ETV Bharat / business

নিৰ্বাচনী ফলাফলৰ প্ৰভাৱ শ্বেয়াৰ বজাৰত: আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস - Lok Sabha elections results 2024 - LOK SABHA ELECTIONS RESULTS 2024

Lok Sabha elections results 2024: সপ্তাহৰ দ্বিতীয় দিনটোত ষ্ট’ক মাৰ্কেটৰ ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সৈতে ব্যৱসায় কৰিছে । অধিবেশনৰ সময়ছোৱাত আদানী গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ ১৯ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে ।

Lok Sabha elections results 2024
আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 2:56 PM IST

বিজনেছ ডেস্ক, ৪ জুন: লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাৰম্ভিক ধাৰা বিজেপিয়ে এগজিট প’লত ভৱিষ্যদ্বাণী কৰাতকৈ কম সংখ্যক আসন লাভ কৰা দেখা পোৱাৰ লগে লগে মঙলবাৰে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰৰ মূল্য হ্ৰাস পায় । আদানী প’ৰ্টছৰ ষ্টক ২০ শতাংশ, আদানি এনাৰ্জি ছলিউচনৰ ১৯.৮০ শতাংশ, আদানি পাৱাৰৰ ১৯.৭৬ শতাংশ হ্ৰাস, অম্বুজা চিমেণ্টৰ ১৯.২০ শতাংশ আৰু গোটটোৰ ফ্লেগশ্বিপ ফাৰ্ম আদানি এণ্টাৰপ্ৰাইজে বিএছইত ১৯.১৩ শতাংশ হ্ৰাস পাইছে ।

আদানী টোটেল গেছ ১৮.৫৫ শতাংশ, আদানী গ্ৰীণ এনাৰ্জীৰ ১৮.৩১ শতাংশ, এনডিটিভি ১৫.৬৫ শতাংশ, এচিচি ১৪.৪৯ শতাংশ আৰু আদানী উইলমাৰ ৯.৮১ শতাংশ হ্ৰাস পায় । পূৰ্বৰ ব্যৱসায়ৰ অভিলেখ ভংগ কৰি, ৩০ শ্বেয়াৰৰ বিএছই চেন্সেক্সৰ মূল্য ৪,১৩১.৪৪ পইণ্ট বা ৫.৪০ শতাংশ হ্ৰাস পাই ৭২,৩৩৭.৩৪ পইণ্টত উপনীত হয় আৰু নিফটিৰ মূল্য ১,২৬৩.৩ পইণ্ট বা ৫.৪৩ শতাংশ হ্ৰাস পাই ২২,০০০.৬০ হয় ।

সোমবাৰে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰত তীব্ৰ উত্থান ঘটে, ইকুইটি বজাৰত হোৱা ব্যাপক উত্থানৰ সৈতে সংগতি ৰাখি আদানী পাৱাৰৰ শ্বেয়াৰ প্ৰায় ১৬ শতাংশ বৃদ্ধি পাই তালিকাভুক্ত দহটা প্ৰতিষ্ঠানৰ সংযুক্ত বজাৰ মূল্য ১৯.৪২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । সোমবাৰে আদানী এণ্টাৰপ্ৰাইজ, আদানী প’ৰ্টছ, আদানী পাৱাৰ আৰু আদানী গ্ৰীণকে ধৰি গ্ৰুপটোৰ গৰিষ্ঠসংখ্যক প্ৰতিষ্ঠানৰ ষ্ট’কেও হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ পূৰ্বৰ প্ৰতিবেদনৰ স্তৰলৈ উভতি আহিল ।

মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ সময়ত বিজেপি নেতৃত্বাধীন এন ডি এ ২৯৬ খন আসনত অগ্ৰগতি লাভ কৰা সময়ত বিৰোধী INDIA ব্লকে ২২৭ খন আসন লাভ কৰিছিল ৷ ইয়াৰ লগে লগে নৰেন্দ্ৰ মোদীৰ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাটো পুনৰবাৰ স্পষ্ট হৈ পৰে ৷

লগতে পঢ়ক: শ্বেয়াৰ বজাৰত নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ কি হ'ব ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.