ETV Bharat / entertainment

‘সিংঘম’ আৰু ‘ভুল ভুলইয়া ৩’ ৰ বাবে দৰ্শক কমিব নেকি ‘অভিমন্যু’ ৰ ?

১৫ নৱেম্বৰত মুক্তি পাবলৈ সাজু হৈছে নতুন অসমীয়া ছবি অভিমন্যু । শেহতীয়াকৈ মুক্তি পাইছে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ট্ৰেইলাৰ ।

Abhimanyu director Achinta Sankar says people will love to watch KAMAL LOCHAN DEEPLINA DEKA
নতুন অসমীয়া ছবি অভিমন্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 6:57 PM IST

গুৱাহাটী : অপেক্ষাৰ অন্ত পেলাই অহা ১৫ নৱেম্বৰত আহি আছে নতুন অসমীয়া ছবি অভিমন্যু । শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ প্ৰযোজনাত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ । শেহতীয়াকৈ মুক্তি পাইছে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ট্ৰেইলাৰ । ছবিখন সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক অচিন্ত শংকৰে জনালে বহু কথা ।

অভিমন্যুৰ পৰিচালক অচিন্ত শংকৰৰ মন্তব্য

আগন্তুক নতুন অসমীয়া ছবিখন সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “অভিমন্যু মহাভাৰতৰ‌ এক‌ অন্যতম উল্লেখনীয় চৰিত্ৰ । মাতৃ গৰ্ভত থাকোতেই অভিমন্যুয়ে চক্ৰবেহুৰ বিষয়ে শুনিবলৈ পাইছিল বুলি আমি জানো । কিন্তু যুদ্ধৰ সময়ত বেহু ভেদ কৰি আহিব নোৱৰাৰ বাবে মৃত্যুবৰণ কৰিছিল ।‌ আমাৰ চিনেমাৰ‌ অভিমন্যু অলপ সুকীয়া । আমাৰ চিনেমাৰ অভিমন্যু এজন নহয়, সমাজত বিভিন্ন সমস্যাৰে জৰ্জৰিত এজাক প্ৰতিবাদী মানুহৰ সমাহাৰ আমাৰ অভিমন্যু । আমাৰ অভিমন্যুয়ে নিজেই চক্ৰবেহু ৰচনা কৰি নিজেই তাৰ পৰা ওলাই অহাৰ বাটো বিচাৰি পায় । সেইবাবে আমাৰ নায়কৰ মুখত শুনা গৈছে, ‘আমি আজিৰ অভিমন্যু । আজিৰ অভিমন্যুয়ে সোমোৱাৰ আগতেই বেহুৰ তলা-নলা চিনি পাই আৰু সোমোৱাৰ পিছত সেই বেহু ফালি ওলাই অহাৰ পথো চিনি পাই ।’ এখন মৰমলগা চিনেমা অভিমন্যু ।‌ এটা ভাল কাহিনীৰ লগতে খাপ খোৱাকৈ মনোৰঞ্জনৰ সকলো সমল পাব দৰ্শকে অভিমন্যুত । ৰোমাঞ্চ, এক্সন, থ্ৰীল আদিৰে সমৃদ্ধ পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পৰা চিনেমা অভিমন্যু ।”

লগতে পঢ়ক : ভালপোৱাৰ ৰাগীত আউলি-বাউলি কমল লোচন-দীপলিনা ডেকা

ছবিখনত দৰ্শকে কি নতুনত্ব পাব ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “কাহিনী কোৱাৰ ধৰণটো নতুন পাব । কিছুমান নতুন মুখৰ অভিনেতা-অভিনেত্ৰীৰ পৰা নতুন ধৰণৰ অভিনয় পাব । সংগীতত নতুনত্বৰ সোৱাদ পাব । কেমেৰাৰ কামত নতুনত্বৰ ছাঁ পাব দৰ্শকে ।”

কমল-দীপলিনা যুটী সন্দৰ্ভত মন্তব্য

অসমীয়া সাংস্কৃতিক জগতৰ জনপ্ৰিয় নাম কমল লোচন আৰু দীপলিনা ডেকা । জনপ্ৰিয় অভিনেতা কমল লোচন আৰু কণ্ঠশিল্পী দীপলিনা ডেকাক একেলগে দেখা যাব আহিবলগীয়া ছবি ‘অভিমন্যু’ত । এই সন্দৰ্ভত পৰিচালক অচিন্ত শংকৰে কয়, “কমল-দীপলিনাৰ যুটী দৰ্শকৰ বাবে এটা ভাল লগা যুটী হ’ব বুলি বিশ্বাসী । ইতিমধ্যে দৰ্শকে পৃথকে তেওঁলোকৰ অভিনয় দেখিছে আৰু আদৰি লৈছে ।‌ অভিমন্যু চোৱাৰ পাছত দুয়োকে একেলগে চাবলৈ দৰ্শকৰ আগ্ৰহ বাঢ়িব । নতুন প্ৰজন্মৰ ভিতৰত অন্যতম ভাল অভিনেতা কমল । সংগীতৰ দৰেই অভিনয় ক্ষেত্ৰতো দীপলিনাই দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাব ।”

হিন্দী ছবি ‘সিংঘম’ আৰু ‘ভুল ভুলইয়া ৩’ এ প্ৰভাৱ পেলাব নেকি ‘অভিমন্যু’ত ?

“আমি কথাটো তেনেকৈ ভবা নাই । ভুল ভুলইয়া আৰু সিংঘম ১ নবেম্বৰৰ পৰা চলিছে ।‌ দুসপ্তাহৰ পাছতহে অৰ্থাৎ ১৫ নৱেম্বৰত অভিমন্যু আহিব । গতিকে আমি ভাবোঁ যে তেতিয়ালৈকে এই দুখন চিনেমা চাই দৰ্শক আজৰি হ’ব । ইতিমধ্যে অভিমন্যুৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । মানুহে ভাল পাইছে বুলি জনাইছে । চিনেমা হলতো অভিমন্যুৰ ট্ৰেইলাৰ চলিছে ।‌ চিনেমাৰ মানদণ্ড সম্পৰ্কে দৰ্শকে ধাৰণা কৰিব পাৰিছে । ইতিমধ্যে মুক্তি দিয়া গীতেও সমাদৰ লাভ কৰিছে । আমি উৎসাহী । দৰ্শকৰ পৰা যোগাত্মক সঁহাৰি পাম বুলি আশা কৰিছো ।” অভিমন্যুৰ পৰিচালক অচিন্ত শংকৰে কয় ৷

লগতে পঢ়ক : ‘অভিমন্যু’ৰ পোষ্টাৰত দীপলীনা-কমলৰ ৰোমাঞ্চে জুৰাইছে হৃদয় - Abhimanyu Assamese Movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.