ETV Bharat / entertainment

মুম্বাই এৰিলে প্ৰিয়ংকা চোপ্ৰা, মালতি আৰু নিক জোনাছে - Priyanka Chopra - PRIYANKA CHOPRA

Priyanka Chopra : ঘৰমুৱা হ’ল প্ৰিয়ংকা চোপ্ৰা, মালতি আৰু নিক জোনাছ ৷ মুম্বাই বিমানবন্দৰত মালতিক কোচত লৈ যোৱা অৱস্থাত দেখা গ’ল প্ৰিয়ংকাক ৷ আনহাতে নিকে পাপাৰাজীক শব্দ নকৰিবলৈ অনুৰোধ কৰিছিল ।

Priyanka Chopra
মুম্বাই এৰিলে প্ৰিয়ংকা চোপ্ৰা, মালতি আৰু নিক জোনাছে
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 12:30 PM IST

Updated : Mar 31, 2024, 1:24 PM IST

চিটাৰা ডেস্ক, 31 মাৰ্চ : মুম্বাই বিমানবন্দৰত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা, সন্তান মালতি আৰু স্বামী নিক জোনাছ দেখা যায় ৷ শেহতীয়াকৈ প্ৰিংকাই স্বামী আৰু সন্তানক লগত লৈ নিজ গৃহভূমিলৈ আহিছিল ৷ ইতিমধ্যে পৰিয়ালটোৰ অসংখ্য ছবি আৰু ভিডিঅ'ই সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে ৷

এগৰাকী অনুৰাগীৰ একাউণ্টৰ পৰা প্ৰিয়ংকাই তেওঁলোকৰ গাড়ীৰ পৰা নামি অহাৰ সময়ত মালতীক কোচত লৈ আহি থকা অৱস্থাত এটা ভিডিঅ’ আপলোড কৰিছিল ৷ আনহাতে নিক জোনাছে ফটোগ্ৰাফাৰসকলক মালতিয়ে যাতে ভয় নাখায় সেইবাবে লাহেকৈ কথা পাতিবলৈ ইংগিত দিছিল ৷

পাপাৰাজীয়ে পোষ্ট কৰা ভিডিঅ'টোত, প্ৰিয়ংকাই মালতিক মৰমেৰে কোচত লৈ অহা দেখা গৈছে । পিচত, যেতিয়া নিক আৰু প্ৰিয়ংকাই ফটোগ্ৰাফাৰসকলৰ মুখামুখি হ'ল ৷ তেতিয়া নিকে মালতিক কপালতো চুমা খায় । তিনিওজনে ভাৰতত হোলী উদযাপন কৰিবলৈ আহিছিল ৷

প্ৰিয়ংকাই একৰঙী পোছাক, বেইজ ট্ৰাউজাৰ, জোতা আৰু এটা ক্ৰীম হুডি পিন্ধি আছিল । নিকে সেউজীয়া ট্ৰাউজাৰ, বগা ট্ৰেইনাৰ্ছ আৰু ক'লা টি-চাৰ্ট পিন্ধি আহিছিল । নিকৰ লগত এটা বেগ আছিল । মালতিয়ে গোলাপী পোছাক পিন্ধি আছিল আৰু প্ৰিয়ংকাই মালতিক এখন শ্ব’ল পিন্ধাই লৈ আহিছিল ৷

প্ৰিয়ংকা, নিক আৰু মালতীক শনিবাৰে মুম্বাইত পৰম্পৰাগত পোছাক পিন্ধি থকা দেখা গৈছিল। প্ৰিয়ংকাই এখন ৰঙা শাৰী পিন্ধি আছিল । নিকে বেইজ ৰঙৰ ব্লেজাৰ আৰু বগা পায়জামা পিন্ধি আছিল ৷ মালতীক ৰঙা স্কাৰ্ট আৰু টপ পিন্ধা দেখা গৈছিল ৷ মালতিয়ে মাতৃ প্ৰিয়ংকাৰ সৈতে টুইনিং কৰা দেখা গৈছিল ৷

প্ৰিয়ংকা আৰু নিকে শুকুৰবাৰে নিশা তেওঁৰ সম্পৰ্কীয় ভগ্নী মনাৰা চোপ্ৰাৰ জন্মদিন উদযাপন কৰা দেখা গৈছিল । প্ৰিয়ংকাক বাৰ্থ ডে’ৰ নিশা বগা ব্ৰালেট আৰু স্কাৰ্ট ছেটত দেখা গৈছিল । বিগ বছ ১৭ ৰ ফাইনেলিষ্ট মননাৰাক ৰঙা ৰঙৰ পোছাকত দেখা গৈছিল ৷

নিকে হালধীয়া ট্ৰাউজাৰৰ সৈতে বগা চাৰ্ট পিন্ধি পত্নী আৰু ভগ্নীৰ সৈতে বাৰ্থ ডে’ পাৰ্টীত উপস্থিত আছিল ৷ পাৰ্টীথলীত পাপাৰাজ্জী ও উপস্থিত আছিল ৷ প্ৰিয়ংকা আৰু নিকে কেইদিনমান পূৰ্বে নয়দাত মননাৰা আৰু অন্যান্য আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে হোলী উদযাপন কৰিছিল।

প্ৰিয়ংকা আৰু মালতীয়ে মাৰ্চ মাহৰ আৰম্ভণিতে ভাৰতলৈ আহিছিল । তাৰ পিচতে তেওঁলোকে ১৮ মাৰ্চত মুম্বাইলৈ আহিছিল । চলিত বৰ্ষত নিকৰ এইটো দ্বিতীয় ভাৰত ভ্ৰমণ । জানুৱাৰীত নিক, তেওঁৰ ভাতৃ জো আৰু কেভিন জোনাছে লোল্লাপালুজা ইণ্ডিয়াত শ্ব’ৰ বাবে আহিছিল ৷

লগতে পঢ়ক: হুকা বাৰ ৰেইডত মুকলি মুনাৱাৰ ফাৰুকী; ছ’চিয়েল মিডিয়াযোগে পোষ্ট শ্বেয়াৰ কৰি ক’লে এনেদৰে - Munawar Faruqui

Last Updated : Mar 31, 2024, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.