ETV Bharat / entertainment

ব্লকআউট 2024 এ প্ৰভাৱিত কৰিব জানো তাৰকাৰ জীৱন ? - celebs in blockout 2024

Blockout 2024: বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ পিচত শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকনলৈকে বহু চেলেব্ৰিটীৰ নাম ব্লকআউট ২০২৪ ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷ ইয়াৰ পূৰ্বে আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, বিৰাট কোহলীৰ নাম প্ৰকাশ পাইছিল । ব্লকআউট ২০২৪ৰ শেহতীয়া তালিকাখনত কাৰ কাৰ নাম আছে জানো আহক...

celebs in blockout 2024
ব্লকআউট 2024 ৰ তালিকা (etv bharat)
author img

By ETV Bharat Entertainment Team

Published : May 18, 2024, 10:50 AM IST

চিটাৰা ডেস্ক, 18 মে’ : ব্লকআউট ২০২৪ ৰ তালিকাত আৰু কিছু চেলেব্ৰিটীৰ নাম সংযোজন কৰা হৈছে । শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ব্লকআউট ২০২৪’ৰ তালিকাত আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা আৰু বিৰাট কোহলীৰ নাম প্ৰকাশ হৈছিল । এতিয়া শেহতীয়া আপডেট অনুসৰি বলীউডৰ তাৰকা শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক ব্লকআউট ২০২৪ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়া উপৰিও হলীউডৰ গায়িক তথা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে এই তালিকাত ।

গাজা সংকটৰ সন্দৰ্ভত মৌন হৈ আছে বহু তাৰকা ৷ মৌনতা অৱলম্বন কৰাৰ ক্ষেত্ৰত যেন চেলেব্ৰিটীসকল একলগ হৈ আছে তেনে অনুমান হয় ৷ শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে য’ত টেইলৰ চুইফ্ট, বিয়ন্স, ড্ৰেক, হেৰী ষ্টাইলছ, আৰিয়ানা গ্ৰেণ্ডে আৰু ‘আইৰন মেন’ অভিনেতা ৰবাৰ্ট ডাউনী জুনিয়ৰৰ নামো আছে ।

‘ব্লকআউট ২০২৪’ জৰিয়তে বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বহু তাৰকাক সামাজিক মাধ্যমত ব্লক কৰিছে ৷ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ সময়ত পেলেষ্টাইনী জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি উদাসীন হৈ থকা বুলি তেওঁলোকে বিশ্বাস কৰা চেলেব্ৰিটীসকলক ‘ব্লক’ কৰিছে । শেহতীয়াকৈ BlockoutNow-এ ইয়াৰ ইনষ্টাগ্ৰামত আৰু কিছু চেলেব্ৰিটীৰ নাম প্ৰকাশ কৰিছে, য’ত আছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, বাজীৰাও মস্তানী দম্পতী দীপিকা পাডুকন-ৰণবীৰ সিঙৰ নাম ।

পেছাদাৰী ক্ষেত্ৰত শ্বাহৰুখ খান সুজয় ঘোষ পৰিচালিত 'কিং'ত ব্যস্ত হৈ আছে । এই এক্সন থ্ৰিলাৰখনত তেওঁক কন্যা সুহানাৰ সৈতে দেখিবলৈ পোৱা যাব । আনহাতে দীপিকা আৰু ৰণবীৰে তেওঁলোকৰ প্ৰথম সন্তানৰ আশা কৰি আছে । দুয়োকে ৰোহিত শ্বেট্টীৰ "সিংঘম এগেইন"ত দেখিবলৈ পোৱা যাব ।

ব্লকআউট কি ?

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ব্লকআউট ২০২৪ তালিকা হৈছে এক প্ৰকাৰৰ আন্দোলন যিয়ে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ ওপৰত নীৰৱ ভূমিকা পালন কৰি অহা তাৰকাসকলক ব্লক কৰাৰ বাবে আহ্বান জনায় । টিকটকত প্ৰৱৰ্তন কৰা ব্লকআউটে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক সামাজিক সমস্যা, বিশেষকৈ গাজা যুদ্ধ বিৰতি সমাধানৰ বাবে ছ’চিয়েল মিজিয়া প্লেটফৰ্ম ব্যৱহাৰ নকৰা চেলিব্ৰেটীসকলক ব্লক কৰিবলৈ উৎসাহিত কৰে ।

লগতে পঢ়ক : কিমান দুখত এগৰাকী শিল্পীয়ে ক’ব পাৰে নিজৰ প্ৰিয় শিল্পৰ পৰা আঁতৰি থকাৰ কথা ? - sannidhya bhuyan bihu function

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.