ETV Bharat / entertainment

আজিৰে পৰা ৰাজ্যৰ কেইবাটাও ছবিগৃহত চলিব স্বৰ্গৰথ - Swargarath

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 1:33 PM IST

Swargarath: অৱশেষত শুকুৰবাৰে মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি "স্বৰ্গৰথ" ৷ বৃহস্পতিবাৰে মহানগৰীৰ আইদেউ ছবিগৃহত অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব' ৷ য’ত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ চাও আহক ছবিখনৰ কলা-কুশলীয়ে ছবিখনৰ সন্দৰ্ভত কি কয়-

Swargarath
অপেক্ষাৰ অন্ত পেলাই আজিৰে পৰা ছবিগৃহলৈ আহিল "স্বৰ্গৰথ" (ETV BHARAT)

গুৱাহাটী, 7 জুন: "স্বৰ্গৰথ"- সাধাৰণতে এই বাহনখন দেখিলে মানুহে সেৱা কৰে বা কেতিয়াবা ইয়াক দেখি মানুহৰ অস্বস্তিও লাগে ৷ কিন্তু জীৱনৰ কোনটো সময়ত এই বাহনত উঠিবলগীয়া হয়, সেয়া কোনেও নাজানে ৷

সেই স্বৰ্গৰথকে সাৰথি কৰি জীৱনত হাজাৰ হাজাৰ সপোন ৰচা বৈকুণ্ঠ আৰু কেইজনমান যুৱকৰ জীৱনৰ এটি জীয়া কাহিনীৰে নিৰ্মিত স্বৰ্গৰথ নামৰ ছবিখনে মুক্তি লাভ কৰে শুকুৰবাৰে ৷

ছবিখনৰ কাহিনী কিহৰ ওপৰত আধাৰিত ?

দীঘলীয়া অপেক্ষাৰ অন্তত এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত, ৰাজেশ ভূঞাৰ পৰিচালনাৰে শুকুৰবাৰৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিলে স্বৰ্গৰথে ৷ "স্বৰ্গ" যাত্ৰা আৰু পৃথিৱীত থকাসকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছা তথা টকাৰ লালসাত কৰা কিছু অনৈতিক কাৰ্যকলাপ আৰু তাৰ পিচত চলি যোৱা জীৱন সংগ্ৰামৰ হাস্যৰসিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ৷

বৃহস্পতিবাৰে মহানগৰীৰ আইদেউ ছবিগৃহ অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব' ৷ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি সংগীত পৰিচালক তথা জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া, ৰবি শৰ্মা, যতীন বৰা, অৰুণ হাজৰিকাকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

উল্লেখযোগ্য যে, এই নতুন অসমীয়া ছবিখনৰ প্ৰযোজনা কৰিছে ড° সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে ৷ আনহাতে ছবিখনত অভিনয় কৰিছে ক্ৰমে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনী দেউৰী বসুমতাৰী, কমল লোচন, বনী দেউৰী, ৰিণ্টু বৰা, উদ্ভৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী, আকিড জামান আৰু পংকজ মহন্তকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷

"স্বৰ্গৰথ" ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ ৷ সহ পৰিচালক হিচাপে আছে মনোজ শইকীয়া ৷ ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে ৷ সম্পাদনা প্ৰতীম খাউণ্ডৰ ৷ ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ৷ যিটো গীতে ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ উক্ত গীতটিত নাগাৰা নাম আৰু "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথকো দেখা পোৱা গৈছে ৷

লগতে পঢ়ক: নতুন অসমীয়া ছবি ‘জিয়া’ৰ সম্পৰ্কে কি ক’লে ছবিখনৰ প্ৰযোজক তথা পৰিচালকে ? - New Assamese Movie Jiya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.