ETV Bharat / entertainment

আশীৰ দশকত আলোড়নৰ সৃষ্টি কৰা "ককাদেউতা নাতি আৰু হাতী" ৰ ছিকুৱেল, অভিনয়ত কোন কোন ? - New Assamese Film

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 9:27 PM IST

New Assamese Film: আশীৰ দশকত আলোড়নৰ সৃষ্টি কৰা এখন ছবি "ককাদেউতা নাতি আৰু হাতী" । অসমীয়া দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা ছবিখন পুনৰ চৰ্চাত । কিয়নো নিৰ্মাণ হ'ব ছবিখনৰ ছিকুৱেল "ককাদেউতা নাতি আৰু হাতী ২" । বুধবাৰে অনুষ্ঠিত কৰা হয় ছবিখনৰ শুভ মহুৰত ।

Mahurat of the "Kokadeuta Nati Aru Hati" sequel in Guwahati
"ককাদেউতা নাতি আৰু হাতী ২" ৰ শুভ মহুৰত (ETV Bharat Assam)

গুৱাহাটী,২৯ মে': অসমৰ ছবিপ্ৰেমীৰ বাবে সুখবৰ । প্ৰায় সংখ্যক অসমীয়া দৰ্শকৰে মনত সাঁচ বহুওৱা, ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তিলাভ কৰা, অসমৰ ছবিজগতত তোলপাৰ লগোৱা ছবি হ'ল "ককাদেউতা নাতি আৰু হাতী" । এতিয়াও অসমীয়া ছবিপ্ৰেমী ৰাইজে গুণগুণাই ছবিখনৰ গীতসমূহ । বাৰে বাৰে উপভোগ কৰিও যেন আমনি নালাগে ছবিখন । ৪১ টা বসন্তৰ পাচত পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব "ককাদেউতা নাতি আৰু হাতী" ।

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে আশী দশকতে নিৰ্মিত অসমীয়া ছবি "ককাদেউতা নাতি আৰু হাতী" ৰ ছিকুৱেল "ককাদেউতা নাতি আৰু হাতী ২" । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত পুনৰবাৰ অসমবাসীয়ে উপহাৰ পাব এসময়ৰ জনপ্ৰিয় ছবিখনৰ ছিকুৱেল " ককাদেউতা নাতি আৰু হাতী ২"। সোমাবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰা হয় ছবিখনৰ শুভ মহুৰত অনুষ্ঠান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাৰে তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ প্ৰযোজনাৰে আহিবলগীয়া অসমীয়া ছবি "ককাদেউতা নাতি আৰু হাতী ২" পৰিচালনা কৰিব অচিন্ত শংকৰে ।

আনহাতে ছবিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, বিবেক বৰা, কমল লোচন দাস, যশশ্ৰী ভূঞা আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ ৰাজদ্বীপৰ । ছবিখনৰ সংগীত পৰিচালক হিচাপে থাকিব অৰূপজ্যোতি বৰুৱা । কেমেৰাৰ দায়িত্বত আছে প্ৰদীপ দৈমাৰী । কেমেৰাৰ মাল্যৰ্পনে বুধবাৰৰ পৰা আৰম্ভ কৰা হয় ছবিখনৰ দৃশ্যগ্ৰহণ ।

আজি এই শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে ৰিণিকি ভূঞা শৰ্মা, অভিনেতা যতীন বৰা, উৎপল দাস, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনকে ধৰি বহু বিশিষ্ট ব্যক্তি । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন এখন উন্নত মানদণ্ডৰ অসমীয়া ছবি হ’ব বুলি আশাবাদী ছবিখনৰ প্ৰযোজক ৰিণিকি ভূঞা শৰ্মাৰ লগতে ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল । আশী দশকত আলোড়নৰ সৃষ্টি কৰা ছবিখনৰ বাবে আশাবাদী অসমীয়া ছবিপ্ৰেমী দৰ্শকো ।

লগতে পঢ়ক: ৰবি শৰ্মাৰ নতুন অৱতাৰ - New Assamese Film Rudra

নতুন অসমীয়া ছবি অভিমন্যু; কোন কোন এই ছবিত কৰিব অভিনয় ?

ছাচপেন্স-থ্ৰিলাৰ-একশ্যন সহিতে শ্বাসৰুদ্ধ কৰিব ৰুদ্ৰই - NEW ASSAMESE FILM RUDRA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.