ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে বিচ্ছেদৰ পোষ্টত লাইক অভিষেকৰ ! - Abhishek Aishwarya divorce

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 6:41 PM IST

Abhishek Bachchan Aishwarya Rai split : অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে চৰ্চা লাভ কৰি থকাৰ মাজতে অভিষেক বচ্চনে লাইক কৰিলে ‘ডিভোৰ্চ’ৰ এটা পোষ্ট ৷ সবিশেষ আগলৈ-

Abhishek Bachchan 'Likes' Post on Divorce Days After Aishwarya Rai's Solo Appearance at Ambani Wedding
বিবাহ বিচ্ছেদৰ বাতৰি (IMAGE- ANI)

চিটাৰা ডেস্ক, 18 জুলাই : দীৰ্ঘসময় ধৰি চলি আছিল বিচ্ছেদৰ বাতৰি ৷ কোনো ফালৰে পৰা অহা নাই কোনো ধৰণৰ বিবৃতি ৷ কিন্তু এই বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাইছে দুয়োপক্ষৰ কৰ্মকাণ্ডইহে ৷ প্ৰথমো আম্বানীৰ বিয়ালৈ গ’ল পৃথকে পৃথকে আৰু এতিয়া বিচ্ছেদৰ বাতৰিত সহমত প্ৰকাশ কৰিছে জুনিয়ৰ বচ্চনে ৷ হয়, আমি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ কথাই কৈছোঁ ৷ আদৰ্শ স্বামী-স্ত্ৰী হিচাপে সকলোৰে মাজতে জনপ্ৰিয় এই তাৰকা যুটিৰ বিচ্ছেদৰ খবৰে সকলোৰে হতভম্ব কৰি তুলিছে ৷

গোটেই বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰা আম্বানীৰ বিয়াত পৃথকে পৃথকে উপস্থিত হয় বচ্চন পৰিয়াল আৰু ঐশ্বৰ্য ৷ সমগ্ৰ বচ্চন পৰিয়ালক একেলগে দেখাৰ পৰিৱৰ্তে ঐশ্বৰ্যক দেখা গ’ল কন্যা আৰাধ্যাৰ লগত ৷ বিচ্ছেদৰ বাতৰি সেই সময়ত পুনৰ চৰ্চা হ’বলৈ ধৰিলে ৷ কোনো এটা পক্ষইও এই খবৰ সন্দৰ্ভত একো মন্তব্য এতিয়ালৈকে কৰা নাই ৷ এতিয়া পুনৰ সকলোৰে দৃষ্টিলৈ অহা এটা কথা হ’ল যে অভিষেক বচ্চনে সামাজিক মাধ্যমত এটা ডিভোৰ্চৰ পোষ্টত লাইক কৰিছে ৷ সেইটো দেখাৰ পিচত বিচ্ছেদৰ বাতৰিত ই অধিক ইন্ধন যোগাইছে ৷ নেটিজেন যেন নিশ্চিত হৈ পৰিছে তেওঁলোকৰ বৈবাহিক জীৱনত একো ঠিক চলি থকা নাই বুলি ৷

অভিষেক বচ্চনে লাইক কৰা পোষ্টটো বিবাহ বিচ্ছেদৰ সৈতে জড়িত আৰু তাত বিবাহ বিচ্ছেদৰ ক্ৰমাৎ বৃদ্ধি পোৱা অসুবিধাৰ বিষয়ে আলোচনা কৰা হৈছে । এতিয়া এই পোষ্টটো ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

বিবাহ বিচ্ছেদৰ সপক্ষে নেকি অভিষেক বচ্চন ?

এই পোষ্টটো লাইক কৰাৰ পিচত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইয়াক অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ সৈতে সংযোগ কৰিছে । এই পোষ্টটো লেখিকা হিনা খাণ্ডেলৱালে শ্বেয়াৰ কৰিছে, য’ত অভিষেকে লাইক কৰে । এই পোষ্টটোত লিখা আছে, ‘যেতিয়া প্ৰেম সহজ হৈ নাথাকে, যি বিয়া হৈ এতিয়া বিচ্ছেদৰ বাট আঁকোৱালি লৈছে, তেওঁলোকক এই সিদ্ধান্ত ল’বলৈ কিহে প্ৰেৰণা দিয়ে আৰু বিবাহ বিচ্ছেদ কিয় বৃদ্ধি পাইছে ?

এই পোষ্টটোত আৰু লিখা আছে, ‘বিবাহ বিচ্ছেদ সহজ নহয়, কোনে সুখেৰে জীয়াই থকাৰ সপোন দেখিব নিবিচাৰে, বৃদ্ধ বয়সত সংগীৰ হাতত ধৰি ৰাস্তা পাৰ হোৱাৰ কল্পনা কোনে নকৰে ? কিন্তু জীৱনটো আমাৰ আশাৰ বিপৰীত হৈ পৰে, সকলো ভাল হোৱাৰ পিচতো সম্পৰ্ক ছিন্ন-ভিন্ন হ’বলৈ আৰম্ভ কৰিলে আমি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ? ই এনে বহু প্ৰশ্নৰ ওপৰত আলোকপাত কৰে ৷ ‘ধূসৰ বিবাহ বিচ্ছেদ’ আৰু ৫০ বছৰ বয়সৰ পিচত বিবাহ বিচ্ছেদ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি এই লেখাটোত উল্লেখ কৰা হৈছে ।

ছ'চিয়েল মিডিয়াত হুলস্থূল

বিবাহ বিচ্ছেদৰ পোষ্টটোত অভিষেকৰ লাইকে এক হুলস্থূলৰ সৃষ্টি কৰিছে । নেটিজেনে অভিষেক আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ বিষয়ে অনুমান কৰি আছে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.