চিটাৰা ডেস্ক, 15 জুন : বলীউডৰ ‘ডাবাং লেডী’ সোনাক্ষী সিনহাৰ কথিত বয়ফ্ৰেণ্ড জাহীৰ ইকবালৰ সৈতে বিবাহৰ খবৰে বৰ্তমান খুবেই চৰ্চা লাভ কৰিছে ৷ সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিবলৈ যোৱা হয় তেন্তে 23 জুনত সোনাক্ষী আৰু জাহীৰৰ বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ৷
পিচে অনুৰাগীয়ে দ্ৰুতগতিত বিয়পি পৰা বিবাহৰ এই খবৰে এতিয়াও আনুষ্ঠানিক ঘোষণাৰ অপেক্ষাত আছে যদিও ইয়াত ৰেপিং জগতৰ প্ৰথম ‘বাদশ্বাহ’ হানি সিঙে বৰ্তমান এই খবৰৰ ওপৰত অৰ্থাৎ সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিবাহৰ খবৰৰ ওপৰত মোহৰ লগাইছে ৷ বিবাহ নিশা ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰিছে গায়ক তথা ৰেপাৰগৰাকীয়ে ৷ সোণাক্ষী আৰু জাহীৰৰ বিবাহনুষ্ঠানত তেওঁ নিশ্চয় উপস্থিত থাকিব বুলিও কৈছে হানি সিঙে ৷
যিকোনো ঠাইত থাকিলেও কিন্তু বিয়ালৈ যাব হানি সিং
বিগত নিশা হানি সিঙে এটা Instastory শ্বেয়াৰ কৰি লিখিছে, মই মোৰ প্ৰথমটো গীতৰ শ্বুটিং লণ্ডনত কৰিবলৈ ওলাইছো ৷ কিন্তু মই আপোনালোকক নিশ্চয়তা দিওঁ যে মোৰ বেষ্ট ফ্ৰেণ্ড সোনাক্ষী সিনহাৰ বিবাহত নিশ্চয় আহিম ৷ কাৰণ তেওঁ মোক মোৰ কেৰিয়াৰত মোক যথেষ্ট সহায় কৰিছে ৷ মোৰ কঠিন সময়তো মোৰ কাষত আছে ৷ দম্পতী সোনা আৰু জাহীৰলৈ মোৰ শুভেচ্ছা, ভোলেনাথে তেওঁলোকক আশীৰ্বাদ কৰক ৷

হানি সিং আৰু সোনাক্ষীৰ গীত
উল্লেখ্য যে, সোনাক্ষী সিনহাক দেখা গৈছিল হানি সিঙৰ হিট গীত ‘দেশী কলাকাৰ’ত আৰু ইয়াৰেই পাৰ্ট 2 KALAASTARত ৷ এই গীতকেইটি যথেষ্ট হিট হৈছিল আৰু সোনাক্ষী আৰু হানি সিঙৰ যুটিয়েও গীতকেইটিৰ জৰিয়তে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷
উল্লেখ্য যে, সোণাক্ষী সিনহাক ২৩ জুনত তেওঁৰ কথিত প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি জানিব পৰা গৈছে, কিন্তু ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই ৷ এতিয়া এই খবৰ কিমান সত্য সেয়া সময়তহে জানিব পৰা যাব ৷