ETV Bharat / entertainment

আশীৰ্বাদ বিচাৰি সিদ্ধিবিনায়ক মন্দিৰত ৰণবীৰ-দীপিকা - Ranveer Deepika Siddhivinayak visit

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 12:08 PM IST

Ranveer Singh Deepika Padukone : ৰণবীৰ সিং আৰু দীপিকা পাডুকনক মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত দেখা যায় । 2018 চনত বিয়াত বহা তাৰকা দম্পতীয়ে তেওঁলোকৰ প্ৰথম সন্তানৰ আশা কৰিছে ।

Parents-to-Be Ranveer Singh and Deepika Padukone Visit Siddhivinayak Temple Ahead of Due Date
ৰণবীৰ-দীপিকা (ANI)

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ : 2024 চনৰ 28 ছেপ্টেম্বৰত বলীউডৰ মজিয়ালৈ আহিব এগৰাকী বহু প্ৰতিক্ষীত ষ্টাৰকিড ৷ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে মুম্বাইৰ বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় বলীউডৰ শক্তিশালী দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন । প্ৰথম সন্তানৰ আগমনৰ পৰিপ্ৰেক্ষিতত জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে আশীৰ্বাদ বিচাৰিছে দম্পতীটোৱে । শনিবাৰে গণেশ চতুৰ্থী উদযাপনৰ মাত্ৰ এদিন পূৰ্বে সোনকালেই পিতৃ-মাতৃ হ’বলগীয়া তাৰকাদ্বয়ে মন্দিৰ দৰ্শন কৰে ।

চলিত মাহতে সন্তান আগমনৰ আশা কৰি থকা দীপিকাই সোণৰ সূতাৰ কামেৰে সজ্জিত এখন মাৰ্জিত সেউজীয়া ৰেচমৰ শাৰী পিন্ধে । সাধাৰণ কাণফুলি এযোৰেৰে নিজৰ লুকটো সম্পূৰ্ণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ শাৰীখনৰ আঁচলেৰে নিজৰ বেবী বাম্পটো ৰূপৱতীভাৱে লুকুৱাই ৰাখে তেওঁ । আনহাতে ৰণবীৰক ষ্টাইলিছ অফ হোৱাইট কুৰ্তা পিন্ধা দেখা গৈছিল ।

এটা বিশেষ ভিডিঅ’ত এই যুটিটোক মন্দিৰৰ ফালে খোজ কাঢ়ি গৈ থকা দেখা গৈছে, দীপিকাই ওচৰতে উপস্থিত থকাসকলক সম্ভাষণ জনাইছে । পিছফালে অনুসৰণ কৰি ৰণবীৰে চৌপাশৰ মানুহৰ সৈতে মত বিনিময় কৰাৰ লগতে দীপিকাক আলফুলে মন্দিৰৰ ভিতৰলৈ লৈ যায় ৷ খোজ কাঢ়ি যোৱাৰ সময়ত ৰণবীৰে দীপিকাৰ হাতত ধৰি থাকে ।

29 ফেব্ৰুৱাৰীত গৰ্ভধাৰণৰ খবৰ প্ৰকাশ কৰিছিল দুয়োৱে । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ পূৰ্বৰ উদযাপনৰ বাবে জামনগৰলৈ যোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে এই ঘোষণা কৰা কৰিছিল তেওঁলোকে । দম্পতীহালে তেওঁলোকৰ আনন্দৰ খবৰটো এটা হৃদয়স্পৰ্শী ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰে য'ত এখন আদৰণীয় পোষ্টকাৰ্ড আছিল ৷ ইয়াত শিশুৰ প্ৰয়োজনীয় সামগ্ৰীৰ চিত্ৰৰ লগতে ‘ছেপ্টেম্বৰ’ শব্দটোও সন্নিবিষ্ট কৰা হৈছিল ।

পেছাদাৰী ফ্ৰণ্টত দীপিকাই শেহতীয়াকৈ প্ৰভাসৰ সৈতে নাগ অশ্বিনৰ কল্পবিজ্ঞান ছবি কল্কি 2898 এডিত অভিনয় কৰিছিল । ইয়াৰ উপৰিও তেওঁ অজয় ​​দেৱগনৰ আগন্তুক চিনেমা সিংহম ৰিটাৰ্ণছত অভিনয় কৰিবলৈ সাজু হৈছে, য’ত ৰণবীৰ সিঙে চিম্বাৰ চৰিত্ৰত পুনৰ অভিনয় কৰিব । দীপাৱলীৰ সময়ত এই ছবিখনে মুক্তি লাভ কৰাৰ কথা ।

লগতে পঢ়ক : দীপিকা-ৰণবীৰৰ প্ৰেগনেন্সী ফটোশ্বুটে লৈ আনিলে প্ৰেমৰ বতৰা - Deepika Pregnancy Photoshoot

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.