ETV Bharat / entertainment

এটি বিশেষ বঁটা ল’বলৈ ছুইজাৰলেণ্ড পালেগৈ কিং খান - LOCARNO FILM FESTIVAL SHAH RUKH

author img

By ETV Bharat Entertainment Team

Published : Aug 10, 2024, 5:54 PM IST

Shah Rukh Khan Locarno Film Festival: বলীউডৰ কিং খান লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ছুইজাৰলেণ্ডত উপস্থিত হৈছে । শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তেওঁৰ এখন পোষ্টাৰ দেখিবলৈ পোৱা গৈছে য'ত তেওঁক যথেষ্ট ষ্টাইলিছ দেখা গৈছে ।

King Among Men: Shah Rukh Khan attends Locarno Film Festival 77th edition, Shres Sylish poster in Black
কিং খান (IANS)

চিটাৰা ডেস্ক, 10 আগষ্ট : বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান 77 সংখ্যক লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ছুইজাৰলেণ্ডত উপস্থিত হৈছে । সকলোৱে এই ডাঙৰ মঞ্চখনত কিং খানক সন্মানিত কৰিবলৈ অপেক্ষা কৰি থকাৰ সময়তে চলচ্চিত্ৰ মহোৎসৱৰ পৰা শ্বাহৰুখৰ প্ৰথমখন ফটো প্ৰকাশ পাইছে ।

শনিবাৰে আবেলি লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলে শ্বাহৰুখ খানৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে, য’ত এছ আৰ কেৰ ষ্টাইলিছ চেহেৰাই অনুৰাগীসকলৰ হৃদয় জয় কৰিছে । পোষ্টাৰত শ্বাহৰুখ খানক আনদিনাৰ দৰে ক’লা ব্লেজাৰ আৰু একেই ৰঙৰ ট্ৰাউজাৰত দেখা গৈছে ।

অনুৰাগীসকল মোহাচ্ছন্ন হৈ পৰিল শ্বাহৰুখৰ ফটো দেখি

পোষ্টাৰখন শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে মন্তব্য শাখাটো প্ৰশংসাৰে ভৰাই তোলে । এজনে লিখিছে, ‘শ্ৰেষ্ঠ চলচ্চিত্ৰ তাৰকা ।’ আন এজনে আকৌ কয়, ‘শ্বাহৰুখ খান এক আৱেগ, বলীউডে তেওঁক বিখ্যাত কৰা নাছিল, তেওঁ বলীউডক বিখ্যাত কৰি তুলিছে ।"

শ্বাহৰুখ খানক আজি লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত কেৰিয়াৰ এচিভমেণ্ট বঁটা - পাৰ্ডো আল্লা কেৰিয়াৰাৰে সন্মানিত কৰা হ'ব । ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে । তেওঁ তেওঁৰ কেৰিয়াৰত ১০০ খনতকৈয়ো অধিক চলচ্চিত্ৰ কৰিছে । তেওঁ সন্ধিয়া পিয়াজ্জা গ্ৰেণ্ডত বঁটা লাভ কৰিব । ইয়াৰ উপৰিও, খানৰ কেৰিয়াৰৰ এখন বিশেষ চলচ্চিত্ৰ দেৱদাস এই মহোৎসৱত প্ৰদৰ্শিত হ'ব ৷ তাৰ পিচত 11 আগষ্ট দেওবাৰে ফ’ৰাম স্পাজিঅ’ চিনেমাত অনুৰাগীৰ সৈতে মুকলিকৈ মত বিনিময় কৰিব শ্বাহৰুখে ।

শ্বাহৰুখ খানক দেখা যাব কিঙত

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খানে 2023 চনত তিনিখন ব্লকবাষ্টাৰ ছবি – পাঠান, জোৱান আৰু ডাংকিৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । 2023 চনৰ জানুৱাৰী মাহত মুক্তি পোৱা পাঠান ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামেও বিশেষ চৰিত্ৰত অভিনয় কৰিছিল । আনহাতে, 2023 চনৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰে জোৱানে । ইয়াত দীপিকা পাডুকন, নয়নতৰা, ৰিদ্ধি ডোগ্ৰা আৰু বিজয় সেঠুপতিয়ে বিশেষ ভূমিকা পালন কৰিছিল । দুখনকৈ মেগা মুক্তিৰ পিচত 2023 চনৰ ডিচেম্বৰ মাহত শ্বাহৰুখ খান ডাংকিৰ সৈতে ছবিগৃহলৈ উভতি আহে ৷ পৰিচালক ৰাজকুমাৰ হিৰাণীৰ সৈতে এইখন তেওঁৰ প্ৰথম ছবি । এই ছবিখনত বিকী কৌশল আৰু তাপসী পন্নুয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ পিচত অতি সোনকালে শ্বাহৰুখক দেখা যাব কিঙত যাৰ শ্বুটিং বৰ্তমান চলি আছে ।

লগতে পঢ়ক : লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ 2024 ত সন্মানিত হ'ব শ্বাহৰুখ - SRK Locarno Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.