ETV Bharat / entertainment

শক্তিশালী পিতৃও যিটো ক্ষণত আৱেগিক হৈ পৰে কন্যাৰ আগত - Sonakshi Sinha Kanyadaan

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:59 PM IST

Sonakshi Sinha Kanyadaan: বলীউডৰ অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিবাহৰ অভ্যৰ্থনাৰ ফটোৱে ভৰি আছে এইকেইদিন ছ’চিয়েল মিডিয়া ৷ শুভাকাংক্ষীৰ শুভেচ্ছাৰ লগতে অৱশ্যে যথেষ্ট ঋণাত্মক মন্তব্যও দেখিবলৈ পোৱা গৈছে ৷ পিছে ইমানৰ মাজতে শেহতীয়া এখন ফটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে-

ETV BharatShatrughan Sinha-Poonam doing Sonakshi Sinha Kanyadaan, SEE Viral photo
সোনাক্ষী সিনহাৰ বিবাহৰ অভ্যৰ্থনাৰ ফটো (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : 23 জুনত সাত বছৰীয়া প্ৰেমক সামাজিক স্বীকৃতি দিয়ে সোণাক্ষী-জাহীৰে ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত বিবাহ পঞ্জীয়ন কৰে তেওঁলোকে ৷ নৱ-বিবাহিত দম্পতীয়ে নিজৰ যুগ্ম জীৱনৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱগত কৰে । তাৰ পিচত তেওঁলোকে আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ৷ সেই অনুষ্ঠানৰ পৰা বিভিন্ন ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । শেহতীয়াকৈ সোণাক্ষী সিনহাৰ কন্যাদানৰ ছবি পোহৰলৈ আহিছে ।

ভাইৰেল হোৱা ছবিখনত শত্ৰুঘ্ন সিন্হা, পুনম সিন্হা, সোণাক্ষী আৰু জাহীৰ ইকবালক দেখা গৈছে । ফটোখনত শত্ৰুঘ্ন আৰু পুনমে কন্যা সোণাক্ষীৰ কন্যাদান কৰা দেখিবলৈ পোৱা গৈছে । এই নিয়ম সম্পূৰ্ণ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ আৱেগিক হৈ পৰে । তেওঁলোকৰ মুখত আৱেগ স্পষ্টকৈ পৰিলক্ষিত হৈছে ।

ৰেজিষ্টাৰ বিবাহৰ বাবে সোণাক্ষী সিনহা-জাহীৰ ইকবালে বাছি লৈছিল বগা আৰু সোণালী ৰঙৰ বিবাহ সাজ । আনহাতে বিয়াৰ অভ্যৰ্থনাৰ বাবে সোণাক্ষীয়ে ৰঙা পোচাক বাছি লয় । কপালত ৰঙা ফোঁট, সেন্দুৰ আৰু ৰঙা শাৰীৰ সৈতে কইনাৰ ৰূপত অভিনেত্ৰীগৰাকীয়ে সকলোৰে হৃদয় জুৰাইছিল । বগা ৰঙৰ কুৰ্তা-পায়জামা পিন্ধা জাহীৰকো যথেষ্ট ধুনীয়া দেখা গৈছিল ।

সোণাক্ষী সিনহা-জাহীৰ ইকবালৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ দিনটোত ছলমান খান, অনিল কাপুৰ, ৰেখা, অদিতি ৰাও হাইদৰী-সিদ্ধাৰ্থ, ছাইৰা বানু, কাজল, হুমা কুৰেশ্বী, ৰিছা চাড্ডা আদি বহুতো বলীউডৰ চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰি নিজৰ শুভাশিস যাচে । ভাইৰেল হোৱা ফটো, ভিডিঅ’ দেখি অনুমান কৰিব পাৰি যে পাৰ্টি বহুত আমোদ আৰু মজাৰে ভৰপূৰ আছিল । প্ৰেমৰ চিৰদিনীয়া মিলন উদযাপন কৰা দৰা-কইনাক দেখি আটাইতকৈ সুখী যেন লাগিল ।

লগতে পঢ়ক : বিয়াৰ পিচত প্ৰথমবাৰলৈ যুটীয়া নৃত্যৰে অতিথিৰ আগত নৱ-দম্পতী - Sonakshi Zaheer Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.