেলত উপস্থিত হৈছিল ৷ তাৰ পিচতে তেওঁক কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজেৰে এখন বগা এছ ইউ ভি লৈ ততাতৈয়াকৈ লৈ যোৱা হৈছিল ৷
অভিনেতাগৰাকীয়ে এটা সাধাৰণ ক'লা টি-চাৰ্ট আৰু গাঢ় ৰঙৰ পেণ্টৰ সৈতে চামৰাৰ জেকেট পৰিধান কৰি আছিল ৷ শেহতীয়াকৈ অভিনেতাগৰাকীৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰা এটা অভিযুক্তৰ কাৰাগাৰৰ ভিতৰতেই মৃত্যু হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ৷
ছলমান খানৰ ঘৰৰ গুলীচালনা গোচৰৰ অন্যতম অভিযুক্ত অনুজ থাপনে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰা বুলি খবৰ পোহৰলৈ আহিছে যদিও পৰিয়ালৰ লোকে অনুজক আৰক্ষীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷
সূত্ৰ অনুসৰি, দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় চৌহদৰ ভিতৰত অপৰাধ শাখাৰ ভৱনত অৱস্থিত প্ৰথম মহলাৰ লকআপৰ প্ৰস্ৰাৱগাৰত বন্দুক যোগান ধৰাৰ অভিযোগত অভিযুক্তটোৱে আত্মহত্যাৰ কৰিবলৈ চেষ্টা কৰা বুলি এজন বিষয়াই সংবাদ মাধ্যমক নিশ্চিত কৰিছে । লগে লগে অভিযুক্তটোক সমীপৰ চৰকাৰী গোকুল দাস তেজপাল চিকিৎসালয়লৈ অনা হৈছিল ৷ কিন্তু চিকিৎসকে অভিযুক্তটোক মৃত বুলি ঘোষণা কৰে ।
ৰাজ্যখনৰ চিআইডিয়ে থাপানৰ মৃত্যুৰ তদন্তৰ দায়িত্ব হাতত লৈছে ৷ লগতে অপৰাধ শাখা কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা অসাৱধানতা আছিল নেকি, সেয়া তদন্ত কৰিব বুলি জানিব পৰা গৈছে ৷
ইফালে, থাপনৰ গাঁৱৰ গাঁওবুঢ়া গৰাকীয়ে মুম্বাইৰ বাহিৰত থাপনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ আহ্বান জনায় । গাঁওবুঢ়া মনোজ গোদাৰাই কয়, "পৰিয়ালটোৱে এই ঘটনাৰ ন্যায় বিচাৰিছে ৷ যিহেতু ছলমান খানৰ মুম্বাইত ক্ষমতা আছে, সেয়েহে অনুজৰ মৰণোত্তৰ পৰীক্ষা ৰাজ্যৰ বাহিৰত হ'ব লাগে" ৷
ইফালে, ছলমান খানে লণ্ডন ভ্ৰমণৰ সময়ত প্ৰখ্যাত ৱেম্বলী ষ্টেডিয়ামত ব্ৰেণ্ট নৰ্থ সমষ্টিৰ বাবে যুক্তৰাজ্যৰ সাংসদ বেৰী গাৰ্ডিনাৰক সাক্ষাৎ কৰে ।
লগতে পঢ়ক: গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firing