চিটাৰা ডেস্ক, 10 জুলাই : কনমেন সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজলৈ বলবৎকাৰী সঞ্চালকালয়ে অধিক সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে । অসৎ কাৰ্য কৰি পোৱা ধনৰ পৰা লাভৱান হোৱাৰ ক্ষেত্ৰত জেকলিন জড়িত থকাৰ নতুন প্ৰমাণ ওলাইছে ।
ই ডিয়ে বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজলৈ নতুনকৈ চমন জাৰি কৰিছে ৷ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰ সন্দৰ্ভত অধিক সোধা-পোছাৰ বাবে পুনৰ তেওঁক মাতি পঠিওৱা হৈছে । সংস্থাটোৱে নতুন, গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ঘাটন কৰাৰ পিচত এই পদক্ষেপ লৈছে ৷ অভিনেত্ৰীগৰাকীৰ সৈতে এই তথ্যৰ প্ৰমাণীকৰণৰ প্ৰয়োজনীতা আছে বুলি জানিব পৰা গৈছে ।
নিউজৱায়াৰৰ প্ৰতিবেদন অনুসৰি, ই ডিৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে জেকলিন জড়িত থকাৰ অভিযোগ সন্দৰ্ভত নতুন প্ৰমাণ আৱিষ্কাৰ হোৱাৰ পিচত সংস্থাটোৱে ফাৰ্ণাণ্ডেজক গোচৰটোৰ কিছুমান দিশ স্পষ্ট কৰিবলৈ মাতি পঠিয়াইছে ৷ ৰেচ ৩ আৰু মাৰ্ডাৰ ২ ৰ দৰে চলচ্চিত্ৰত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা ডাঙৰ গোচৰ আছে ৷ চন্দ্ৰশেখৰে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰচাৰক শিবিন্দৰ সিঙৰ পত্নী অদিতি সিঙৰ পৰা ২০০ কোটি টকা সংগ্ৰহ কৰা সন্দৰ্ভত জেকলিন অৱগত আছিল বুলি তথ্য বাহিৰ হৈছে ।
লগতে পঢ়ক : সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰিলে জেকলিনে
ফাৰ্ণাণ্ডেজৰ অধিবক্তা অমন নন্দ্ৰজোগে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে । কিন্তু ই ডিয়ে অভিযোগ কৰিছে যে চন্দ্ৰশেখৰে অভিনেত্ৰীগৰাকীৰ বাবে ডিজাইনাৰ বেগ, নামী-দামী ব্ৰেণ্ডৰ কাপোৰ, দামী গহনাকে ধৰি আড়ম্বৰপূৰ্ণ উপহাৰ ক্ৰয় কৰিবলৈ অবৈধ ধন ব্যৱহাৰ কৰিছিল ।
ফাৰ্ণাণ্ডেজক ইডিয়ে চমন জাৰি কৰা এয়া প্ৰথম নহয় । বিগত সময়ত তেওঁ কেইবাবাৰো এজেন্সিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হৈছিল । ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ থকা কনমেনৰ সৈতে কোনো ধৰণৰ ৰোমান্টিক সম্পৰ্ক থকাৰ কথা ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে ।
পূৰ্বে ফাৰ্ণাণ্ডেজে চন্দ্ৰশেখৰৰ বিৰুদ্ধে সংবাদ মাধ্যম ব্যৱহাৰ কৰি তেওঁৰ সুনাম নষ্ট কৰাৰ লগতে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আদালতক অনুৰোধ কৰিছিল যদিও পিচত তেওঁ আবেদন প্ৰত্যাহাৰ কৰে । ই ডিয়ে অৱশ্যে যুক্তি দিছে যে ফাৰ্ণাণ্ডেজ সুকেশৰ অপৰাধজনিত কাৰ্য সন্দৰ্ভত অৱগত হৈয়ো জড়িত হৈ আছিল ।
লগতে পঢ়ক : আকৌ এবাৰ জেকলিনলৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰিছে সুকেশে