ETV Bharat / entertainment

অসমত কল্কি চলিছে কিন্তু কুকি চলাবলৈহে দৰ্শকক অনুনয়-বিনয় কৰিবলগা হৈছে ! - HINDI FEATURE FILM KOOKI

Assam hindi feature film Kooki: ভাবিলেই দুখ নালাগেনে এইখন অসমতে অসমীয়া প্ৰযোজক-পৰিচালকৰ দ্বাৰা নিৰ্মিত এখন ছবিৰ শ্ব’ বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে ! কাঁ চলচ্চিত্ৰ মহোৎসৱত নাম উজ্জ্বলাই অহাৰ পাচতো বলীউডৰ ছবিৰ সন্মুখত হাৰি গৈছে অসমীয়া প্ৰযোজক-পৰিচালক ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 1:36 PM IST

HINDI FEATURE FILM KOOKI
অসমচ কুকি চলা নাই কিয় ? (Source : Kuki Teaser from Youtube)

গুৱাহাটী, 10 জুলাই : সদ্য মুক্তিপ্ৰাপ্ত এখন হিন্দী ফিছাৰ ফিল্ম "কুকি"। মুক্তিৰ পূৰ্বে কাঁ ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখন মুক্তিৰ পাচত থমকি ৰ'বলগীয়া হৈছে অসমত ৷ ছবিগৃহৰ শ্লট'ৰ অভাৱত এই অৱস্থা হৈছে ছবিখনৰ । অসমীয়া প্ৰযোজক, পৰিচালক তথা এদল কলা-কুশলীৰে নিৰ্মাণ কৰা ছবি ‘কুকি’ অসমীয়া ভাষাৰ পৰিৱৰ্তে হিন্দী ভাষাত নিৰ্মাণ হোৱাৰ বাবেই অসমৰ ছবিগৃহত ছবিখনে মুক্তি লাভ কৰা নাই নেকি ? এতিয়া এই ধৰণৰ বহু প্ৰশ্নই সকলোৰে মনত উদয় হৈছে ৷

প্ৰযোজক-পৰিচালকৰ ভাষ্য (ETV Bharat Assam)

600 কোটিৰো অধিক বাজেটৰ ছবি কল্কিৰ প্ৰসংগও উত্থাপন হৈছে ছবিগৃহত কুকিয়ে লাভ নকৰা শ্লটৰ ক্ষেত্ৰত । বিগ বাজেটৰ ছবিৰ বাবে বঞ্চিত হ'ব নেকি কম বাজেটৰ ছবি ? এই ক্ষেত্ৰত "কুকি" ৰ প্ৰযোজিকা ড৹ জোনমণি দেৱী খাউণ্ডে মন্তব্য কৰি কয়, ‘‘ছবিখনত আমি যিমান দৰ্শক পাব লাগিছিল, সিমানখিনি দৰ্শক আমি পোৱা নাই । বহু কম সংখ্যক ছবিগৃহতহে আমি শ্লট পাইছো । গুৱাহাটীত মাত্ৰ দুটা ছবি গৃহতহে ছবিখন চলি আছে । ৬০০ কোটিৰ এখন ছবিৰ লগত আমি প্ৰতিযোগিতা কৰিবলাগীয়া হৈছে । কল্কিৰ বাবে অসমত ছবিগৃহ নাই পোৱা, যিটো এক পৰিতাপৰ বিষয় । অসমতে আমি বঞ্চিত হ'বলাগীয়া হৈছে । যিখিনি দৰ্শকে কুকি চাইছে তেওঁলোকৰ পৰা আমি ১০০% পজিটিভ ৰিভিউ পাইছোঁ ।’’ মুখ্যমন্ত্ৰী তথা অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন বিভাগটোৰ নীৰৱ ভূমিকাকলৈয়ো প্ৰশ্ন উত্থাপন প্ৰযোজিকা গৰাকীৰ ।

চলিত বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এই নতুন হিন্দী ছবিখন ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ জীৱন যাত্ৰা ওপৰত নিৰ্মাণ কৰা হৈছে । ছবিখনৰ পৰিচালনা কৰিছে প্ৰণৱ জে ডেকাই । ছবিখনত অভিনয় কৰিছে প্ৰবীণ বলীউড অভিনেতা ৰাজেশ টাইলাং, দেৱলীনা ভট্টাচাৰ্য, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকণা, বোধিসত্ত্ব শৰ্মা, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী আৰু বহুসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে । মঙলবাৰে মহানগৰীৰ আইদেউ ছবিগৃহত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।

লগতে পঢ়ক : অসমতে অসমীয়াৰ দ্বাৰা নিৰ্মিত ছবিৰ দৰ্শনী বিচাৰি প্ৰতিবাদ - Kooki hindi movie

শিহৰণকাৰী ঘটনা এটাৰ পাচত ভুক্তভোগীৰ জীৱন কেনেদৰে আগবাঢ়ে ? - Kooki hindi movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.