ETV Bharat / entertainment

জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ, সপ্তমবাৰৰ বাবে জাৰি নন-বেইলেবল ৱাৰেণ্ট - Non bailable Jaya Prada

Jaya Prada Case: সপ্তমবাৰৰ বাবে আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পাৰেৱানা জাৰি কৰাৰ পিচতো শুনানিৰ বাবে আদালতত উপস্থিত নহ’ল জয়াপ্ৰদা । আচৰণ বিধি উলংঘাৰ সৈতে জড়িত দুটা গোচৰত ‘পলাতক’ হৈ আছে অভিনেত্ৰীগৰাকী ।

Seventh Non-bailable warrant issued against actress Jaya Prada
জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:12 PM IST

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: ৰামপুৰৰ এক স্থানীয় আদালতে অভিনেত্ৰী-ৰাজনীতিবিদ জয়াপ্ৰদাক আটক কৰি ২৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে । জ্যেষ্ঠ আইনী বিষয়া অমৰনাথ তিৱাৰীয়ে কয় যে সপ্তমবাৰৰ বাবে জয়াপ্ৰদাৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰাৰ পিচতো সোমবাৰে শুনানিৰ বাবে আদালতত উপস্থিত নহ’ল ।

এতিয়া আদালতে আৰক্ষী আয়ুক্তক বিশেষ দল গঠন কৰি জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছে । উল্লেখ্য যে, অভিনেত্ৰীগৰাকীক আচৰণ বিধি উলংঘাৰ সৈতে জড়িত দুটা গোচৰত ‘পলাতক’ বুলি কোৱা হৈছে ।

সম্পূৰ্ণ ঘটনাটো কি ?

আচলতে জয়প্ৰদাই ২০১৯ চনত ৰামপুৰৰ পৰা লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ নিৰ্বাচনৰ সময়ত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি দুটা পৃথক গোচৰ ৰুজু হৈছিল । এই গোচৰসমূহ ৰামপুৰৰ এমপি/এমএলএ আদালতত চলি আছে । কিন্তু নিৰ্ধাৰিত তাৰিখত শুনানিৰ বাবে আদালতত হাজিৰ হোৱা নাছিল জয়াপ্ৰদা, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ইটোৰ পিচত সিটোকৈ জামিনহীন ৱাৰেণ্ট জাৰি কৰা হৈছিল । অৱশ্যে ইয়াৰ পিচতো জয়প্ৰদা আদালতত উপস্থিত নহ’ল ।

জয়প্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতলৈ অনাৰ নিৰ্দেশ

ইয়াৰ পূৰ্বেও আদালতে আৰক্ষী আয়ুক্তক এখন পত্ৰ লিখি জয়প্ৰদাক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰিবলৈ কৈছিল । কিন্তু ৰামপুৰ আৰক্ষীৰ দলটোৱে জয়প্ৰদাক আদালতত হাজিৰ কৰাব নোৱাৰিলে আৰু পুনৰবাৰ আদালতে জয়াপ্ৰদাৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিছে । এতিয়া ৰামপুৰ আৰক্ষীয়ে জয়প্ৰদাক বিচাৰিছে ।

ইয়াৰ পূৰ্বেও জয়াপ্ৰদা আদালতত উপস্থিত হোৱা নাছিল

জ্যেষ্ঠ অভিযুক্ত বিষয়া অমৰনাথ তিৱাৰীয়ে কয় যে জয়প্ৰদাৰ বিৰুদ্ধে ২০১৯ চনত এমপি/এমএলএ বিশেষ আদালত (দণ্ডাধীশ বিচাৰ)ত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে এটা কেমৰি থানাত আৰু আনটো স্বৰ থানাত গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ সাক্ষ্যও সম্পূৰ্ণ হৈছে আৰু জয়াপ্ৰদাৰ বক্তব্য এতিয়াও বিচাৰাধীন হৈ আছে । পূৰ্বৰ তাৰিখতো আদালতে NBW জাৰি কৰিছিল আৰু ১৩ ফেব্ৰুৱাৰীৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল । কিন্তু অভিনেত্ৰীগৰাকী আকৌ এবাৰ আদালতত উপস্থিত নহ’ল ।

সপ্তম বাৰৰ বাবে NBW জাৰি কৰিছে

এতিয়া আদালতে পুনৰ জয়প্ৰদাৰ বিৰুদ্ধে NBW জাৰি কৰি পৰৱৰ্তী তাৰিখ ২৭ ফেব্ৰুৱাৰী হিচাপে ৰাখিছে । এইবাৰ সপ্তমবাৰৰ বাবে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতে NBW জাৰি কৰিছে ।

লগতে পঢ়ক: সুকেশ চন্দ্ৰ শেখৰৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্তৰ কাষ চাপিছে জেকলিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.