ETV Bharat / entertainment

ৰমেন বৰুৱাই কেতিয়াও অহেতুক কথা পতা নাছিল : পুলক বেনাৰ্জী - Pulak Banerjee on Ramen Baruah

author img

By ETV Bharat Entertainment Team

Published : Jul 31, 2024, 6:04 PM IST

Pulak Banerjee interview: আজিও সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ । শিল্পীগৰাকীৰ সন্ধানত অভিযান চলি আছে যদিও আজিও সফল হ'ব পৰা নাই পৰা প্ৰশাসন । ৰমেন বৰুৱা সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বহু কথাই ক’লে বিশিষ্ট শিল্পী পুলক বেনাৰ্জীয়ে ।

ETV bharat special interview with veteran singer Pulak Banerjee
শিল্পী ৰমেন বৰুৱাৰ অনুপস্থিতিত পুলক বেনাৰ্জীৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, 31 জুলাই : বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱা নিখোজ হোৱাটো অসমীয়া সাংস্কৃতিক জগতখনৰ বাবে অতিকে এটা দুখজনক খবৰ ৷ হতবাক হৈ পৰিছে সকলো ৷ বহু বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা হোৱা নাই শিল্পীগৰাকীৰ ৷ আগন্তুক অসমীয়া ছবি এখনৰ গীত মুকলি অনুষ্ঠানত সমবেত হোৱা অসমীয়া মনোৰঞ্জন জগতখনৰ প্ৰতিজন ব্যক্তিয়েই ৰমেন বৰুৱাৰ সুস্বাস্থ্য কামনা কৰি তেওঁ উভতি অহাৰ বাবে প্ৰাৰ্থনা জনায় ৷

আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

ৰমেন বৰুৱা সোঁ-শৰীৰে ঘূৰি আহক ৷ সমগ্ৰ অসমবাসীৰ লগতে আমি ই টিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰাও ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা জনাইছো ৷

শিল্পী ৰমেন বৰুৱাৰ অনুপস্থিতিয়ে সকলোকে দুখ দিয়াৰ সময়তে আমি আগবঢ়াইছো বিশিষ্ট শিল্পী পুলক বেনাৰ্জীৰ এক বিশেষ সাক্ষাৎকাৰ, য’ত তেওঁ ৰমেন বৰুৱা সন্দৰ্ভত বহু কথাই জনালে-

কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী ৰমেন বৰুৱা ?

বিশিষ্ট শিল্পীগৰাকীৰ ব্যক্তিত্ব সম্পৰ্কে মন্তব্য কৰি শিল্পী পুলক বেনাৰ্জীয়ে কয়, ‘ৰমেন দাৰ ব্যক্তিত্ব মৃদুভাষী, অল্পভাষী বুলি ক’ব পাৰি ৷ শুভ্ৰবসনতেই তেওঁক দেখা যায় । গধুৰ কথা কয়, আমিও ৰমেন দাৰ লগত তেনেকৈয়ে কথা পাতো । এজন গুৰুগম্ভীৰ ব্যক্তি, কিন্তু সকলো ধৰণৰ কথাতে তেওঁ ভাগ লয় । সকলো বয়সৰ ব্যক্তি, যি ৰমেন দাৰ সান্নিধ্যলৈ আহে সুন্দৰকৈ সেই সময়খিনি কটাই যাব পাৰে । ৰমেন দাক সদায় লগ পোৱা নাযায়, কোনোবা মেল-মিটিং, কিবা ৰেকৰ্ডিং, গান শিকোৱা এইবোৰ মুহূৰ্তত ৰমেন দাক পাইছো । আবেলি হ’লেই নিজৰ বন্ধু-বান্ধৱৰ লগত কথা-পতা, খোজকঢ়া এটা নিয়ম আছিল তেওঁৰ । ৰমেন দা সদায় নিয়মৰ মাজত চলা মানুহ । ৰমেন দাৰ লগত মই কিছু কাম কৰিছো । ৰমেন দাৰ সুৰত, পৰিচালনাত গীত গাইছো । তেখেতক সদায় এটা সাংস্কৃতিক পৰিৱেশ মাজত পাইছো ।’

ৰমেন বৰুৱা অন্তৰ্মুখী স্বভাৱৰ আছিল নেকি ?

এই সন্দৰ্ভত বেনাৰ্জীয়ে কয়, ‘ৰমেন বৰুৱাই অহেতুক কথা পতা নাছিল । আমিতো বহি তেওঁৰ লগত বিভিন্ন ধৰণৰ কথা পাতিছো । একদম যে ভিতৰত সোমাই থকা, কাৰো লগত কথা নপতা, নিজৰ মাজতে থকা, মই কিন্তু এইটো দেখা নাই । মই যেতিয়া পাইছো খুব ভালদৰেই পাইছো । সুন্দৰভাৱে আলোচনা কৰে কথাবোৰ । উপযুক্ত সময়ত উপযুক্ত কথা কোৱাটো সদায় ৰমেন দাৰ স্বভাৱ ।’

তেওঁৰ সৃষ্টিসমূহ কেনেধৰণৰ আছিল ?

ৰমেন বৰুৱাৰ সৃষ্টিকৰ্ম সন্দৰ্ভত মন্তব্য কৰি পুলক বেনাৰ্জীয়ে কয়, ‘তেওঁৰ সৃষ্টিৰাজি অপূৰ্ব । এটা সময়ত তেখেতৰ গীতে আকাশ-বতাহ কঁপাই ৰাখিছিল । সেইটো সময়ত ৰমেন দাৰ যি ছবিয়ে নাহক কিয় সেই ছবিৰ গান হিট হ'বই । শ্ৰোতাই কেনেধৰণৰ সুৰ ভাল পাই এইবোৰৰ ওপৰত ৰমেন দাই বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল আৰু সেই মতে তেওঁ কাম কৰিছিল । চিনেমাৰ সংগীতো তেখেতে খুব ভালদৰে বুজি পাইছিল ।’

লগতে পঢ়ক : শিল্পী ৰমেন বৰুৱাবিহীন ৭টা দিন: শীঘ্ৰে উভতি আহিবলৈ আহ্বান শিল্পী সমাজৰ - Ramen Baruah Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.