চিটাৰা ডেস্ক, 30 মাৰ্চ : তামিল চলচ্চিত্ৰ জগতৰ পৰা আহিছে এক দুখৰ খবৰ । মাত্ৰ 48 বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতা ডেনিয়েল বালাজীৰ । যোৱা 29 মাৰ্চৰ দিনা চেন্নাইত মৃত্যু হয় অভিনেতাগৰাকীৰ ৷
জানিব পৰা মতে, 29 মাৰ্চৰ দিনা হঠাৎ অভিনেতাগৰাকীয়ে বুকুৰ বিষ অনুভৱ কৰে ৷ তাৰ পাচতে তেওঁক ততাতৈয়াকৈ চেন্নাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসধীন অৱস্থাতে মৃত্যু হয় অভিনেতাগৰাকীৰ । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ চলচ্চিত্ৰ জগতক ৷ আজি (30 মাৰ্চ) তামিল চলচ্চিত্ৰ জগতৰ তাৰকা আৰু প্ৰযোজকসকলে অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।
উল্লেখ্য যে, ডেনিয়েল বালাজীয়ে তামিল চিনেমা জগতত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল । গৌতম মেনন আৰু কমল হাছানৰ বৈত্তীয়াদু বিলয়াদু ছবিত অমুধন নামৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান ছ’চিয়েল মিডিয়াতো ডেনিয়েলৰ অনুৰাগীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ চলচ্চিত্ৰ পৰিচালক মোহন ৰাজাই তেওঁৰ এক্স(X) একাউণ্টত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পোষ্ট শ্বেয়াৰ কৰিছে ।
সকলোৰে জ্ঞাত যে, বালাজীয়ে কমল হাছানৰ কেতিয়াও সম্পূৰ্ণ নোহোৱা সপোনৰ প্ৰজেক্ট মৰুৰধুনায়াগমৰ জৰিয়তে প্ৰডাকচন মেনেজাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁ চিত্তী নামৰ চৰিত্ৰৰ জৰিয়তে টিভি জগতত স্বীকৃতি লাভ কৰিছিল ।
টিভিত তেওঁ ডেনিয়েল নামৰ খলনায়কৰ চৰিত্ৰৰেও জনাজাত হৈছিল ৷ তাৰ পিচত তেওঁ ডেনিয়েল বালাজীৰ চৰিত্ৰত জনপ্ৰিয়তা লাভ কৰিছিল । ২০২২ চনত তেওঁ তামিল ছবি এপ্ৰিল মাধথিলৰ জৰিয়তে আত্মপ্ৰকাশ কৰে ।
লগতে পঢ়ক : আলিয়াৰ ডিঙিত 20 কোটিৰো অধিক মূল্যৰ নেকলেচ - Alia Bhatt Instagram