গোৱালপাৰা : বিশিষ্ট পৰিচালক, নাট্যকাৰ তথা অভিনেতা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰত সৃষ্টি কৰি থৈ যোৱা বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰৰ বাকৰিৰ সম্পূৰ্ণ প্ৰাকৃতিক মঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় । নাট্য সমাৰোহৰ আজি দ্বিতীয় দিন (সোমবাৰ)ৰ প্ৰথম দৰ্শনীত ৰাজীৱ কৃষ্ণাণৰ ৰচনা আৰু পৰিচালনাত চেন্নাইৰ পাৰ্চ নাট্যগোষ্ঠীয়ে তামিল ভাষাৰ নাট "কিন্ধন চাৰিথিৰাম"ৰে দৰ্শকক অভিভূত কৰি তোলে ।
দ্বিতীয় দৰ্শনীত বিয়লি ২-৩০ বজাত ড৹ গৌৰৱ দাসৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ কৰা হয় "কিষান ৰাজ" । হিন্দী ভাষাৰ নাটখনৰ সফল মঞ্চস্থ কৰে কলকাতাৰ অনুচিন্তন নাট্য দলে । সন্ধিয়া ৬ বজাত দিনটোৰ নাট্য পৰিবেশনৰ ওপৰত পৰ্যালোচনা সভা অনুষ্ঠিত হয় । মঙলবাৰে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ অন্তিম দিনা কাৰ্যসূচীত পুৱা ১১.৩০ বজাত ৰাভা নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠান আৰম্ভ হোৱাৰ লগতে বাদুংদুপ্পা কলাকেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষৰ মুকলি আলোচনাৰে ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ ২০২৪ নাট্যবৰ্ষৰ সামৰণি পৰিব ।
অইন বৰ্ষৰ দৰে এইবেলিও বাদুংদুপ্পাৰ শালনিৰ তলত ভৰি পৰিছে দেশী-বিদেশী, বিভিন্ন ভাষাৰ নাট্য সম্ভাৰেৰে । সমাগম ঘটিছে দেশী-বিদেশী যশস্বী নাট্যকাৰ, পৰিচালক, অভিনেতা-অভিনেত্ৰী তথা নাট্য গৱেষকৰ । প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰত পঞ্চদশ নাট সমাৰোহত টংলা(ওদালগুৰি), কলকাতা(পশ্চিমবংগ) আৰু চেন্নাইৰ নাট্যদলে যোগদান কৰে ।
প্ৰাকৃতিক মঞ্চৰ এই নাট সমাৰোহত নাট উপভোগ কৰিবলৈ অহা দৰ্শকসকলৰ কাৰণে অইন বছৰৰ দৰে বাঁহেৰে নিৰ্মিত গেলাৰী আসন, দেশ-বিদেশৰ পৰা সমাৰোহত যোগদান কৰা পৰ্যটক, নাট্য কৰ্মীসকল থকাৰ বাবে বাঁহ আৰু খেৰেৰে নিৰ্মিত আৱাস গৃহ, বাঁহেৰে নিৰ্মাণ কৰা বিচনা সজা হৈছে ।
বাদুংদুপ্পাৰ ইতিহাস
বাদ্যুংদুপ্পাৰ স্ৰষ্টা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সতীৰ্থ তথা নাট্যকৰ্মী মদন ৰাভাই ই টিভি ভাৰতক জনায় যে বাদুংদুপ্পা কলাকেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল ১৯৯৮ চনত । প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নিজাকৈ কলাকেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল ২০০৬ চনত । শুক্ৰাচাৰ্য ৰাভাৰ প্ৰচেষ্টাত শালনিৰ তলত পোন প্ৰথমবাৰৰ বাবে নাট সমাৰোহ আৰম্ভ হৈছিল ২০০৮ চনত । মদন ৰাভাই আৰু কয়, "আণ্ডাৰ দ্যা শাল ট্ৰি হৈছে সম-পৰীক্ষামূলক এটি নাট সমাৰোহ । মণিপুৰৰ এইচ কানহাইলাল আৰু বাদুংদুপ্পাৰ স্ৰষ্টা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই ২০০৮ চনত এই নাট সমাৰোহ সম-পৰীক্ষামূলকভাৱে পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল ‘আণ্ডা দ্যা শাল ট্ৰি’ৰ ।"
তেওঁ লগতে কয়, "প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই শৈশৱৰ পৰাই প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকি ভাল পাইছিল । যাৰ বাবে ৰামপুৰ গাঁৱতে থকা শালগছৰ মাজত এদিন আৰম্ভ কৰিছিল নাটকৰ চৰ্চা । নাটকৰ চৰ্চাই সেই ঠাই টুকুৰাক ২০০৮ চনত এখন মঞ্চলৈ ৰূপান্তৰ কৰি পেলাইছিল । পোনপ্ৰথমে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰামপুৰলৈ আহিছিল নাট্যপ্ৰেমী । তাৰ পাছত ক্ৰমে এখন বিশাল মঞ্চ হৈ পৰিছিল শালগছৰে আৱৰি থকা জংঘলখন ।"
২০০৮ চনৰে পৰা নাটৰ আখৰা, ন ন শিল্পীৰ নাট চৰ্চাৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছিল বাদুংদুপ্পা শালনি । বাদুংদুপ্পাৰ শালনিৰ প্ৰাকৃতিক মঞ্চৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগে লগে সুদূৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ পৰাও বিশিষ্ট নাট্যকাৰ, পৰিচালক, নাট গৱেষক, অভিনেতা-অভিনেত্ৰী বাদুংদুপ্পালৈ আহি দুমাহ-ছমাহলৈ বাদুংদুপ্পাৰ আখৰা ঘৰত থাকি নাট সম্পৰ্কীয় বহু কথা গৱেষণা কৰিছিল । বিশিষ্ট পৰিচালক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অবৰ্তমানত বাদুংদুপ্পা নাট্যগোষ্ঠীৰ কৰ্মী, কলা-কুশলীসকলে শুক্ৰাচাৰ্য ৰাভাৰ সপোনক বাস্তৱায়িক ৰূপ দিয়াৰ বাবে শৈক্ষিক ব্যৱস্থাটোক থিয়েটাৰ বা নাটকৰ সৈতে সামঞ্জস্য আনিব পৰা যায় সেই উদ্দেশ্যেৰে এখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি বাদুংদুপ্পাৰ এগৰাকী সক্ৰিয় সংগঠক মঞ্জিত নাথে উল্লেখ কৰে ।
প্ৰয়াত নাট্যকাৰ শুক্ৰাচাৰ্য ৰাভাই নাটকৰ জৰিয়তে সমাজখনক সজাগ-সচেতনতাৰে আগবঢ়াই নিয়াত গুৰুত্ব প্ৰদান কৰি আহিছিল । সেয়ে সাধাৰণ মানুহক নাটকৰ মাজেৰে মনোৰঞ্জন দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল । নাট উপভোগ কৰি মানুহে ক’বলৈ বাধ্য হৈছিল- সঁচাকৈ এই ধাৰা সুকীয়া । বিশ্বৰ আন প্ৰান্তত নোপোৱা নাটকৰ আমেজ কেৱল বাদুংদুপ্পাতে বিৰাজমান । কিয়নো শুক্ৰাচাৰ্য ৰাভাই প্ৰৱৰ্তন কৰা নাটশৈলী অগতানুগতিক আৰু সম্পূৰ্ণ প্ৰাকৃতিক, য’ত প্ৰযুক্তি আৰু যান্ত্ৰিক শব্দ, পোহৰৰ স্থান নাই ।