ETV Bharat / entertainment

জল্পনা-কল্পনা কৰা বিয়াখন অৱশেষত হ’লগৈ - চাওক ফটো - Sonakshi Zaheer Wedding

Sonakshi Zaheer Wedding : সততেই যি দুই ধৰ্মৰ কথাতে মানুহৰ মাজত লাগে হাই-কাজিয়া, সেই দুই ধৰ্মৰ হৈয়ো প্ৰেমিক-প্ৰেমিকাৰ পৰা স্বামী-স্ত্ৰীৰ যাত্ৰা সম্পূৰ্ণ কৰিলে সোনাক্ষী-জাহীৰে ৷ এই যাত্ৰা সহজ নাছিল নিশ্চয় ৷ ২০১৭ চনৰ ২৩ জুনত প্ৰথমবাৰৰ বাবে ইজনে সিজনৰ চকুত বিশুদ্ধ প্ৰেম উপলব্ধি কৰিছিল দুয়োৱে ৷ সেই সাত বছৰীয়া যাত্ৰাক এতিয়া সামাজিক মৰ্যাদা দি দুয়োৱে আৰম্ভ কৰিছে যুগ্ম জীৱন ৷ যৌথ ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰিছে বিয়াৰ ফটো ৷

author img

By ETV Bharat Entertainment Team

Published : Jun 24, 2024, 10:30 AM IST

First Pictures Of Sonakshi, Zaheer Wedding: 'Love Has Guided Us Through Challenges And Triumphs'
বিয়াখন অৱশেষত হ’লগৈ (ETV Bharat)

চিটাৰা ডেস্ক, 24 জুন : "আমি এতিয়া স্বামী আৰু স্ত্ৰী," দীৰ্ঘদিনীয়া তাৰকাযুটি সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবালে দেওবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হয় । 37 বছৰীয়া সোনাক্ষী আৰু 35 বছৰীয়া জাহীৰে তেওঁলোকৰ পৰিয়াল আৰু দুয়ো ধৰ্মৰ নেদেখাজনৰ আশীৰ্বাদত "হীৰামাণ্ডী" তাৰকাৰ সাগৰমুখী বান্দ্ৰা ৱেষ্ট এপাৰ্টমেণ্টত এক অসামৰিক বিবাহপাশত আৱদ্ধ হয় ।

দুয়োৱে তেওঁলোকৰ বিবাহৰ খবৰ এক যুটীয়া ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰে । তেওঁলোকৰ মাজৰ প্ৰেমেই তেওঁলোকক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস দিছিল বুলি তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ পৰিয়াল আৰু দেৱতাৰ আশীৰ্বাদত স্বামী-স্ত্ৰী হিচাপে তেওঁলোক মিলনৰ শিখৰত উপনীত হয় ।

‘‘সাত বছৰ আগতে (23.06.2017) এই দিনটোতে, ইজনে সিজনৰ চকুত আমি প্ৰেমক বিশুদ্ধতম ৰূপত দেখিলোঁ আৰু ইয়াক ধৰি ৰাখিবলৈ নিজকে উছৰ্গা কৰিলোঁ । আজি সেই প্ৰেমেই আমাক সকলো প্ৰত্যাহ্বান আৰু বিজয়ৰ মাজেৰে পথ প্ৰদৰ্শন কৰিছে... এই মুহূৰ্তলৈ আগবঢ়াই লৈ গৈছে... য'ত আমাৰ পৰিয়াল আৰু আমাৰ দুয়োজন দেৱতাৰ আশীৰ্বাদত... আমি এতিয়া স্বামী আৰু পত্নী । ইয়াত ইজনৰ সিজনৰ সৈতে প্ৰেম, আশা আৰু সকলো সুন্দৰ বস্তু আছে, এতিয়াৰ পৰা চিৰদিনলৈকে ৷" বিয়াৰ পিচত এই শিৰোনামেৰে বিয়াৰ ফটো আপলোড কৰে দুয়োৱে ।

দৰা আৰু কইনাই একেই ৰঙৰ সাজ পৰিধান কৰে ৷ সোনাক্ষীয়ে শাৰী পিন্ধে আৰু আনহাতে জাহীৰে কুৰ্তা-পায়জামা পিন্ধে । সোনাক্ষীৰ "হীৰামাণ্ডী"ৰ সহ-অভিনেত্ৰী অদিতি ৰাও হাইদৰীয়ে তেওঁৰ বাগদত্তা, অভিনেতা সিদ্ধাৰ্থৰ লগতে অভিনেত্ৰী-বন্ধু হুমা কুৰেশ্বীৰ সৈতে উপস্থিত থাকে ।

অভ্যৰ্থনা স্থানৰ বাহিৰত নিয়োজিত সংবাদ মাধ্যমৰ লোকসকলক মিঠাই বিতৰণ কৰা হয় । ‘‘আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত আমাক ইমান মৰম, সুখ আৰু দয়া কৰাৰ বাবে ধন্যবাদ ! আপোনালোকৰ সমৰ্থন আৰু কামনাই আমাৰ বাবে বহুত মূল্যৱান ৷’’ উপস্থিত থকাসকলৰ বাবে এই বাৰ্তা প্ৰেৰণ কৰে দুয়োৱে ৷

যদিও তেওঁলোকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাছিল, তথাপিও চলিত মাহৰ আৰম্ভণিতে তেওঁলোকৰ বিয়াৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হ’বলৈ আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : সোনাক্ষী-জাহীৰৰ মেহেন্দী অনুষ্ঠান; সুন্দৰ সাজ-পোচাকত দেখা গ’ল দম্পতীক, ফটো চাওক - Sonakshi Zaheer Mehndi Ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.