ETV Bharat / entertainment

CAA ক লৈ দুটা ভাগত বিভক্ত হ’ল ছবিজগত, জানো আহক কোনে কোনে কৰিছে বিৰোধিতা

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:51 PM IST

Bollywood Reactions On CAA: ১১ মাৰ্চত সমগ্ৰ দেশতে বলবৎ হ’ল CAA ৷ ইয়াৰ পিচতে দেশজুৰি এই আইনখনক লৈ বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এনে পৰিস্থিতিত এই নতুন আইনখনৰ বিষয়ে বলীউডৰ তাৰকাসকলে কি ভাবে জানো আহক...

Celebrities React To CAA Implementation, Kangana supports CAA Thalapathy Vijay are against
CAA ক তাৰকাসকলৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: বলবৎ হ’ল নাগৰিকত্ব সংশোধনী আইন (CAA) । কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ সিদ্ধান্তক লৈ বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত পিচ পৰি থকা নাই চলচ্চিত্ৰ তাৰকাসকলো ৷ চলচ্চিত্ৰ তাৰকাসকলেও এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে ।

‘কা’ৰ সমৰ্থনত কংগনা ৰনৌত

বলীউডৰ কুইন কংগনা ৰনৌতে দেশৰ এই নতুন আইনখনক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, কংগনাই আৰম্ভণিৰে পৰা CAA ৰ সমৰ্থনত আছে । এনে পৰিস্থিতিত এতিয়া চৰকাৰৰ এই সিদ্ধান্তত সুখ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকী । কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘‘CAA’ ৷ লগতে ত্ৰিৰংগাৰ ৫টা ইমোজি যোগ কৰিছে ।

বিৰোধিতা কৰিছে থালাপতী বিজয়ে

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতী বিজয়ে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । থালাপতী বিজয়ে নাগৰিকত্ব সংশোধনী আইনক অসাৰ আখ্যা দিছে । কেৱল এয়াই নহয়, তামিল অভিনেতাগৰাকীয়ে নিজৰ ৰাজ্য তামিলনাডুত এই আইন কাৰ্যকৰী নকৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।

অনুৰাগ কাশ্যপৰ মতামত

২০১৯ চনত যেতিয়া দেশজুৰি CAA সন্দৰ্ভত হুলস্থুলৰ সৃষ্টি হৈছিল, তেতিয়া বহু চেলিব্ৰিটিয়ে নিজৰ মতামত প্ৰকাশ কৰিছিল । এই সন্দৰ্ভত বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । ইয়াৰ বিৰোধিতা কৰি তেওঁ লিখিছিল, ‘‘দেশদ্ৰোহী ৰাজপথত থকা মানুহ নহয়, দেশদ্ৰোহী ক্ষমতাত থকা সকল হে । জনসাধাৰণৰ আৰু সংবিধানৰ বাবে হে দেশ, ক্ষমতাত থকাসকলৰ বাবে নহয় । মোদী/শ্বাহ নথকা সময়তো দেশ আছিল আৰু ভৱিষ্যতেও থাকিব । কিন্তু বিজেপিৰ এই দেশদ্ৰোহ আৰু সহ্য কৰা নহ’ব । বিজেপিয়ে দেশপ্ৰেম প্ৰমাণ কৰিব লাগিব, আমি নহয় ।’’

অভিনেত্ৰী স্বৰা ভাস্কৰেও মাত মাতিছিল । প্ৰতিটো বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰা স্বৰা ভাস্কৰে CAAৰ বিৰুদ্ধেও মাত মাতিছিল । তেওঁ টুইট কৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ।

চৰকাৰৰ এই নতুন আইনখনৰ পক্ষত নাছিল জাভেদ জাফ্ৰি । ছ’চিয়েল মিডিয়াত ইয়াৰ বিৰোধিতা কৰিছিল জাভেদে ।

লগতে পঢ়ক: ৰাজনীতিত প্ৰৱেশ কৰিয়েই CAA ৰ বিৰুদ্ধে গৰজি উঠিল বিজয়, তামিলনাডুত CAA কাৰ্যকৰী নকৰিবলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.