ETV Bharat / business

আম্বানীৰ ডাঙৰ পৰিকল্পনা : JIO ব্যৱহাৰকাৰীৰ বাবে উপহাৰ ! উপলব্ধ হ'ব 100GB পৰ্যন্ত বিনামূলীয়া Cloud storage - JIO AI Cloud Welcome Offer

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 5:22 PM IST

JIO Offer : ৰিলায়েন্স উদ্যোগৰ ৪৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত JIO AI Cloud Welcome Offer প্ৰদান কৰে মুকেশ আম্বানীয়ে । ইয়াৰ অধীনত জিঅ’ ব্যৱহাৰকাৰীসকলে 100GB পৰ্যন্ত বিনামূলীয়া Cloud storage লাভ কৰিব ৷ যাৰ জৰিয়তে JIO ব্যৱহাৰকাৰীয়ে নিজৰ সকলো ফটো, ভিডিঅ’, ডকুমেণ্ট, আন সকলো ডিজিটেল কন্টেন্ট আৰু ডাটা নিৰাপদে সংৰক্ষণ কৰিব পাৰিব ।

JIO Offer
আম্বানীৰ ডাঙৰ পৰিকল্পনা (Getty Image)

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট : ৰিলায়েন্স উদ্যোগৰ (Reliance Industries) ৪৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা চলি আছে, য’ত শ্বেয়াৰহোল্ডাৰসকল যথেষ্ট আগ্ৰহেৰে বাট চাই আছে ৷ কিয়নো তেওঁলোকে আশা কৰিছে যে ৰিলায়েন্সে ডাঙৰ কেবাটাও ঘোষণা নিশ্চয় কৰিব ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কোম্পানীটোৰ বাৰ্ষিক সাধাৰণ সভাত শ্বেয়াৰহোল্ডাৰসকলৰ আগত ভাষণ দি JIO AI Cloud উন্মোচন কৰে । আম্বানীয়ে কয় যে আদৰণি অফাৰৰ অধীনত JIO ব্যৱহাৰকাৰীয়ে 100GB বিনামূলীয়া ক্লাউড ষ্ট’ৰেজ (Cloud storage) লাভ কৰিব ।

নতুন অফাৰৰ বিষয়ে কোৱাৰ সময়ত মুকেশ আম্বানীয়ে কয় যে JIO ব্যৱহাৰকাৰীসকলে 100GB পৰ্যন্ত বিনামূলীয়া ক্লাউড ষ্ট’ৰেজ পাব, যাতে তেওঁলোকে নিজৰ সকলো ফটো, ভিডিঅ’, নথিপত্ৰৰ লগতে অন্যান্য সকলো ডিজিটেল কন্টেন্ট আৰু ডাটা নিৰাপদে সংৰক্ষণ আৰু প্ৰৱেশাধিকাৰ (Access) লাভ কৰিব পাৰিব ।

‘‘আমি এইবাৰ দীপাৱলীৰ পৰা Jio AI-Cloud Welcome Offer মুকলি কৰাৰ পৰিকল্পনা কৰিছো, যি এটা শক্তিশালী আৰু সুলভ সমাধান আনিব ৷ য’ত ক্লাউড ডাটা ষ্ট’ৰেজ আৰু ডাটা-চালিত এআই সেৱা (Data storage and data-driven AI services) সকলোৰে বাবে, সকলোতে উপলব্ধ হ’ব ।’’ মুকেশ আম্বানীয়ে কয় ৷

জিঅ’ প্লেটফৰ্মছৰ (Jio Platforms) অধ্যক্ষ আকাশ আম্বানীয়ে বাৰ্ষিক সাধাৰণ সভা(AGM)ৰ সময়ত কয়, ‘‘আমাৰ JIO Cloud Welcome Offer ৰ জৰিয়তে JIO ৰ গ্ৰাহকে গোপনীয়তা আৰু সুৰক্ষাৰ লগতে অতি সুলভ মূল্যৰ ষ্ট’ৰেজ লাভ কৰিব ।’’

‘‘JIO Cloud কেৱল ফোন কল আৰু ট্ৰান্সক্ৰিপ্ট (Transcript) সংৰক্ষণৰ সমাধান নহয় । ই এটা সম্পূৰ্ণ Cloud storage সেৱা, য’ত আপুনি ফটোৰ পৰা আৰম্ভ কৰি ভিডিঅ’, নথিপত্ৰ আৰু আন যিকোনো ডিজিটেল কন্টেন্টলৈকে সকলো নিৰাপদে আপলোড, ষ্ট’ৰ আৰু শ্বেয়াৰ কৰিব পাৰে ।’’ মুকেশ আম্বানীয়ে কয় ৷

লগতে পঢ়ক : এপ'লৰ সৈতে এ আই প্ৰতিদ্বন্দ্বিতাৰ দৌৰ; গুগলে আগতীয়াকৈ মুকলি কৰিলে পিক্সেল 9 আৰু পিক্সেল 9 প্ৰ' - Google Pixel 9

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.