ETV Bharat / entertainment

অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত গ্ৰেপ্তাৰ - Actor Sahil Khan - ACTOR SAHIL KHAN

ACTOR SAHIL KHAN : মুম্বাই আৰক্ষীJ চাইবাৰ চেলৰ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) ছত্তীশগড়ৰ পৰা অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ কৰে ৷ বোম্বাই উচ্চ ন্যায়ালয়ে ইতিমধ্যে ছাহিলক অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ কৰিছে ৷

Actor Sahil Khan Arrested
অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত গ্ৰেপ্তাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 11:35 AM IST

চিটাৰা ডেস্ক, 28 এপ্ৰিল : মুম্বাই আৰক্ষীয়ে অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । বোম্বাই উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনৰ বাবে ছাহিলৰ আবেদন নাকচ কৰাৰ পাচতেই ছাহিল খানক মুম্বাই আৰক্ষী চাইবাৰ চেলৰ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) ছত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

সূত্ৰ অনুসৰি, অভিনেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰাৰ পিচৰে পৰা মুম্বাইৰ পৰা পলায়ন কৰিছিল ৷ অভিনেতাজন মুম্বাই আৰক্ষী আৰু ছত্তীশগড় আৰক্ষীৰ যুটীয়া অভিযানৰ সহায়ত ৪০ ঘণ্টাতকৈও অধিক সময় অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে তেওঁক মুম্বাইলৈ লৈ অনা হৈছে ৷

তেওঁক পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে । 'ষ্টাইল' আৰু 'এক্সকিউজ মী'ৰ দৰে চলচ্চিত্ৰত কাম কৰা ছাহিল খান ছ'চিয়েল মিডিয়াত বহুত সক্ৰিয় ৷ এছআইটিয়ে ছত্তীশগড়ৰ কিছু বিত্তীয় আৰু ৰীয়েল ইষ্টেট প্ৰতিষ্ঠান আৰু বিতৰ্কিত মহাদেৱ বেটিং এপৰ প্ৰচাৰকসকলৰ মাজত কথিত অবৈধ লেনদেনৰ তদন্ত অব্যাহত আছে ।

এই সপ্তাহৰ আৰম্ভণিতে, অভিনেতা তামান্না ভাটিয়াক মহাদেৱ বেটিং এপৰ এটা সহায়ক এপৰ প্ৰচাৰৰ সন্দৰ্ভত মাতি পঠোৱা হৈছিল । ফেয়াৰপ্লে’ বেটিং এপত ইণ্ডিয়ান প্ৰিমিয়াৰ মেচ (আই পি এল) খেলৰ প্ৰচাৰ কৰাৰ অভিযোগত অভিনেতাজনক মহাৰাষ্ট্ৰ চাইবাৰ চেলে মাতি পঠিয়াইছিল ।

মহাদেৱ বেটিং এপটোৱে বিগত বছৰত বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ এই এপটোত অভিনেতা ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ দৰে অভিনেতা- অভিনেত্ৰীয়ে বিজ্ঞাপনত দিয়া দেখা গৈছিল ৷ ইতিমধ্যে তেওঁলোকক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল । মহাদেৱ অনলাইন বেটিং এপটো ডুবাইৰ সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপপালে পৰিচালনা কৰিছিল । তেওঁলোক দুয়ো ছত্তীশগড়ৰ ভিলাইৰ ।

লগতে পঢ়ক : ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা; আনমোল বিষ্ণৈৰ বিৰুদ্ধে জাৰি লুকআউট চাৰ্কুলাৰ - Salman Khan House Firing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.