চিটাৰা ডেস্ক, ৭ মাৰ্চ: আজি বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰৰ ৬৯ সংখ্যক জন্মদিন । বলিষ্ঠ অভিনয়ৰ জৰিয়তে অনুপম খেৰে বলীউডত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে । ১৯৮৪ চনত মুক্তি পোৱা ‘সাৰাংশ’ ছবিৰ পৰাই অভিনেতাগৰাকীৰ কেৰিয়াৰ আৰম্ভ হৈছিল । অনুপমে প্ৰতিটো চৰিত্ৰৰে অনুৰাগীক আপ্লুত কৰিছিল । সেয়া লাগিলে খলনায়কৰ চৰিত্ৰই হওক, কমেডীৰ চৰিত্ৰই হওক বা ইতিবাচক চৰিত্ৰই হওক, প্ৰতিটো চৰিত্ৰত কেনেকৈ নিজকে ঢাল খুৱাব লাগে সেয়া জানিছিল অনুপম খেৰে ৷
৫০০ ৰো অধিক ছবিত কাম কৰিছে
অনুপম খেৰে ৫০০ৰো অধিক ছবিত কাম কৰিছে । আজি অনুপম খেৰক বলীউডৰ সফল প্ৰবীণ অভিনেতাৰ ভিতৰত গণ্য কৰা হয় । আজিৰ এই স্থান পাবলৈ কৰিবলৈ তেওঁ বহু সংগ্ৰাম কৰিছে । অতি কম সংখ্যকেহে জানে যে কেৰিয়াৰৰ আৰম্ভণিত অভিনেতাজনে ফেচিয়েল পেৰেলাইচিচ ৰোগত ভুগি আছিল ।
অনুপম খেৰ বলীউডত অভিনয়ৰ লগতে নিজৰ কামৰ প্ৰতিও অতি নিষ্ঠাবান । ইয়াৰ প্ৰমাণ ‘হম আপকে হে কৌন’ ছবিখনত দেখা গৈছিল । এই ছবিখনৰ শ্বুটিঙৰ সময়ত তেওঁ ফেচিয়েল পেৰেলাইচিচ ৰোগত আক্ৰান্ত হৈছিল । আচলতে অনুপম খেৰে নিজেই এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল ।
অসুস্থ হৈ থকাৰ পিচতো শ্বুটিং কৰিছিল
অভিনেতাজনে কৈছিল যে ৰাজশ্ৰী প্ৰডাকশ্যনৰ ছবি ‘হম আপকে হে কৌন’ৰ শ্বুটিঙৰ সময়ত তেওঁ ফেচিয়েল পেৰেলাইচিচত আক্ৰান্ত হৈছিল । মুখৰ বাওঁফাল পেৰেলাইচিচ হৈছিল । যাৰ বাবে চিকিৎসকে তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিছিল । কিন্তু অভিনেতাজনে ভাবিছিল যে যদি ঘৰত বহি যায় তেন্তে গোটেই জীৱনটো ঘৰতে বহি থাকিবলগীয়া হ’ব । ইয়াৰ পিচত পোনে পোনে ‘হম আপকে হে কৌন’ৰ শ্বুটিং চেটত উপস্থিত হৈ সকলোকে তেওঁৰ অসুস্থতাৰ কথা কয় । কেৱল এয়াই নহয়, পৰৱৰ্তী সময়ত তেওঁ ছবিখনৰ শ্বুটিঙো সম্পূৰ্ণ কৰে ।
লগতে পঢ়ক: অভিষেক বচ্চনক লঞ্চ কৰিবলৈ অস্বীকাৰ কৰিছিল পৰিচালকে !