ETV Bharat / entertainment

মুক্তিৰ প্ৰথম তিনিদিনতে অভিলেখ গঢ়া বিদুৰভাইৰ প্ৰশংসনীয় সংগ্ৰহ - assamese movie bidurbhai

author img

By ETV Bharat Entertainment Team

Published : Jul 27, 2024, 12:17 PM IST

Assamese film Bidurbhai: ৰাজ্যৰ লগতে বাহিৰতো খলকনি তোলা বিদুৰভাইৰ এসপ্তাহত উপাৰ্জন 3.09 কোটি টকা । দৰ্শকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে প্ৰদৰ্শনীৰ সংখ্যাও ।

Bidurbhai collections
বিদুৰভাইৰ প্ৰশংসনীয় সংগ্ৰহ (Google and YouTube)

গুৱাহাটী, 27 জুলাই : ছবি নহয় যেন উৎসৱহে ৷ বিদুৰভাইক লৈ মানুহৰ মাজত ঠিক তেনেকুৱা উৎসাহেই দেখিবলৈ পোৱা গৈছে ৷ বিদুৰভাই বিদুৰভাই বুলি ৰৈ থকা মানুহখিনিয়ে যেন সৰগ ঢুকি পালে ৷ হয়ো পিছে, যেতিয়া আপুনি কিবা ছিৰিজ নাইবা চিনেমা এখন চাই সাংঘাতিক ভালপায়, তেতিয়া তাৰ পৰৱৰ্তী প্ৰজেক্টো কি হ’ব বুলি ৰৈ থকা যায় ৷

ছিৰিজ হিচাপে ইউটিউবত মুক্তি লাভ কৰা বিদুৰভাই কল্পনাতীতভাৱে মানুহৰ মন-মগজুত সোমাই পৰে ৷ পৰিচালক সুব্ৰত কাকতিয়ে কোৱাৰ দৰে হয়তো এই ছিৰিজটোৰ সৈতে মানুহ একাত্ম হ’ব পাৰে ৷ ছিৰিজটোৰ অপাৰ সফলতাৰ পাচত নিৰ্মাতাই দ্বিতীয়টো ছিজনৰ কথাও ভাবিছিল, কিন্তু পাকচক্ৰত ছিৰিজ হৈ পৰিলগৈ চিনেমা ৷ সৰু স্ক্ৰীণৰ পৰা চিধাই বিদুৰভাই পালেগৈ ছিলভাৰ স্ক্ৰীণ ৷

ফ্ৰীতে চাবলৈ পোৱা কিবা এটা পইচা দি মানুহে চাবলৈ যাবনে নাই সেই চিন্তাই অৱশ্যেই আমনি কৰিছিল বিদুৰভাই টীমক ৷ কিন্তু তৎসত্বেও তেওঁলোকে সিদ্ধান্ত ল’লে ছবি নিৰ্মাণৰ ৷ কিন্তু এয়া কি ! অদ্ভূত সঁহাৰি দেখোন দৰ্শকৰ ৷ ভাবিব নোৱাৰা ধৰণে ছবিখনে লাভ কৰিছে প্ৰশংসা ৷ প্ৰি-বুকিং দেখিয়ে টীম বিদুৰভাই আচৰিত হৈ পৰে ৷ অসমবাসীৰ এনে আদৰ এনে সমাদৰ টীম বিদুৰভাইৰ বাবে আশীৰ্বাদস্বৰূপ ৷ প্ৰায় প্ৰতিটো সাক্ষাৎকাৰতে তেওঁলোকেল খোদ এই কথা স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক : মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai

অসমৰ প্ৰতিটো ছবিগৃহতে এতিয়া কেৱল বিদুৰভাই । বিদুৰভাই চাবলৈ এতিয়া হিল দল ভাঙি আহিছে ৰাইজ । গাঁৱৰ পৰা আৰম্ভ কৰি চহৰলৈকে এতিয়া সকলোৰে মুখে মুখে কেৱল বিদুৰভাই । বিদুৰভাইৰ প্ৰতি দৰ্শকৰ আৱেগ আৰু মৰম ইতিমধ্যে প্ৰমাণিত হৈছে ।

দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই অসমীয়া ছবিখনৰ মুক্তিৰ প্ৰথম সপ্তাহৰ মুঠ কালেকশ্যন 3.09 টকা । আনহাতে ছবিখনে মুক্তিৰ প্ৰথম তিনিদিনতে মুঠ 1.24 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ দৰ্শকৰ সুবিধাৰ বাবে বৃদ্ধি কৰা হৈছে ছবিখনৰ প্ৰদৰ্শনীৰ সংখ্যাও ।

179 টা ছবিগৃহৰ পৰিৱৰ্তে এতিয়া মুঠ 249 টা ছবিগৃহত ৰাইজে উপভোগ কৰিব পাৰিব ছবিখন । বিদুৰভাই ছবিখনৰ মুক্তিৰ প্ৰথম দিনাৰ পৰাই প্ৰতিটো দৰ্শনী হাউচফুল হৈছে । এখন অসমীয়া ছবিৰ এনে সফলতাই প্ৰতিগৰাকী অসমীয়া ছবিপ্ৰেমী ৰাইজক উৎসাহিত কৰি তুলিছে ।

ছবিখনত অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ে প্ৰতিজন দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইফালে অসমৰ উপৰিও শুকুৰবাৰৰে পৰা হায়দাৰাবাদ, চেন্নাই, দিল্লী, নতুন দিল্লী, নয়দা, মালদা, মীৰা ৰোড, নবী মুম্বাই, পুনে, গোৱা, বেংগালুৰু আৰু শ্বিলঙকে ধৰি বিভিন্ন স্থানত মুক্তি লাভ কৰে ছবিখনে ।

লগতে পঢ়ক : মুক্তিৰ এসপ্তাহৰ পিচতো দৰ্শকৰ বাবে বিদুৰভাইৰ বিশেষ দৰ্শনী - assamese movie bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.