ETV Bharat / entertainment

বিদেশতো দেশী গাৰ্ল প্ৰিয়ংকাই পাহৰা নাই ভাৰতীয় ঘৰুৱা উপায় : চাওক নহৰুক কিদৰে কৰিলে ব্যৱহাৰ - Priyanka Chopra

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:48 PM IST

Priyanka Chopra Home Remedy with Garlic: বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই নিজৰ অনুৰাগীক নহৰুৰ দ্বাৰা বিষ উপশম কৰিব পৰা এটি সহজ ঘৰুৱা উপায়ৰ বিষয়ে কয়, যিটো যিকোনো ব্যক্তিৰ বাবে উপকাৰী হ’ব পাৰে । চাওক ভিডিঅ’-

Priyanka Chopra rubs garlic on foot on The Bluff set actress explains benefits Watch
বিদেশতো দেশী গাৰ্ল প্ৰিয়ংকাই পাহৰা নাই ভাৰতীয় ঘৰুৱা উপায়; চাওক নহৰুক কিদৰে কৰিলে ব্যৱহাৰ (INSTAGRAM)

চিটাৰা ডেস্ক, 27 জুন: গ্ল’বেল ষ্টাৰ তথা বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰা বৰ্তমান অষ্ট্ৰেলিয়াত তেওঁৰ আন এখন হলিউড ছবি ‘দ্য ব্লাফ’ৰ শ্বুটিঙত ব্যস্ত থকা বুলি জানিব পৰা গৈছে । প্ৰিয়ংকা চোপ্ৰাই নিয়মিতভাৱে ‘দ্য ব্লাফ’ৰ চেটত নিজৰ পৰিয়াল আৰু নিজৰ আঘাতৰ ছবি শ্বেয়াৰ কৰি আছে ।

একে সময়তে শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জ’নাছক দ্য ব্লাফৰ চেটত ফোন কৰি তেওঁৰ সৈতে ৰোমান্টিক হৈ পৰা দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াতো তেওঁৰ ছবি শ্বেয়াৰ কৰিছে । একে সময়তে দৰ্শকৰ অধিকাংশ মনোযোগ প্ৰিয়ংকা চোপ্ৰাৰ ভিডিঅ’লৈ গৈছে, য’ত তেওঁ নহৰুৰ এটাৰ পিচটো আনটো উপকাৰিতাৰ বিষয়ে কৈ গৈছে ।

প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা শেহতীয়া পোষ্টটোত প্ৰথমখন ছবিত তেওঁৰ স্বামীৰ সৈতে দেখা গৈছে । নিকে প্ৰিয়ংকাক সাৱটি ধৰা দেখা গৈছে ।

আনহাতে, পৰৱৰ্তী ছবিখনত নিকক তেওঁৰ কন্যা মালতী আৰু পেট্ৰ’লৰ চৰিত্ৰ (কাৰ্টুন)ৰ সৈতে দেখা গৈছে । প্ৰিয়ংকা চোপ্ৰাৰ আঘাতপ্ৰাপ্ত ভৰি দুখন পৰৱৰ্তী ভিডিঅ'ত দেখা গৈছে আৰু এই পোষ্টটোত প্ৰিয়ংকাকো দেখা গৈছে বন্ধু-বান্ধৱীৰ সৈতে ।

নহৰুৰ উপকাৰিতা

পোষ্টটোৰ শেষৰ ভিডিঅ’টোত প্ৰিয়ংকা চোপ্ৰাই নিজৰ ভৰিৰ তলুৱাত নহৰু ঘঁহি থকা দেখা গৈছে । দ্য ব্লাফ ছবিৰ চেটত আঘাতপ্ৰাপ্ত প্ৰিয়ংকা চোপ্ৰাই নহৰু ঘঁহি ভৰিৰ বিষ কমোৱা দেখা গৈছে । এজন অনুৰাগীয়ে যেতিয়া আপুনি ভৰিৰ তলুৱাত নহৰু কিয় ঘঁহিছে বুলি সোধাত, তেতিয়া উত্তৰ আছিল যে ই আমাৰ শৰীৰৰ প্ৰদাহ, বিষ আৰু জ্বৰ দূৰ কৰাত সহায় কৰে ।

উল্লেখ্য যে, এতিয়া ছচিয়েল মিডিয়াত দেশী গাৰ্লৰ এই দেশী স্বাস্থ্যৰ কিটিপ বিদেশত যথেষ্ট ভাইৰেল হৈ পৰিছে । ফ্ৰেংক ই ফ্লাৱাৰ্ছৰ ছবি দ্য ব্লাফৰ শ্বুটিঙত ব্যস্ত প্ৰিয়ংকা চোপ্ৰা ৷

লগতে পঢ়ক: "অল আইজ অন ৰাফাহ" আন্দোলনলৈ ছিলভাৰ স্ক্ৰীণৰ তাৰকাৰ সমৰ্থন - All Eyes On Rafah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.