ETV Bharat / entertainment

বিপদে লগ এৰা নাই 'ভাইজান' ছলমান খানৰ ! পিচে অনুৰাগীসকল এইবাৰ চিন্তিত আন এজনক লৈহে

লৰেন্স বিষ্ণৈৰ ভাবুকিৰ পিছতে ছলমান খানক সমৰ্থন কৰিছে গায়ক মিকা সিঙে । এতিয়া তেওঁক লৈ চিন্তাত পৰিছে গায়কজনৰ অনুৰাগীসকল ।

Mika Singh' s fans worried as singer supports Salman khan amid lawrence bishnoi threat
ছলমান খান (Photo : IANS)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

মুম্বাই : আজিকালি লৰেন্স বিষ্ণৈ আৰু ছলমান খান বলীউডৰ সৰ্বাধিক চৰ্চিত বিষয় ৷ দৈনিক নিত্য নতুন খবৰ আহি আছে দুয়োকে লৈ । গুজৰাটৰ সাবৰমতী কাৰাগাৰৰ ভিতৰৰ পৰাই ছলমান খানক অহৰহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে লৰেন্স বিষ্ণৈয়ে । ছলমান খানৰ Y+ নিৰাপত্তা বৃদ্ধি কৰি অভিনেতাজনৰ চাৰিওফালে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । ইফালে ছলমান খানেও তেওঁৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ বিগ বছ 18ৰ শ্বুটিং কৰি আছে । এই সময়ছোৱাত বহু লোকে ছলমান খানক কৃষ্ণ মৃগ চিকাৰৰ গোচৰত বিষ্ণৈ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ অনুৰোধ কৰিছে । এই বিষয়টোত এতিয়া ভজন সম্ৰাট অনুপ জালোটাই ছলমান খানক ক্ষমা খুজিবলৈ কোৱাৰ পিছত এতিয়া ছলমান খানৰ সমৰ্থনত ওলাই আহিছে গায়িক মিকা সিং ।

ছলমান খান ক্ষমা খুজিব লাগে- অনুপ জলোটা

ভজন সম্ৰাট অনুপ জলোটাই এই সমগ্ৰ বিষয়টোত কৈছে যে ছলমান খানে এটা মন্দিৰলৈ গৈ বিষ্ণৈ সমাজৰ ওচৰত ক্ষমা বিচাৰিব লাগে, এতিয়া এয়া অহংকাৰৰ বিষয় নহয় । উল্লেখ্য যে, অনুপ জলোটাক ছলমান খানৰ অনুষ্ঠান বিগ বছ 12-ত প্ৰতিযোগী হিচাপে দেখা গৈছিল । অনুপে স্পষ্টকৈ কৈছে যে ছলমান খানে এই বিষয়ত ক্ষমা বিচাৰিব লাগে আৰু বিষয়টোৰ ইতি পেলাব লাগে ।

ভাই চিন্তা নকৰিবা - মিকা সিং

বিখ্যাত গায়ক মিকা সিঙে ছলমান খানক তেওঁৰ এটা শ্ব’ত মুকলিকৈ সমৰ্থন আগবঢ়ায় । মিকা সিঙে কয়, “ছলমান খান, ভাই হুঁ মে ভাই, তু ফিকৰ না কৰ ।” ছলমান খানক সমৰ্থন কৰা মিকা সিঙৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ছলমান খানৰ অনুৰাগীসকলে মিকা সিঙক তেওঁৰ মুকলি সমৰ্থনৰ বাবে প্ৰশংসা কৰিছে । একে সময়তে, এতিয়া অনুৰাগীসকলে মিকা সিঙৰ নিৰাপত্তাক লৈয়ো উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখনীয় যে শেহতীয়াকৈ ছলমান খানৰ ঘনিষ্ঠ এগৰাকী ৰাজনীতিবিদৰ হত্যাৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণৈ গেঙে ।

মিকা সিঙক লৈ চিন্তিত অনুৰাগী

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “মিকা সিঙে ছলমান খানক সমৰ্থন কৰিছে, কিন্তু নিজলৈ বিপদ মাতি নল’লেই হ’ল ।” এজনে লিখিছে, “ছিকিউৰিটিয়ে ছলমান খানক বচাব কিন্তু আপোনাক কোনো বচাব ?” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “নিশ্চয় লৰেন্স বিষ্ণৈয়ে জেলৰ পৰা এই সকলোবোৰ চাই আছে মিকা ভাই ।” আন এজনে লিখিছে, “মিকা সিঙে বিপদ মাতি লোৱা নাইতো ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এইটো নিজৰ ভৰিত কুঠাৰ মাৰি দিয়াৰ দৰেই হৈছে ।”

লগতে পঢ়ক : সি কেতিয়াও পঁইতাচোৰা এটাও মাৰি পোৱা নাই: চেলিম খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.