ETV Bharat / entertainment

FSLৰ প্ৰতিবেদনৰ পিছত পুনৰবাৰ বিপদত বিগ বছ OTT 2 ৰ বিজয়ী এলভিছ যাদৱ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:42 AM IST

Police preparing to interrogate Elvish Yadav: জয়পুৰ এফ এছ এলৰ প্ৰতিবেদনৰ পিছত যেন ক্ৰমাৎ সমস্যা বৃদ্ধি পাইছে ইউটিউবাৰ এলভিছ যাদৱৰ অসুবিধা । কোৱা হৈছে যে এলভিছক পুনৰ জেৰা কৰাৰ প্ৰস্তুতি চলাইছে আৰক্ষীয়ে । পঢ়ক সম্পূৰ্ণ খবৰ..

police-preparing-to-interrogate-elvish-yadav-again-after-fsl-report
FSLৰ প্ৰতিবেদনৰ পিছত পুনৰবাৰ বিপদত বিগ বছ OTT 2 বিজয়ী এলভিছ যাদৱ

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী: পুনৰবাৰ বিতৰ্কৰ আৱৰ্তত বিগ বছ OTT 2ৰ বিজয়ী তথা ইউটিউবাৰ এলভিছ যাদৱ ৷ ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰা বিষয়ত জয়পুৰ এফ এছ এলৰ প্ৰতিবেদনৰ পিছত নয়ডা আৰক্ষীয়ে পুনৰবাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ বাবে বিখ্যাত বিগ বছ বিজয়ী তথা ইউটিউবাৰ এলভিছ যাদৱৰ বিপদ আকৌ এবাৰ বাঢ়িব পাৰে ৷ সূত্ৰই দাবী কৰিছে যে ইতিমধ্যে আৰক্ষীয়ে এলভিছৰ জেৰা অব্যাহত ৰাখিছে ৷

এই গোচৰত নাম সাঙোৰ খোৱা ৫ অভিযুক্ত আটাইকেইজনেই বৰ্তমান জামিন লাভ কৰিছে ৷ প্ৰতিবেদনত নিশ্চিত কৰা হৈছে যে বাকচটোত পোৱা বিষটো কোব্ৰা ক্ৰেইট প্ৰজাতিৰ সাপৰ, কিন্তু ইয়াত বিষৰ শতকৰা হাৰ কিমান সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই ৷ এতিয়ালৈকে জেৰাৰ বাহিৰেও আৰক্ষীয়ে এলভিছ যাদৱৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ একে সময়তে নয়ডা আৰক্ষীয়ে এতিয়াও এনে কোনো প্ৰমাণ লাভ কৰা নাই যাৰ পৰা এলভিছ যাদৱক গ্ৰেপ্তাৰ কৰিব পৰা যাব ৷

৯ ডাল সাপ আৰু ২০ মিলিলিটাৰ বিষ উদ্ধাৰ: ডিচিপি বিদ্যাসাগৰ মিশ্ৰই কয় যে, এফ এছ এলৰ তদন্তৰ প্ৰতিবেদন আহি পাইছে, যিটো দলটোৱে অধ্যয়ন কৰি আছে ৷ কেৱল প্ৰতিবেদনৰ ভিত্তিত তদন্ত আৰু আগবাঢ়িব ৷ যিহেতু সকলো অভিযুক্ত জেলৰ বাহিৰত, নয়ডা আৰক্ষীয়ে এই গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ কোনো খৰখেদা কৰা নাই ৷ সকলো তথ্য আৰু প্ৰমাণ নিবিড়ভাৱে পৰীক্ষা কৰা হৈছে ৷ আপোনালোকক জনাই দিও যে, ২০২৩ চনৰ ২ নৱেম্বৰত ছেক্টৰ-৫১ত পিপল ফৰ এনিমেলছ সংস্থাই চলোৱা ষ্টিং অপাৰেচনত এই কাণ্ড পোহৰলৈ আহিছিল ৷ ইয়াৰ পিছতে এই গোচৰত ধৰা পৰে দিল্লীৰ মোলাৰবন্দৰ বাসিন্দা পাঁচটা সাপৰ বেজ, যাৰ পৰা ৯ডাল সাপ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ ভিতৰত আছিল পাঁচ ডাল কোব্ৰা, দুটা দুমূৰীয়া সাপ, এটা পাইথন আৰু এটা ঘোঁৰাৰ ঠেংযুক্ত সাপ ৷ ইয়াৰ উপৰিও এটা বাকচৰ পৰা ২০ মিলিলিটাৰ বিষো উদ্ধাৰ কৰা হৈছে, যাৰ তদন্তৰ প্ৰতিবেদন ওলাইছে ৷

উদ্ধাৰ হোৱা সাপকেইটাৰ মেডিকেল টেষ্ট কৰা হয়: উদ্ধাৰ হোৱা সাপকেইডালৰ মেডিকেল টেষ্ট বন বিভাগৰ দ্বাৰা কৰা হয়, য’ত সাপৰ বিষগ্ৰন্থি ইতিমধ্যে আঁতৰাই পেলোৱাৰ কথা জানিব পৰা যায় । এই গোচৰত এতিয়ালৈকে উদ্ধাৰ হোৱা সাপৰ সংখ্যা ১১টা হৈছেগৈ, যিবোৰ সাপ আদালতৰ নিৰ্দেশত সুৰজপুৰত অৱস্থিত অৰণ্যত মুকলি কৰি দিয়া হৈছিল । নয়ডা থানাৰ ২০ ছেক্টৰ আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ।

উদ্ধাৰ হোৱা সাপকেইটাৰ মেডিকেল টেষ্ট কৰা হয়: উদ্ধাৰ হোৱা সাপকেইটাৰ মেডিকেল টেষ্ট বন বিভাগৰ দ্বাৰা কৰা হয়, য’ত সাপৰ বিষগ্ৰন্থি ইতিমধ্যে আঁতৰাই পেলোৱাৰ কথা জানিব পৰা যায় । এই গোচৰত এতিয়ালৈকে উদ্ধাৰ হোৱা সাপৰ সংখ্যা ১১ডাল হৈছেগৈ, যিবোৰ সাপ আদালতৰ নিৰ্দেশত সুৰজপুৰত অৱস্থিত অৰণ্যত মুকলি কৰি দিয়া হৈছিল । নয়ডা থানাৰ ২০ ছেক্টৰ আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ছানী দেওলৰ লাহোৰ ১৯৪৭ত খলনায়কৰ ভূমিকাত দেখা যাব এইজন অভিনেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.