ETV Bharat / entertainment

কিয়াৰা-সিদ্ধাৰ্থক পেলালে ছেৰ : ইনষ্টাগ্ৰামত বিৰাট কোহলীৰ ফটোত লাইকৰ বৰষুণ - VIRAT KOHLI POST TOPS INSTA LIKES

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:05 PM IST

Virat Kohli's Instagram post : টি 20 বিশ্বকাপত চেম্পিয়ন হোৱা ভাৰতীয় দলটোৰ বিজয় উৎসৱ উদযাপনে অনুৰাগীৰ হৃদয়ত হেন্দোলনি তুলিছে ৷ দলটোৰ অন্যতম তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম পোষ্টত এতিয়া লাইকৰ বৰষুণ ৷ বিশ্বকাপ ট্ৰফীৰ সৈতে থকা খেলুৱৈগৰাকীৰ এখন ফটোৱে লাভ কৰিছে 18 নিযুতৰো অধিক লাইক ৷ যিয়ে এক নতুন অভিলেখ গঢ়াৰ লগতে বলীউডৰ তাৰকা দম্পতী কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহৰ ফটোত পোৱা লাইকৰ সংখ্যাক অতিক্ৰম কৰিছে ৷

VIRAT KOHLI POST TOPS INSTA LIKES
ইনষ্টাগ্ৰামত বিৰাট কোহলীৰ ফটোত লাইকৰ বৰষুণ (ETV Bharat Assam)

চিটাৰা ডেস্ক, 1 জুলাই : ভাৰতীয় ক্ৰিকেট দলটোৱে বিশেষকৈ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে টি 20 বিশ্বকাপত খিতাপ দখল কৰি ৰচনা কৰিছে ইতিহাস ৷ এই বিজয়ৰ অন্তত কোহলীয়ে বিশ্বকাপ ট্ৰফীৰ সৈতে উঠা এখন ফটোৱে ব্যাপক সমাদৰ লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷

ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ফটোখনে সম্প্ৰতি এক অভিলেখ গঢ়িবলৈও সক্ষম হৈছে, যি পূৰ্বে আছিল বলীউডৰ তাৰকা দম্পতী কিয়াৰা-সিদ্ধাৰ্থৰ নামত ৷ কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহৰ ফটোৱে ইনষ্টাগ্ৰামৰ সৰ্বাধিক লাইক লাভ কৰা ফটোৰ শাৰীত অন্তৰ্ভূক্ত আছিল ৷ কিন্তু টি 20 বিশ্বকাপৰ খিতাপ জয়ৰ পিচত বিৰাটে দম্পতীটোক অতিক্ৰম কৰি ইনষ্টাগ্ৰামত সৰ্বাধিক লাইক পোৱা তাৰকাত পৰিণত হৈছে ৷

লগতে পঢ়ক: Sid Kiara wedding: কিয়াৰাই পৰিধান কৰা কালীৰাৰ ওপৰতে চকু পৰিল সকলোৰে, কিন্তু কিয় জানো আহকচোন...

ক্ৰিকেটাৰগৰাকীৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে প্ৰায় 18 নিযুতৰো অধিক লাইক লাভ কৰিছে ৷ বিগত 2023 চনৰ 7 ফেব্ৰুৱাৰীত কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহৰ পোষ্টটোৱে পূৰ্বে ইনষ্টাগ্ৰামত সৰ্বাধিক লাইক লাভ কৰি অভিলেখ ৰচনা কৰিছিল ৷ দম্পতীটোৱে লাভ কৰিছিল 16.26 নিযুত লাইক ৷

পোষ্টটোৰ সৈতে বিৰাটে কৃতজ্ঞতা প্ৰকাশ কৰি লিখিছিল যে, "ইয়াতকৈ ভাল দিনৰ সপোন দেখিব নোৱাৰিলেহেতেন । ঈশ্বৰ মহান আৰু তাৰ বাবে মই কৃতজ্ঞ, মই শিৰ নত কৰি নমস্কাৰ কৰিছো । আমি অৱশেষত এইটো কৰি দেখুৱালো, জয় হিন্দ" ৷

লগতে পঢ়ক: Kiara sidharth latest photo: ৰঙা পোছাকত দিল্লী বিমানবন্দৰত দেখা গ’ল নৱদম্পতী সিদ্ধাৰ্থ কিয়াৰাক

বিগত সময়ত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ ফটোৱে লাভ কৰিছিল 13.19 নিযুত লাইক ৷ একেদৰে 2021 চনৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা বিকী কৌশল আৰু কেটৰিণা কাঈফেও তেওঁলোকৰ বিবাহৰ ছবিত লাভ কৰিছিল 12.6 নিযুতৰো অধিক লাইক ৷

কোহলীৰ ৰেকৰ্ড-ব্ৰেকিং এই পোষ্টৰ পূৰ্বে কিয়াৰা আৰু সিদ্ধাৰ্থেই ভাৰতৰ আটাইতকৈ বেছি পছন্দৰ ইনষ্টাগ্ৰাম ছবিৰ খিতাপটো দখল কৰি থৈছিল ৷ ক্ৰীড়াৰ ক্ষেত্ৰত বিৰাটৰ পূৰ্বে লিঅ’নেল মেছিয়ে 2022 চনত ফিফা বিশ্বকাপৰ বিজয় উদযাপন কৰা পোষ্টটো 75.3 নিযুত ব্যৱহাৰকাৰীয়ে লাইক কৰিছে ।

লগতে পঢ়ক: জাহীৰ কোনটো শ্ৰেণীত পৰে- গ্ৰীণ ফ্লেগ নে ৰেড ফ্লেগ ? - sonakshi praises zaheer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.