ETV Bharat / entertainment

পত্নীৰ মৰমে দূৰ কৰে নেকি পুত্ৰক মাতৃদায়িত্ব পালন কৰাৰ পৰা ? - NILOTPAL RAJBONGSHI FILM JONIKA

স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত মাতৃ হ’ব পাৰে জানো তৃতীয় পক্ষ ? পুত্ৰপ্ৰেমত অন্ধ হৈ মাকে যেতিয়া ভাঙি পেলাই পুত্ৰৰ সংসাৰ-

Etv bharat exclusive interview with director Nilotpal Rajbongshi regarding his short film JONIKA
অসমীয়া চুটি ছবি ‘জনিকা’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 23, 2024, 3:05 PM IST

গুৱাহাটী : মুক্তি পালে নতুন অসমীয়া চুটি ছবি ‘জনিকা’ ৷ লহৰ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই চুটি ছবিখনৰ পৰিচালনা নীলোৎপল ৰাজবংশীৰ । ১৭ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে মুক্তিৰ পাছতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ ।

বৃহস্পতিবাৰে মুক্তিলাভ কৰে নতুন অসমীয়া চুটি ছবি ‘জনিকা’ই । মুক্তিৰ এদিনতে চুটি ছবিখনে যথেষ্ট প্ৰশংসা লাভ কৰিছে । লহৰ প্ৰডাকশ্যনৰ ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত এই চুটি ছবিখন পৰিচালনা কৰিছে নীলোৎপল ৰাজবংশীয়ে । মানুহৰ জীৱনলৈ বিভীষিকা কেতিয়া, কেনেদৰে কোনটো মুহূৰ্তত আহে সেয়া পূৰ্বে কোনেও অনুমান কৰিব নোৱাৰে । এনে পৰিস্থিতিত মানুহে কি কৰিব ভাবি উৱাদিহ নোপোৱা হয় ৷

চাৰিওফালৰে পৰা দুৰ্বল কৰি পেলোৱা এনে ক্ষণত বহুতে লৈ পেলাই ভুল সিদ্ধান্ত ৷ জনিকা নামৰ এই চুটি ছবিখনতো দৰ্শকে তেনে এক ঘটনাই দেখিবলৈ পাইছে ।

পৰিচালক নীলোৎপল ৰাজবংশীৰ মনৰ ভাৱ

ছবিখনৰ পৰিচালকে ই টিভি ভাৰত অসমক ক'লে- “চুটি ছবিখনত দুটা দিশ দেখুৱা হৈছে । ছবিখনৰ কাহিনীটো আমি এটা দৃষ্টিকোণেৰে দেখুওৱা নাই । ছবিখনৰ তিনিটা চৰিত্ৰৰ দৃষ্টিকোণেৰে আমি দেখুৱাইছো । বহু এনে মাক আছে যিসকলে নিজৰ পুত্ৰক আৱদ্ধ কৰি ৰাখিব বিচাৰে । ল’ৰাজনৰ বিয়াৰ পাছতো মাকে তেওঁক এৰি দিব নিবিচাৰে । এনে পৰিস্থিতিত বোৱাৰী এগৰাকীয়ে যিবোৰ সমস্যাৰ সন্মুখীন হয়, তেনে ঘটনাই ইয়াত দাঙি ধৰা হৈছে ৷”

তেওঁ লগতে কয়, “ছবিখনৰ কাহিনীটো ৪ বছৰৰ আগৰ । বিভিন্ন কাৰণত ছবিখন নিৰ্মাণ কৰা হোৱা নাছিল যদিও এতিয়া আমি ১০ দিনৰ ভিতৰতে গোটেই ছবিখন নিৰ্মাণ কৰি উলিয়াইছো ।”

ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ সীমান্ত কলিতাৰ । কাহিনী আৰু প্ৰযোজনা ৰিপুল বড়োৰ । দৃশ্যগ্ৰহণ কৰিছে দীপ বৰাই, সম্পাদনা সীমান্ত কলিতাৰ । চুটি ছবিখনত অভিনয় কৰিছে দিগাংগনা বৰা, দীপজ্যোতি কলিতা, হীৰা নেওগ আৰু বিনীতা ডেকা ৰাজবংশীয়ে ৷ সংগীতৰ দায়িত্বত আছে বিশ্ব বিদ্যুৎ দাস, ৰক্তিম গগৈ আৰু মুক্তি মুহূৰ্ত হাজৰিকা ।

লগতে পঢ়ক : বিজুদা অবিহনে পাৰ হৈ গ’ল ৭টা বৰ্ষ ! আজি তেওঁৰ পত্নীৰে দৃষ্টিৰে চাও আহক মহানায়কগৰাকীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.