গুৱাহাটী, 9 অক্টোবৰ : শাৰদীয় বতৰ তথা দুৰ্গাপূজাৰ উলহ-মালহৰ মাজতে মুক্তি দিয়া হ’ল চামেলী শীৰ্ষক এটি ফিউজন গীত ৷ মঙলবাৰে নিশা এই গীতটিৰ মিউজিক ভিডিঅ’টিৰ শুভমুক্তি দিয়া হয় ৷ চাহ জনগোষ্ঠীৰ ঝুমুইৰ গীতৰ ফিউজন চামেলীৰ সংগীত পৰিচালনা, সংমিশ্ৰণ আৰু মাষ্টাৰিং বিশিষ্ট সংগীত পৰিচালক পৰাণ বৰকটকী (জজ)ৰ ৷ আনহাতে কথা আৰু সুৰ পদ্মশ্ৰী বঁটা প্ৰাপক শিল্পী দুলাল মান্কিৰ । চামেলী গীতটিত কণ্ঠদান কৰিছে বনশ্ৰী শইকীয়া, প্ৰবীণ বৰা আৰু দুলাল মান্কিয়ে ৷ লগতে ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে এন জেই ৷
গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি বিশিষ্ট সংগীত পৰিচালক পৰাণ বৰকটকীয়ে কয়, “গীতটি আচলতে আমি চাহ জনগোষ্ঠীৰ সংস্কৃতি সামৰি ফিউজন ফৰ্মত কৰিছো । গীতটিৰ কথা আৰু সুৰ পদ্মশ্ৰী বঁটা প্ৰাপক শিল্পী দুলাল মান্কিৰ । তেখেতৰ সুৰত গীতটিয়ে প্ৰাণ পাই উঠিছে । প্ৰবীণ বৰা, বনশ্ৰী শইকীয়াই খুব সুন্দৰকৈ কণ্ঠদান কৰিছে । আমি আশা কৰিছো ৰাইজে গীতটি আঁকোৱালি ল’ব । লগতে আমাৰ ভাগ্য বুলি ক’ব লাগিব । গীতটিৰ ভিডিঅ’ৰ বাবে আমাক এজন বিদেশী অভিনেতাৰ প্ৰয়োজন আছিল আৰু ৰাছিয়াৰ অভিনেতা আৰ্থাৰ ৰুদেনক আমি পালো । তেখেতৰ অভিনয়ে ভিডিঅ’টোক আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিছে ।”
গীতটি সন্দৰ্ভত বনশ্ৰী শইকীয়াই কয়, “মোৰ বাবে চাহ জনগোষ্ঠীৰ এইটো প্ৰথমটো গীত । পৰাণে খুব ধুনীয়া সংগীত পৰিচালনা কৰিছে । খুব ভাল লাগিছে গীতটি গায় । আমি আশা কৰিছোঁ ৰাইজে গীতটি ভাল পাব ।”
উল্লেখ্য যে, এই নতুন গীতটিৰ ভিডিঅ’গ্ৰাফী কৰিছে অম্লান জ্যোতি ৰাজখোৱাই ৷ গীতটিত অভিনয় কৰিছে জয় শইকীয়া, অনুষ্কা কাশ্যপ, ৰাছিয়ান অভিনেতা আৰ্থাৰ ৰুদেনক’ আৰু বনশ্ৰী শইকীয়াই ৷
অসমৰ চাহ-বাগিচাৰ চিনাকি চৰিত্ৰ চামেলীৰ লগত অনা-অসমীয়া এগৰাকী বৃটিছ বিষয়াৰ সম্পৰ্কৰ কাহিনীক নতুন ৰূপত সজাই তোলা হৈছে চামেলী গীতটিত ৷ লগতে চিৰসেউজীয়া অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু চাহ জনজাতিৰ সংস্কৃতি, পৰম্পৰাক সুন্দৰকৈ মিউজিক ভিডিঅ’টোত উপস্থাপন কৰা হৈছে ৷ মিউজিক ভিডিঅ’টিৰ মুকলি অনুষ্ঠানত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : প্ৰয়াত খগেন মহন্তৰ জনপ্ৰিয় গীতে ৰূপ ল’লে নাটকৰ; দুৰ্গাপূজাৰ সুন্দৰ উপহাৰ যোৰহাটবাসীলৈ