ETV Bharat / entertainment

যৌন নিৰ্যাতনৰ অভিযোগ উঠাই ল’বলৈ হেঁচা অভিনেতাক - Director Ranjith Sexual Misconduct

author img

By ETV Bharat Entertainment Team

Published : Aug 30, 2024, 2:03 PM IST

MALAYALAM FILM INDUSTRY DARK SIDE : 2012 চনত বেংগালুৰুৰ এখন হোটেলত এজন অভিনেতাক ভুৱা অডিশ্যনৰ আচিলা লৈ নিমন্ত্ৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কোজিকোডৰ এজন উচ্চাকাংক্ষী অভিনেতাই দাবী কৰিছে যে তেওঁৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ বেনামী লোকে ফোন কৰি তেওঁক হেঁচা প্ৰয়োগ কৰিছে ।

Aspiring Actor Claims Pressure to Withdraw Complaint after He Accuses Director Ranjith of Sexual Misconduct
যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat/ Social Media)

চিটাৰা ডেস্ক, 30 আগষ্ট : যৌন অসদাচৰণৰ গুৰুতৰ অভিযোগ উত্থাপনৰ পিচত মালায়ালম চলচ্চিত্ৰ উদ্যোগটোলৈ যেন অন্ধকাৰ নামি আহিছে ৷ উদ্যোগটোৰ বহু সংখ্যক লোক অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে । প্ৰখ্যাত পৰিচালক ৰঞ্জিতৰ বিৰুদ্ধে এজন উচ্চাকাংক্ষী পুৰুষ অভিনেতাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিচত পৰিচালকজনে এতিয়া অভিযোগবোৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাতৰি আহি পৰিছে । উচ্চাকাংক্ষী পুৰুষ অভিনেতা সাজীৰে ইটিভি ভাৰতক জনাই যে বহুলোকে তেওঁক বেনামীভাৱে ফোন কৰিছে আৰু তেওঁক হেঁচা প্ৰয়োগ কৰিছে ।

কোজিকোডৰ বাসিন্দা সাজীৰে অভিযোগ কৰিছে যে ৰঞ্জিতে 2012 চনত বেংগালুৰুৰ এখন হোটেলত তেওঁক যৌন নিৰ্যাতন কৰিছিল । সাজীৰে দাবী কৰে যে ৰঞ্জিতৰ দ্বাৰা আয়োজিত এক অডিশ্যনৰ সময়ত তেওঁক কাপোৰ খুলিবলৈ কোৱা হৈছিল আৰু এইদৰে তেওঁ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল । উচ্চাকাংক্ষী অভিনেতাজনে জনাইছে যে তেতিয়াৰ পৰা তেওঁৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দি থকা হৈছে ৷ বেনামী ব্যক্তিসকলে তেওঁৰ বিবৃতি সলনি কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰি আছে ।

লগতে পঢ়ক : হেমা সমিতিৰ প্ৰতিবেদনৰ ফলাফল হৃদয়বিদাৰক আৰু পৰিচিত: স্বৰা ভাস্কৰ - MALAYALAM FILM INDUSTRY DARK SIDE

যুৱকজনৰ যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত, কেৰালা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 354 ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । তদন্তটো ৰাজ্য চৰকাৰৰ দ্বাৰা গঠন কৰা এক বিশেষ অনুসন্ধান কাৰী দলৰ (এছআইটি) দ্বাৰা পৰিচালনা কৰা হ'ব । আইজিপি আৰু আৰক্ষী আয়ুক্ত এছ. শ্যামসুন্দৰে গোচৰটো পঞ্জীয়ন কৰাটো নিশ্চিত কৰে আৰু আশ্বাস দিয়ে যে আইনী আদেশ অনুসৰি তদন্ত আগবাঢ়িব ।

হেমা কমিটীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ সৈতে ইতিমধ্যে মালয়ালম চলচ্চিত্ৰ জগতখন বিতৰ্কৰ মাজত সোমাই পৰাৰ সময়তে ৰঞ্জিতৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে । চলিত মাহত ৰাজহুৱা কৰা 235 পৃষ্ঠাৰ এই প্ৰতিবেদনত মলীউডৰ ওপৰত পুৰুষ প্ৰযোজক, পৰিচালক আৰু অভিনেতাৰ এটা দলে প্ৰয়োগ কৰা নিয়ন্ত্ৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে ।

ইয়াৰ পূৰ্বে বাঙালী অভিনেত্ৰী শ্ৰীলেখা মিত্ৰই ৰঞ্জিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিচত কেৰেলা ৰাজ্যিক চলিচিত্ৰ একাডেমীৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে তেওঁ ।

লগতে পঢ়ক : হেমা কমিটীৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া অভিনেতা নানী-পৃথ্বীৰাজ সুকুমাৰণ আৰু অন্যান্য তাৰকাৰ - MALAYALAM FILM INDUSTRY DARK SIDE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.