ETV Bharat / entertainment

জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:41 PM IST

Gobardhan Charit: অহা ১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ’ নাট ‘গোবৰধন চৰিত’ । আজি ছবিখনৰ গীত আৰু ট্ৰেইলাৰ মুকলি কৰা হয় ।

New Assamese film Gobardhan Charits song and trailer out now
গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত
গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

গুৱাহাটী, ১ মাৰ্চ: অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হোৱা এখন জনপ্ৰিয় অনাতাঁৰ নাট ‘গোবৰধন চৰিত’ । কিন্তু এই জনপ্ৰিয় ৰেডিঅ’ নাট ‘গোবৰধন চৰিত’ এইবাৰ দৰ্শকে দেখা পাব কথাছবিৰ ৰূপত । অহা ১৫ মাৰ্চত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখন । শুকুৰবাৰে মহানগৰীৰে PWD চেণ্টাৰত মুক্তি দিয়া হয় ছবিখনৰ গীত আৰু ট্ৰেইলাৰ ।

বিনাচ মুভি ট’নৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে জয়ন্ত গোস্বামীয়ে । ছবিখনৰ গোবৰৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই ৷ আনহাতে মইনাৰ চৰিত্ৰত অভিনয় কৰিছে স্বাগতা ভৰালীয়ে । ছবিখনৰ অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে সুজিত শৰ্মা, প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, মামণি দেৱ আদিকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ আবাহ সংগীত দীপক শৰ্মা, চিত্ৰ গ্ৰহণ চন্দন সাগৰৰ । আনহাতে ছবিখনৰ গীতটিৰ ৰচক আৰু সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু কণ্ঠদান কৰিছে গায়ত্ৰী হাজৰিকা । আজি গীতটি উন্মোচন কৰে কণ্ঠশিল্পী ৰুবি সিংহই । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ কণ্ঠশিল্পী, ৰুবি সিংহ, গায়ত্ৰী হাজৰিকা, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী চেতনা দাস, প্ৰতিভা চৌধুৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

এতিয়া ছবিখনক লৈ আশাবাদী ‘গোবৰধন চৰিত’ৰ সমগ্ৰ দলটো ৷ ছবিখনক ছবিগৃহত উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে চেতনা দাসে ৷ অভিনেত্ৰীগৰাকীয়ে কয়,‘‘ছবিখনক সমালোচনা কৰিলেও বেয়া নাপাওঁ, কিন্তু তথাপিও সকলোৱে ছবিখন চাব, তাৰেই আহ্বান জনাইছো ৷’’

লগতে পঢ়ক: কাইলৈ ছবিগৃহত মুক্তি পাব নতুন ছবি এটা নিৰ্জন দুপৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.