চিটাৰা ডেস্ক, ৬ মাৰ্চ: বিশ্বৰ আটাইতকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ‘অস্কাৰ ২০২৪’ৰ কাউণ্টডাউন আৰম্ভ হৈছে । এই বঁটা অনুষ্ঠানৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ভাৰততো এই বঁটাক লৈ উচাহ দেখা গৈছে ৷ এইবাৰ ১০ মাৰ্চ, ২০২৪ (EST)ত অনুষ্ঠিত হ’ব একাডেমী বঁটা । চতুৰ্থবাৰৰ বাবে এই অনুষ্ঠানৰ আঁত ধৰোতাৰ ৰূপত থাকিব কমেডিয়ান জিমি কিমেল । এই প্ৰতিবেদনত জানো আহক ভাৰতত অস্কাৰৰ লাইভ টেলিকাষ্ট আৰু ষ্ট্ৰীমিং কেতিয়া আৰু ক’ত চাব পাৰিব ?
ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘অস্কাৰ ২০২৪’ ?
আমেৰিকাত ৰেড কাৰ্পেট অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে নিশা অনুষ্ঠিত হ’ব, আনহাতে ভাৰতত অস্কাৰ ২০২৪ ৰ লাইভ ষ্ট্ৰীমিং সোমবাৰে পুৱা অৰ্থাৎ ১১ মাৰ্চত অনুষ্ঠিত হ’ব ।
ভাৰতত ক’ত চাব পাৰিব অস্কাৰ ২০২৪ ?
ভাৰতীয় দৰ্শকে ১১ মাৰ্চ সোমবাৰে পুৱা ৪:০০ বজাত অ’টিটি প্লেটফৰ্ম ডিজনী + হটষ্টাৰত অস্কাৰ ২০২৪ লাইভ চাব পাৰিব । মঙলবাৰে ডিজনী প্লাছ হটষ্টাৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টে এই বছৰৰ অস্কাৰৰ বাবে মনোনীত হোৱা বেছিভাগ ছবিৰ এটা ৰিল শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “আপোনাৰ জলপান তৈয়াৰ কৰি লওক আৰু তাৰকাৰে ভৰা দিনটো উপভোগ কৰক ! অস্কাৰ ২০২৪, ১১ মাৰ্চত ডিজনী+ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং । শ্ব’টো আৰম্ভ কৰোঁ আহক !”
ৰিলটোত কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন, অপেনহাইমাৰ, বাৰ্বি, মেষ্ট্ৰ’, পুৰ থিংছ আৰু আমেৰিকান ফিকচনকে ধৰি কেইবাটাও মনোনীত ক্লিপৰ কিছু অংশ সন্নিবিষ্ট কৰা হৈছিল ।
অপেনহাইমাৰে ২০২৪ চনৰ অস্কাৰত সৰ্বাধিক মনোনয়ন লাভ কৰিছে
উল্লেখ্য যে, এইবাৰ ক্ৰীষ্টোফাৰ নোলানৰ ব্লকবাষ্টাৰ বায়’পিক 'অপেনহাইমাৰ'এ অস্কাৰত বহু মনোনয়ন লাভ কৰিছে । চিলিয়ান মাৰ্ফী অভিনীত এই নাটকখনে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালককে ধৰি ১৩টা মনোনয়ন লাভ কৰিছে । আন আন মনোনীত ছবিসমূহৰ ভিতৰত আছে বাৰ্বি, পুৰ থিংছ আৰু কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন ।
ঝাৰখণ্ডৰ এখন তথ্যচিত্ৰয়েও মনোনয়ন লাভ কৰিছে
ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ এখন সৰু গাঁৱৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘টু কিল এ টাইগাৰ’এ অস্কাৰ ২০২৪ৰ মনোনয়ন তালিকাত স্থান লাভ কৰিছে । ইয়াৰ কাহিনী ঝাৰখণ্ডত সংঘটিত হোৱা ধৰ্ষণৰ ঘটনা আৰু তাৰ পিচত ন্যায়ৰ বাবে হোৱা যুঁজৰ ওপৰত আধাৰিত । এই তথ্যচিত্ৰ নিৰ্মাণ কৰিছে দিল্লীৰ নিশা পহুজাই ।
লগতে পঢ়ক: স্ক্ৰীণ এক্টৰছ গিল্ড এৱাৰ্ড ২০২৪ ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা চাওক