ETV Bharat / entertainment

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰে বিশেষ সাক্ষাৎ অভিনেত্ৰী মনীষা কৈৰালাৰ - Manisha Koirala Heeramandi - MANISHA KOIRALA HEERAMANDI

Manisha Koirala : হীৰামাণ্ডী: দ্য ডায়মণ্ড বাজাৰৰ অভিনেত্ৰী মনীষা কৈৰালাই ব্ৰিটেইনৰ ভাৰতীয় বংশোদ্ভূত প্ৰধানমন্ত্ৰী ঋষি সুনকক সাক্ষাৎ কৰে । লগতে, অভিনেত্ৰীগৰাকীয়ে জনাই যে পিএম হাউচত সকলোৱে হিৰামাণ্ডীখন উপভোগ কৰিছে ।

Manisha Koirala meets UK PM Rishi Sunak actress reveals PM House Members watched Heeramandi
ব্ৰিটিছ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মনীষাৰ (etv bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:49 PM IST

চিটাৰা ডেস্ক, 22 মে’ : শেহতীয়াকৈ ব্ৰিটেইনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি সুনকক লৈ খবৰ আহিছে যে, তেওঁ ব্ৰিটেইনৰ ৰজা চাৰ্লছতকৈও ধনী হৈ পৰিছে । বলীউডৰ মোহময়ী অভিনেত্ৰী মনীষা কৈৰালাই সাক্ষাৎ কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকক । ব্ৰিটেইনৰ ১০ ডাউনিং ষ্ট্ৰীটত থকা বাসগৃহত প্ৰধানমন্ত্ৰী ঋষি সুনকক সাক্ষাৎ কৰে মনীষাই । মনীষাই প্ৰধানমন্ত্ৰীৰে হোৱা এই বৈঠকৰ ছবিও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।

আপুনি জানি আচৰিত হ'ব যে, মনীষা কৈৰালা হৈছে একমাত্ৰ নেপালী অভিনেত্ৰী যি এতিয়াও বলীউডত দপদপাই আছে । ব্ৰিটেইন আৰু নেপালৰ মাজত বন্ধুত্ব চুক্তিৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত মনীষা প্ৰতিনিধি হিচাপে ব্ৰিটেইনত উপস্থিত হয় ।

মনীষা কৈৰালা আচৰিতো হৈছে যে, পি এম হাউচৰ বহুলোকে সদ্য মুক্তিপ্ৰাপ্ত ৱেব-ছিৰিজ হীৰামণ্ডী উপভোগ কৰিছে । মনীষাই এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ ঋষি সুনকৰ সৈতে থিয় হৈ ফটোৰ বাবে প’জ দিছে ।

এই পোষ্টটো শ্বেয়াৰ কৰি মনীষাই লিখিছে, ‘ব্ৰিটেইন আৰু নেপালৰ মাজত বন্ধুত্ব চুক্তিৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আমন্ত্ৰণ পোৱাত অভিভূত হৈছো ৷ আমাৰ দেশ নেপালৰ বিষয়ে ঋষি সুনকৰ মতামত শুনি মই অতিশয় আনন্দিত হৈছো’ ৷

নেপালৰ পূৰ্ব প্ৰধানমন্ত্ৰীৰ নাতিনী হৈছে মনীষা কৈৰালা

মনীষা কৈৰালা নেপালী ৰাজনীতিবিদ প্ৰকাশ কৈৰালাৰ কন্যা । মনীষা কৈৰালাৰ ককাক বিশ্বেশ্বৰ প্ৰসাদ কৈৰালা নেপালৰ প্ৰধানমন্ত্ৰী আছিল (১৯৫৯-১৯৬০) ।

ঋষি সুনক আৰু পত্নীৰ সম্পত্তি

বিগত এবছৰত প্ৰধানমন্ত্ৰী আৰু পত্নী অক্ষতা মূৰ্তিৰ সম্পত্তি যথেষ্ট বৃদ্ধি পাইছে । এতিয়া এক প্ৰতিবেদন অনুসৰি, এই হাই প্ৰফাইল দম্পতীটোৰ সম্পত্তি এবছৰত 120 নিযুত পাউণ্ড বৃদ্ধি পাইছে ।

যাৰ পিচত তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণে ৬৫ কোটি অতিক্ৰম কৰিছে । এই প্ৰতিবেদনৰ পিচত দাবী কৰা হৈছে যে, ঋষি সুনক আৰু অক্ষতা মূৰ্তিৰ সম্পদ ব্ৰিটেইনৰ ৰজা চাৰ্লছতকৈ অধিক ।

লগতে পঢ়ক : স্বামী ৰামচৰণৰ সমৰ্থনত অভিভূত উপাসনা - Upasana Kamineni Ram Charan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.