ETV Bharat / bharat

অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা ৰেডিঅ'ছণ্ড কি ? জনালে ড৹ গোপীনাথ ৰাহাই - Radiosonde Recovered in Arunachal

India Meteorological Department : অৰুণাচল প্ৰদেশত শেহতীয়াকৈ উদ্ধাৰ কৰা হৈছিল এবিধ বিশেষ বেলুন ৷ উদ্ধাৰ হোৱা ৰেডিঅ'ছণ্ড নামৰ সামগ্ৰীবিধৰ সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক সবিশেষ জনালে বতৰ বিজ্ঞানীয়ে ৷

RADIOSONDE RECOVERED IN ARUNACHAL
অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা ৰেডিঅ'ছণ্ড কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:23 PM IST

তেজপুৰ, ২৫ জুন : আকাশত কেতিয়াবা প্ৰকাণ্ড বেলুন উৰি ফুৰা হয়তো সকলোৱে প্ৰত্যক্ষ কৰিছে । কিন্তু এই বেলুন কোনে কেতিয়া আৰু কি কাৰণত প্ৰেৰণ কৰে জানেনে ? এনে এবিধ বেলুন কেইদিনমান পূৰ্বে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাত কেইজনমান লোকে তললৈ পৰি যোৱা প্ৰত্যক্ষ কৰি পৰৱৰ্তী সময়ত ইয়াক উদ্ধাৰ কৰে ।

অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা ৰেডিঅ'ছণ্ড কি ? (ETV Bharat Assam)

মোহনবাৰীস্থিত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জলপাইগুৰিৰ অন্তৰ্গত কাৰ্যালয়ৰ পৰা উচ্চস্তৰৰ বতৰৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা ৰেডিঅ'ছণ্ড নামৰ এবিধ সামগ্ৰী অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ এখন গাঁৱত উদ্ধাৰ হৈছে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ আৰক্ষী অধীক্ষক কামদাম সিকমে ই টিভি ভাৰতক টেলিফোনযোগে জনাই যে যোৱা ১৯ জুনত এই পদাৰ্থবিধ পাকঅতি ৰাজহ চক্ৰৰ হম্বা পিন্দা গাঁৱত তললৈ নামি অহা কিছু লোকে প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে ইয়াৰ তিনিদিন পিচত অটব্য ঘন জংঘলত বিচৰাৰ পিচত উদ্ধাৰ কৰে ২২ জুনত ।

লগতে পঢ়ক: অৰুণাচলত ডাৱৰ বিস্ফোৰণ: ৰাজধানী ইটানগৰত ব্যাপক ভূমিস্খলন; বানৰ ফলত স্তব্ধ জনজীৱন

এই ঘটনাৰ সন্দৰ্ভত গেংটক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিষয়া তথা বিজ্ঞানী -ই (Scientist-E) ড৹ গোপীনাথ ৰাহাই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কয় যে ই এটা সৰু মেচিনজাতীয় সামগ্ৰী আৰু এটা বেলুনৰ লগত ব্যৱহাৰ কৰা হয় । বতৰৰ ওপৰৰ স্তৰৰ বিষয়ে জানিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা জলপাইগুৰি ৰেডিঅ'ছণ্ড কেন্দ্ৰৰ পৰা যোৱা ১৮ জুনত ইয়াক প্ৰেৰণ কৰা হৈছিল । প্ৰকৃততে এই সমগ্ৰীবিধ বতৰৰ পৰিস্থিতি জানিবলৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে ।

তেওঁ কয় যে বতৰৰ বিষয়ে জানিবলৈ তলৰ অংশত এই বেলুন ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে বতৰ বিজ্ঞান বিভাগত যথেষ্ট পৰিমাণে সামগ্ৰী আছে কিন্তু ওপৰৰ অংশৰ প্ৰকৃততে অৱস্থিতি কি, বিশেষকৈ উষ্ণতা বৃদ্ধি বতাহৰ গতিবেগ আদি আহৰণৰ বাবে এই ৰেডিঅ'ছণ্ড ব্যৱহাৰ কৰা হয় । ই বেলুনৰ সহায়ত ষ্ট্ৰেট'স্ফিয়াৰলৈ কঢ়িয়াই নিয়া এবিধ যন্ত্ৰ, য’ৰ পৰা ই পেৰাচ্যুটৰ সহায়ত নামি বায়ুমণ্ডলৰ উষ্ণতা, চাপ আৰু আৰ্দ্ৰতাৰ তথ্য সৰু ৰেডিঅ' ট্ৰেন্সমাৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে মাটিত ৰিপ'ৰ্ট কৰে ।

লগতে পঢ়ক: টাৱাঙৰ পাহাৰীয়া অঞ্চলৰ পৰা সীমান্তৰ ঠাণ্ডা অঞ্চললৈ য়াক স্থানান্তৰ

দৰাচলতে ভাৰতৰ বিভিন্ন ঠাইৰ বতৰ সকলো সময়তে একে নহয়, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বতৰৰ ক্ষেত্ৰত ই আৰু সুকীয়া । অৰুণাচল প্ৰদেশৰ বতৰৰ বাবে এই যন্ত্ৰৰ সহায় লোৱা হৈছে নেকি বুলি প্ৰশ্ন কৰাত এই বিষয়ে তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীৰ পিচত শিলিগুৰি আৰু মোহনবাৰী ৰেডিঅ'ছণ্ড কাৰ্যালয়ৰ তৰফৰ পৰা এই অঞ্চলৰ বতৰৰ বিষয়ে জানিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ।

আনহাতে এই সামগ্ৰী অৰুণাচল প্ৰদেশৰ চেপাত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰ্তমান ৰখা হৈছে বুলি অধীক্ষক কামদাম সিকমে জনায় ৷ প্ৰয়োজন সাপেক্ষে জালপাইগুৰি কেন্দ্ৰই বা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিচাৰিলে এই সামগ্ৰী হস্তান্তৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : চীনৰ ভাবুকিক প্ৰত্যাহ্বান; চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.