চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰী ৰশ্মিকা মন্দন্না । বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰশ্মিকা মন্দন্নাই বিজয় দেৱেৰাকোণ্ডাক ডেট কৰি আছে । বহু সময়ত দুয়োকে একেলগে দেখা যায় যদিও দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কক লৈ মৌনতা অৱলম্বন কৰিছে । এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই সম্পৰ্কৰ কথা ৷ ইফালে এইবোৰৰ মাজতে প্ৰায়ে ৰশ্মিকা আৰু বিজয়ৰ বিয়াৰ খবৰ অহা দেখা যায় । এতিয়া ৰশ্মিকাই তেওঁৰ ফেন পেজৰ এটা পোষ্টত কমেন্ট কৰি এই সন্দৰ্ভত ইংগিত দিছে । এটা ফেন পেজে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল ৰশ্মিকাৰ স্বামী কেনেকুৱা হ’ব লাগে ।
ফেন পেজে উল্লেখ কৰিলে ৰশ্মিকাৰ স্বামী হ’বলৈ কি কি গুণ লাগিব । লগতে পোষ্টটোত লিখা আছিল যে তেওঁৰ স্বামী VD ৰ দৰে হ’ব লাগিব । VD মানে বিজয় দেৱেৰাকোণ্ডা । এতিয়া পোষ্টটোত ৰশ্মিকাই দিয়া মন্তব্যই ছ’চিয়েল মিডিয়াত সৃষ্টি কৰি প্ৰতিক্ৰিয়াৰ ৷
আচলতে পোষ্টটোত কি লিখা আছিল ?
ৰশ্মিকাৰ ফেন পেজে লিখিছিল,‘‘ৰশ্মিকা মন্দন্নাৰ স্বামী হ’বলৈ এজন ব্যক্তিৰ কি গুণ থাকিব লাগে ? তেওঁ ৰাষ্ট্ৰীয় ক্ৰাছ হ’ব লাগিব, গতিকে তেওঁৰ স্বামী বিশেষ হ’ব লাগিব । তেওঁৰ স্বামী VDৰ দৰে হ’ব লাগিব । VD মানে VERY DARING , যিয়ে অভিনেত্ৰীগৰাকীক ৰক্ষা কৰিব পাৰিব ৷ আমি তেওঁক ৰাণী বুলি কওঁ, সেয়েহে তেওঁৰ স্বামীও ৰজা হ’ব লাগিব ।’’
ৰশ্মিকাৰ মন্তব্য
ফেন পেজৰ এই পোষ্টটোত ৰশ্মিকাই মন্তব্য কৰিছে । তেওঁ লিখিছে,‘‘এইটো একেবাৰে শুদ্ধ কথা ।’’ ৰশ্মিকাৰ এই মন্তব্যৰ পিচতে অনুৰাগীয়ে অনুভৱ কৰে যে তেওঁ বিজয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব । এজন অনুৰাগীয়ে লিখিছে- মই ভাবো ভৱিষ্যতে ৰশ্মিকাই বিজয়ক বিয়া কৰাব । আনহাতে আন এজনে লিখিছে- তেওঁ পৰোক্ষভাৱে নিশ্চিত কৰিছে ।
উল্লেখ্য যে, ৰশ্মিকা আৰু বিজয়ে বহু ছবিত একেলগে কাম কৰিছে । গীতা গোবিন্দম আৰু ডিয়েৰ কমৰেড ছবি দুখনত তেওঁলোকৰ ৰোমান্টিক কেমেষ্ট্ৰীৰ অতিশয় শলাগ লোৱা হৈছিল । গীতা গোবিন্দমৰ পিচৰ পৰা তেওঁলোকৰ ডেটিঙৰ খবৰ আহিছিল ।
লগতে পঢ়ক: মাত্ৰ ৩ দিনতে বাজেটতকৈ অধিক উপাৰ্জন কৰিলে আৰ্টিকেল ৩৭০ এ