ETV Bharat / entertainment

কাষত পত্নী, সন্মুখত ছিলভাৰ স্ক্ৰীণতো একেই চেহেৰা : কেনে অনুভৱ ৰণবীৰৰ ? - Ranveer Singh praises deepika

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 11:23 AM IST

Ranveer Singh Cheers Deepika: কল্কি ২৮৯৮ এডিত দীপিকা পাডুকনৰ সুন্দৰ প্ৰদৰ্শন দেখি অভিভূত হৈ পৰে ৰণবীৰ ৷ মুক্তিৰ এসপ্তাহৰ পিচত স্বামী-স্ত্ৰী দুয়ো যায় মুভী ডেটলৈ ৷ ছবিগৃহৰ পৰা ওলাই অহাৰ পিচত ৰণবীৰৰ মুখত দেখা গ’ল এক মিচিকিয়া হাঁহি ৷

Ranveer Singh Cheers Deepika Padukone's Stellar Performance in Kalki 2898 AD Post Movie Date - Watch
দীপিকা পাডুকন-ৰণবীৰ সিং ((ANI image))

চিটাৰা ডেস্ক, 3 জুন : ৰণবীৰ সিঙে কেতিয়াও লেডীলাভ দীপিকা পাডুকনৰ প্ৰশংসা কৰাৰ সুযোগ এৰি নিদিয়ে । শীঘ্ৰেই পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব দুই তাৰকাই ৷ অন্তসত্বা অৱস্থাতো শেহতীয়াকৈ মুক্তি পোৱা কল্কি ২৮৯৮ এডিৰ বাবে যথেষ্ট ব্যস্ত আছিল দীপিকা ৷ মুক্তিৰ এসপ্তাহৰ পিচত নিজৰ ব্যস্ত সময়সূচীৰ পৰা কিছু সময় উলিয়াই দুই তাৰকা স্বামী-স্ত্ৰী পায়গৈ চিনেমা হল ৷ দুয়োৰে স্পেচিয়েল মুভী ডেট উদযাপন কৰাৰ বাবে ৷

Ranveer Singh Cheers Deepika Padukone's Stellar Performance in Kalki 2898 AD Post Movie Date - Watch
ৰণবীৰ সিঙৰ অনষ্টাগ্ৰাম ষ্ট’ৰী ((Ranveer Singh Instagram Story))

চিনেমা হলত প্ৰৱেশ কৰাৰ লগে লগে আনন্দেৰে উজ্বল হৈ উঠে দুয়োৰে চেহেৰা ৷ ছবিখন চাই ওলাই অহাৰ পিচত ৰণবীৰ জিলিকি উঠে ৷ মানে পত্নীৰ কামত গৌৰাৱান্বিত স্বামী ৷ থিয়েটাৰৰ বাহিৰত ৰৈ থকা পাপাৰাজ্জীয়ে তেওঁলোকক কেমেৰাত বন্দী কৰে । ছবিখন চোৱাৰ পিচত সিঙে ইনষ্টাগ্ৰামত ছবিখন আৰু ছবিখনৰ তাৰকাসকলক প্ৰশংসা কৰি এটা ষ্ট’ৰী দিয়ে ৷ ষ্ট’ৰীটোত পত্নী দীপিকা পাডুকনক একবাৰে শেষত মৰমেৰে উপচাই পেলায় ৷

চিনেমাখন চাই হাতত হাত ধৰি থিয়েটাৰৰ পৰা ওলাই আহে ৰণবীৰ-দীপিকা ৷ ফটোগ্ৰাফাৰসকলৰ সৈতে ৰণবীৰেও হাত চাপৰি বজাই চিনেমাখনত দীপিকাৰ ভূমিকাক প্ৰশংসা কৰে । নাগ অশ্বিনৰ পৰিচালনাৰ বিষয়ে তেওঁৰ কেনে অনুভৱ হৈছে বুলি সোধাত এখন বৃহৎ চিনেমা বুলি ইংগিত দি ৰণবীৰে উত্তৰ দিলে, "টু গুড !" ।

লগতে পঢ়ক : এইবাৰ ৰজনীকান্তৰ মুখতো কল্কি 2898 ADৰ গুণগান : ক’লে- এতিয়া মাথো দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা... - Kalki 2898 AD

সিঙে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত দীপিকাৰ অভিনয়ৰ বিশেষ উল্লেখ কৰি দীঘলীয়াকৈ ষ্ট’ৰী দিয়ে ৷ ছবিখনক “কবিতা আৰু শক্তি”ৰ সৈতে তুলনা কৰে তেওঁ । তেওঁ চিনেমাখনৰ কাৰিকৰী দক্ষতাক প্ৰশংসা কৰি কয়, "! ডাঙৰ পৰ্দাৰ চিনেমাৰ অৰ্থ এইটোৱেই ! কাৰিকৰী ক্ষেত্ৰত এক অভাৱনীয় স্তৰৰ সূক্ষ্মতা । ভাৰতীয় চিনেমাৰ অতি শ্ৰেষ্ঠ ছবি । নাগী ছাৰ আৰু দললৈ অভিনন্দন !"

ছবিখনত অমিতাভ বচ্চন, কমল হাছান আৰু প্ৰভাসৰ অভিনয়ক লৈ গৌৰৱ কৰা হৈছে । সিঙে তেওঁৰ পৰ্যালোচনাত কমল হাছানক “চিৰদিনৰ বাবে সৰ্বোচ্চ” বুলি মন্তব্য কৰি প্ৰতিগৰাকী তাৰকাকে বিশেষধৰণে প্ৰশংসা কৰে । তেওঁ লিখিছে, "ৰেবেল ষ্টাৰ ৰকছ ! @actorprabhas উলাগানায়াগান চিৰদিনৰ বাবে সৰ্বোচ্চ ! @ikamalhaasan আৰু যদি আপুনি মোৰ দৰে ডাই-হাৰ্ড অমিতাভ বচনৰ অনুৰাগী... আপুনি এই ছবিখন নোচোৱাকৈ থাকিব কৰিব নোৱাৰে ! @amitabhbachchan ।"

কিন্তু নেটিজেনে ভাল পোৱা আটাইতকৈ আকৰ্ষণীয় কথাটো আছিল পত্নী দীপিকাৰ প্ৰতি তেওঁৰ মৰম । সিঙে লিখিছে, "মোৰ বেবী @deepikapadukone ৰ কথা ক'বলৈ গ'লে... তুমি তোমাৰ কৃপা আৰু মৰ্যাদাৰে প্ৰতিটো মুহূৰ্তক উন্নীত কৰিছা । এনে মৰ্মান্তিকতা, ইমান কবিতা, ইমান শক্তি । তুমি তুলনাৰ বাহিৰত.. মই তোমাক ভাল পাওঁ" ৷

বছৰটোৰ অন্যতম প্ৰত্যাশিত ছবি কল্কি ২৮৯৮ এডিয়ে বক্স অফিচত একাধিক অভিলেখ ভংগ কৰিবলৈ আগবাঢ়িছে । সমালোচকৰ পৰা সমালোচনা পোৱাৰ উপৰিও ছবিখনে দেশ-বিদেশে প্ৰশংসিত হৈছে ৷

লগতে পঢ়ক : ৫ দিনতে ভংগ কৰিলে ৰেকৰ্ড; বাহুবলীকো চেৰ পেলাব নেকি কল্কি 2898 AD য়ে - Kalki 2898 AD Box Office Collection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.