ETV Bharat / entertainment

লোকেল কুংফু 3 ৰ ট্ৰেইলাৰে উৎকণ্ঠিত কৰি তুলিছে অনুৰাগীক - LOCAL KUNG FU 3 TRAILER

author img

By ETV Bharat Entertainment Team

Published : Aug 21, 2024, 4:09 PM IST

Local Kung Fu 3 trailer: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে "লোকেল কুংফু 3" ৷ মঙলবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ ।

TRAILER AND POSTER LAUNCH OF  UPCOMING ASSAMESE FILM LOCAL KUNG FU 3
লোকেল কুংফু 3 ৰ ট্ৰেইলাৰ মুকলি (Local Kung Fu Team)

গুৱাহাটী, 21 আগষ্ট : অসমীয়া চিনেমাত এক অনন্য আস্বাদনৰ অভিষেক ঘটোৱা লোকেল কুংফুৰ অভূতপূৰ্ব সফলতাৰ প্ৰায় এটা দশকৰ পিচত পুনৰ দৰ্শকক একেধৰণৰ আস্বাদনেৰে মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে কেনী বসুমতাৰী আৰু তেওঁৰ দল । লোকেল কুংফু 1 আৰু লোকেল কুংফু 2 ৰ ধাৰাবাহিক সফলতাৰ পিচত অহা 5 ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে "লোকেল কুংফু 3" ।

কেনি বসুমতাৰীৰ ভাষ্য (Local Kung Fu Team)

মঙলবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত ছবিখনৰ পোষ্টাৰ উন্মোচন তথা ট্ৰেইলাৰ মুকলি কৰা হয় । এই নতুন অসমীয়া ছবিখনৰ সন্দৰ্ভত অভিনেতা তথা ছবি পৰিচালক কেনী বসুমতাৰীয়ে কয়, ‘‘লোকেল কুংফু 1 যেতিয়া আমি আৰম্ভ কৰিছিলো তেতিয়া আমি ভবা নাছিলো যে ৰাইজে আমাক ইমান মৰম দিব, ইমানকৈ আঁকোৱালি ল'ব । লোকেল কুংফু 1 ৰ প্ৰতিটো জনপ্ৰিয় চৰিত্ৰ বঞ্জো, দুলু, তানসেন, মণ্টু দা, চাৰ্লি এই আটাইকেইটা চৰিত্ৰ 'লোকেল কুংফু 3' নতুন ৰূপত দৰ্শকে দেখিবলৈ পাব । ছবিখনে শিক্ষক দিৱসৰ দিনা মুক্তি লাভ কৰিব । ছবিখনত শিক্ষক-ছাত্ৰৰ সম্পর্কটো আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক । সকলো বয়সৰ লোকে ছবিখন চাব পাৰিব ।’’

Local kungfu3
লোকেল কুংফু 3ৰ কলা-কুশলী (Local Kung Fu Team)

লগতে পঢ়ক : লোকেল কুং ফুৰ বঞ্জোক মনত আছে নে ?

লগতে ছবিখনৰ দৃশ্যগ্ৰহণ সন্দৰ্ভত বসুমতাৰীয়ে কয়, ‘‘ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ গুৱাহাটীতে কৰা হৈছে । লোকেল কুংফু 1 ৰ জনপ্ৰিয় চৰিত্ৰসমূহৰ লগতে এইবাৰ আমাৰ লগত আছে ৰিম্পী দাস ।’’ লোকেল কুংফু 1ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কুংফু 3 ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে । লগতে 'লোকেল কুংফু 3' ত পুৰণি চৰিত্ৰসমূহৰ লগতে এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু তানসেনৰ বিগ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৱে অভিনয় কৰিছে ।

আনহাতে লোকেল কুংফু 2ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিচত এতিয়া লোকেল কুংফু 3 ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই । তেওঁৰ শিক্ষাৰ্থীসকলৰ ভিতৰত আছে আদৃতা পৰশা মহন্ত আৰু নৱাগতা ফাৰেণ্যা কাশ্যপ অন্যতম । ইফালে কেনী বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহৰ তুলনাত অভিলাসী সংগীতৰ পয়োভৰ এই ছবিখনত দেখা গৈছে । ছবিখনত মুঠ 8 টা গীত সন্নিৱিষ্ট কৰা হৈছে, য’ত কণ্ঠ নিগৰাইছে আচুৰ্য বৰপাত্ৰ, শ্বাশ্বতী ফুকন, নীল আকাশ, ৰাজ জে কোঁৱৰ আৰু অম্বৰ দাসৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীয়ে ।

ইয়াৰ উপৰিও লোকেল কুংফু 3 ত কণ্ঠ নিগৰাইছে শ্বেডী মেল’, জনম কাশ্যপ, স্নেহা আৰু শ্ৰুতি শৰ্মাৰ দৰে উদীয়মান কণ্ঠশিল্পীসকলে । আনহাতে, বনী দেউৰীৰ প্ৰথম হিট গীত "নম্বাৰ ৱান আণ্ডাৰ-18 ডন ইজ বঞ্জো" ৰ বিপুল সফলতাৰ পিচত এইবাৰ প্ৰস্তুত কৰি উলিওৱা হৈছে "আই এম গ’ন্না গিভ ধুলাই" শীৰ্ষক এটা বিশেষ ট্ৰেক ।

ছবিখনত দৃশ্যগ্ৰহণৰ কাম কৰিছে সূৰুজ ডেকাই, আনহাতে লাইন প্ৰযোজক হিচাপে আছে অনুপম বৈশ্য । একেদৰে প্ৰডাকশ্যন মেনেজাৰ হিচাপে আছে বিভাস সিনহা আৰু আটক ধুনীয়াকৈ আৱহ সংগীত পৰিচালনা কৰিছে টোনী দেউৰী বসুমতাৰী তথা ডেৰিক ক’ৰেইয়াই । ছবিখনত আনমোল ৰাজ শইকীয়াই মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু বিশ্ব কলিতাই মেক-আপ বিভাগৰ নেতৃত্ব দিছে । জ্যোতি শংকৰ ভট্টাচাৰ্যই কলা নিৰ্দেশনা, শ্যামল দাসে কালাৰ গ্ৰেডিং আৰু প্ৰেম ৰাভাই সাজ-সজ্জাৰ তদাৰক কৰিছে । লোকেল কুংফু 3 ৰ দলে প্ৰকাশ কৰা মতে, লোকেল কুংফু 1ৰ সমগ্ৰ বাজেটৰ দুগুণ খৰচ এই ছবিখনত কেৱল সাজ-সজ্জাৰ বাবেই কৰা হৈছে, যিটো পৰ্দাত স্পষ্টভাৱে প্ৰতিফলিত হৈছে । ছবিখনৰ প্ৰচাৰ ডিজাইনত আছে অভিজিৎ লস্কৰ আৰু তন্ময় কাকতি ।

লগতে পঢ়ক : লোকেল কুংফু ৩-ৰ নতুন গীত মুকলি - Local Kung Fu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.