ETV Bharat / entertainment

লোকেল কুংফুৰ সংলাপ লিখা চি-চাৰ্ট পিন্ধি চাবলৈ যাব পাৰিব লোকেল কুংফু 3 - Local Kung Fu merchandise

author img

By ETV Bharat Entertainment Team

Published : Jul 30, 2024, 11:29 AM IST

Local Kung Fu merchandise : ছবিৰ মুক্তিৰ আগতে লোকেল কুংফু দলে অনুৰাগীলৈ আগবঢ়ালে উপহাৰ ৷ লোকেল কুংফু টীমটোৱে অনুৰাগীৰ বাবে মুকলি কৰিলে এক বিশেষ অনলাইন বিপণী ৷ সবিশেষ আগলৈ-

Local Kung Fu merchandise
লোকেল কুংফু 3 (Kenny Basumatary Instagram)

গুৱাহাটী, 30 জুলাই : লোকেল কুংফু, অসমৰ প্ৰায় প্ৰতিখন ঘৰতে এই ছবিখনৰ কথা আলোচনা হয় ৷ ছবিখনৰ নাম নুশুনা মানুহ অসমত চাগৈ নোলাব ৷ মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ এই ছবিখনত সকলো উপাদানেই আছে ৷ সেয়ে সকলোৰে মুখে মুখে আজিও থাকে লোকেল কুংফুৰ নাম ৷

Local Kung Fu merchandise
লোকেল কুংফু 3 ৰ অনলাইন বিপণী (Kenny Basumatary Instagram)

পৰিচালক কেনি বসুমতাৰীৰ সৃষ্টি লোকেল কুংফু ৷ এখন অসমীয়া একশ্যন-কমেডি চলচ্চিত্র ছিৰিজ, যাৰ তৃতীয় ভাগটো শীঘ্ৰেই মুক্তি হ’বলৈ গৈ আছে ৷ শেহতীয়াকৈ লোকেল কুংফু টীমটোৱে অনুৰাগীৰ বাবে অনলাইন এক বিশেষ বিপণী মুকলি কৰিছে । চলচ্চিত্ৰখনৰ আটাইতকৈ বিখ্যাত সংলাপ আৰু চৰিত্ৰসমূহ সামৰি বিভিন্ন সামগ্ৰী অনুৰাগীৰ বাবে আগবঢ়াই দিছে তেওঁলোকে ৷ অনলাইন বিপণীৰ জৰিয়তে সমগ্র দেশৰ অনুৰাগীসকললৈ মুকলি কৰি দিছে এই বস্তুবোৰ ।

লগতে পঢ়ক : লোকেল কুংফু-৩ ত থাকিব নতুন টুইষ্ট; অতিশীঘ্ৰেই ছবিগৃহলৈ আহি লোকেল কুংফু-৩ - Local Kung Fu 3

জনপ্রিয় চলচ্চিত্র পৰিচালক কেনি বসুমতাৰীয়ে কয়, "প্রায় এক দশক পূর্বে মুক্তি লাভ কৰা লোকেল কুংফু চলচ্চিত্ৰখন আৰম্ভণিৰে পৰাই দৰ্শকে আঁকোৱালি লৈছে । অহা 5 ছেপ্টেম্বৰত মুকলি লাভ কৰিবলগীয়া লোকেল কুংফু 3 ৰ বাবে দৰ্শকে অপেক্ষা কৰি আছে ।’’

তেওঁ আৰু কয়, ‘‘বিভিন্ন সময়ত বহু লোকে লোকেল কুংফুৰ টি-চার্ট আদিৰ বিষয়ে সুধি থাকে । তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীয়ে যাতে পোনপটীয়াকৈ তেওঁলোকৰ পছন্দৰ সামগ্ৰীসমূহ অর্ডাৰ দিব পাৰে তাৰ বাবে এই অনলাইন বিপণীৰ ব্যৱস্থা কৰা হৈছে । অনুৰাগীসকলে [GOGOPOGO.AI/LKF3] (http://GOGOPOGO.AI/LKF3) ত সামগ্ৰীসমূহৰ অনলাইন চাব বা ক্ৰয় কৰিব পাৰিব । ইয়াত পোচাক, গৃহসজ্জাৰ লগতে অন্যান্য আনুষংগীক সামগ্রী উপলব্ধ আৰু সকলোবোৰ সামগ্ৰী চিনেমাখনৰ দৃষ্টিভংগীৰ সৈতে খাপ খোৱাকৈ ডিজাইন কৰা হৈছে ।"

সামগ্ৰীসমূহৰ ভিতৰত আছে ষ্টিকাৰ পেক, পপ টি-চার্ট, ক্রপ টপ, জিম ভেষ্ট, ৰান্দানা মাস্ক, হুডি, ছুৱেটচার্ট, টোট ইকো-ফ্রেণ্ডলী বেগ, চিপাৰ, কফি ম’গ, কোষ্টাৰ, লেপটপ শ্লীভ, গেমিং পেড, নোটপেড, জিগছ পাজল, কুশ্বন কভাৰ আৰু পোষ্টাৰ । টি-চার্টবোৰৰ মূল্য 399 টকাৰ পৰা আৰম্ভ হয় আৰু বেছিভাগ সামগ্রী 199 টকাৰ পৰাই ক্ৰয় কৰিব পৰা যায় ৷ সকলো শ্ৰেণীৰ অনুৰাগীয়ে এই সামগ্ৰীবোৰ ল’ব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : লোকেল কুং ফুৰ বঞ্জোক মনত আছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.