ETV Bharat / entertainment

প্ৰেম আছে কিন্তু মানুহৰ আগত নহয়, চকুৰ আঁৰতহে - aryan khan rumoured gf

Aryan Khan Rumoured Gf: শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আৰু তেওঁৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা লাৰিছা বনেছি একেটা অনুষ্ঠানতে উপস্থিত হয় পৃথকে পৃথকে ৷ চাগে দুয়োৱে বিচৰা নাছিল যে পাপাৰাজ্জীয়ে তেওঁলোকক একেলগ ক্লিক কৰক ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 3:11 PM IST

SRK's Son Aryan Khan and Rumoured Gf Larissa Bonesi Arrive at Same Event Separately to Avoid Getting Clicked Together - Watch
আৰিয়ান খান- লাৰিছা বনেছি (ANI/ Larissa Bonesi Instagram handle)

চিটাৰা ডেস্ক, 8 জুলাই : আৰিয়ান খানক দেওবাৰে এটা অনুষ্ঠানত উপস্থিত হোৱা দেখা যায় । কিন্তু কথাটো তেতিয়াহে চৰ্চালৈ আহে, যেতিয়া অলপ পিচত তেওঁৰ প্ৰেমিকা বুলি চৰ্চিত লাৰিছা বনেছিও নিজৰ বন্ধুবৰ্গৰ সৈতে উপস্থিত হয় । তেওঁলোকৰ মাজত কি চলি আছে তাকে জানিবলৈ উৎকণ্ঠা নেটিজেন আৰু পাপাৰাজ্জীৰ ।

আৰিয়ান খান (Video source: ANI)

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ব্ৰাজিলিয়ান মডেল-অভিনেত্ৰী লাৰিছা বনেছিৰ সৈতে ডেট কৰি আছে বুলি বাতৰি প্ৰকাশ হৈ আছে । দেওবাৰে লাৰিছাক কেইবাগৰাকীও চেলেব্ৰিটীৰ সৈতে এটা অনুষ্ঠানত দেখা যায় য’ত আৰিয়ান খানো উপস্থিত হয় । দুয়োৱে দেওবাৰে নিশা একেটা অনুষ্ঠানত উপস্থিত থাকি সকলোৰে মনোযোগ আকৰ্ষণ কৰে ।

খানে লাৰিছা বনেছিৰ সৈতে ডেট কৰাৰ খবৰ ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ পিচৰে পৰা নেটিজেনসকলৰ কৌতুহল বাঢ়িছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু পাপাৰাজ্জীয়ে তেওঁলোকৰ সম্পৰ্কক লৈ বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে । ৭ জুলাইত মুম্বাইত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দুয়োৰে পৃথক পৃথক উপস্থিতিয়ে বাতৰিত অধিক ইন্ধন যোগাইছে ৷

তাৰকাভৰ্তি অনুষ্ঠানটোত দুয়োকে পৃথকে প্ৰৱেশ কৰা দেখা যায় । খানে অনুষ্ঠানটোৰ বাবে এটা সাধাৰণ ক'লা টি-চাৰ্ট আৰু আৰ্মি পেণ্ট পিন্ধে । নীলা ডেনিম জেকেট আৰু ৰূপালী ৰঙৰ জোতাৰে তেওঁ লুকটো সম্পূৰ্ণ কৰে । আনহাতে লাৰিছাই এটা ক'লা টু-পিচ ছেট পিন্ধি আহিছিল । মজলীয়া দৈৰ্ঘৰ ডেনিম জেকেট আৰু বুটছৰ সৈতে এই লুকটো সম্পূৰ্ণ কৰে লাৰিছাই ৷ বন্ধুবৰ্গৰ সৈতে অনুষ্ঠানস্থলীলৈ আহে লাৰিছা ৷

ছোহেইল খানৰ পুত্ৰ নিৰ্বাণ খানকো দেখা যায় উক্ত অনুষ্ঠানত । তেওঁৰ লগত আছিল কিল খ্যাত অভিনেতা লক্ষ্য । নিখিল নাগেশ ভাটৰ পৰিচালনা আৰু কৰণ জোহৰ, গুনীত মংগা, অপূৰ্ব মেহতা, অচিন জৈনৰ সহ-প্ৰযোজনাত নিৰ্মিত হৈছে কিল । অনুষ্ঠানত তেওঁৰ সহ-অভিনেতা ৰাঘৱ জুয়ালো উপস্থিত থাকে ।

বাদশ্বাহৰ জ্যেষ্ঠ পুত্ৰই অভিনয়ৰ সলনি চলচ্চিত্ৰ নিৰ্মাণত গুৰুত্ব দি তেওঁৰ পিতৃৰ তুলনাত বেলেগ পেছাদাৰী পথ বাছি লৈছে । তেওঁ অনলাইন চিৰিজ ষ্টাৰডমৰ জৰিয়তে পৰিচালনাত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, যাৰ এতিয়া প্ৰযোজনা চলি আছে ।

লগতে পঢ়ক : Aryan Khan: ৱেব ছিৰিজৰ জৰিয়তে বলীউডত ভৰি দিব আৰিয়ান খানে; কি হ’ব শিৰোনাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.