ETV Bharat / entertainment

জন্মদিনত কিছু বিশেষ ধৰণেৰে পত্নীক শুভেচ্ছা জনালে ৰিতেশে - Riteish Deshmukh Instagram

author img

By ETV Bharat Entertainment Team

Published : Aug 5, 2024, 7:52 PM IST

Genelia Birthday: ৰিতেশ দেশমুখে জন্মদিনৰ বিশেষ দিনটোত পত্নী জেনেলিয়াক সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জনাইছে ৷ ৰিতেশে শুভেচ্ছা জনোৱাৰ ধৰণে সকলোৰে মুখত হাঁহি বিৰিঙিয়াইছে ৷ আপোনালোকেও চাওক ৰিতেশৰ শুভেচ্ছা বাৰ্তা-

Happy Birthday Baiko Riteish Deshmukh wished his lady love Genelia in the sweetest way WATCH
ৰিতেশ-জেনেলিয়া (ANI)

চিটাৰা ডেস্ক, 5 আগষ্ট : দক্ষিণৰ চলচ্চিত্ৰ জগতৰ পৰা বলীউডত খোজ দিয়া মোহময়ী অভিনেত্ৰী জেনেলিয়া ডিচুজাৰ আজি জন্মদিন । জেনেলিয়াই 5 আগষ্টত 37 বছৰ সম্পূৰ্ণ কৰে ৷ অভিনেত্ৰীগৰাকীৰ বিশেষ দিনটো বহু মিঠা মিঠা শুভেচ্ছাৰে ভৰি পৰিছে ৷ কিন্তু ইমানবোৰ শুভেচ্ছা বাৰ্তাৰ মাজত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে স্বামী-অভিনেতা ৰিতেশ দেশমুখৰ শুভেচ্ছাই ৷

Happy Birthday Baiko Riteish Deshmukh wished his lady love Genelia in the sweetest way
জেনেলিয়ালৈ ৰিতেশৰ শুভেচ্ছা (Instagram)

অভিনেত্ৰীগৰাকীৰ স্বামী-অভিনেতা ৰিতেশ দেশমুখে তেওঁৰ লেডী লাভক আটাইতকৈ মধুৰ শৈলীত শুভেচ্ছা জনাইছে । এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰি জেনেলিয়াৰ প্ৰতি মৰম প্ৰকাশ কৰিছে তেওঁ । আপুনি এই ভিডিঅ’টো চাই হাঁহি বন্ধ কৰিব নোৱাৰিব। ভিডিঅ’টো চাওক :

সোমবাৰে ৰিতেশ দেশমুখে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত জেনেলিয়াৰ সৈতে নিজৰ এটা ভিডিঅ’ পোষ্ট কৰে, য’ত স্বামী-স্ত্ৰীৰ জীৱনশৈলী দেখুওৱা হৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰিতেশে কেপশ্যনত লিখিছে, ‘হেপি বাৰ্থডে বাইকো । সঁচাকৈয়ে তুমি মোৰ জীৱনটো সলনি কৰিলা । পত্নী জেনেলিয়াই এই পোষ্টটোত মন্তব্য কৰিছে । কমেণ্ট ছেকশ্যনত সেউজীয়া হৃদয়ৰ ইম’জীৰে তেওঁ লিখিছে, ‘মই তোমাৰ জীৱনটো সলনি কৰি থাকিব বিচাৰো ।’

ধেমেলীয়া ভিডিঅ’টোত বিয়াৰ আগত আৰু পিচত স্বামীৰ প্ৰেম কেনেকুৱা হয় তাৰ আভাস দেখুওৱা হৈছে । আৰম্ভণিতে ৰিতেশ আৰু জেনেলিয়াক 90 দশকৰ ৰোমান্টিক গীত ‘তুমছা কোই প্যাৰা’ত কণ্ঠদান কৰা দেখা যায় । আনহাতে দ্বিতীয়াৰ্ধত ৰিতেশে জেনেলিয়াৰ ভৰিখন ধেমেলীয়া ধৰণে মালিচ কৰি থকা দেখা যায় । সদায়ৰ দৰেই এই দম্পতীৰ ভিডিঅ’টো তেওঁলোকৰ অনুৰাগীয়ে যথেষ্ট লাইক কৰিছে । লগতে, অনুৰাগীয়ে জেনেলিয়াক জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ প্ৰতি মৰমৰ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : নৱাজুদ্দিন ছিদ্দিকীৰ বাবে আহি আছে ফাঁচীৰ শাস্তি - Nawazuddin as Upendra Nath Rajkhowa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.