ETV Bharat / bharat

এই সপ্তাহটো বহুকেইটা ৰাশিৰ বাবে হ’ব সৌভাগ্যশালী...পাব ব্যৱসায়ত আকাংক্ষিত লাভ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 12:23 AM IST

Weekly Horoscope For 14th July to 20th July: এই সপ্তাহত বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব বিভিন্ন পৰিৱৰ্তন ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Weekly Horoscope For 14th July to 20th July 2024
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: এই সপ্তাহটোৱে মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে ভাল সুযোগ কঢ়িয়াই আনিব ৷ সপ্তাহৰ আৰম্ভণিতে ক’ৰবাৰ পৰা বৃহৎ আৰ্থিক লাভ হ’ব পাৰে ৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰা প্ৰয়াস ফলপ্ৰসূ হ’ব ৷ মহিলাসকলৰ ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ ব্যৱসায়ত আশানুৰূপ সাফল্য লাভ হ’ব, কিন্তু লেনদেন কৰাৰ সময়ত সাৱধান হওক আৰু আনক চকুমুদি বিশ্বাস কৰাৰ পৰা বিৰত থাকক ৷ সপ্তাহৰ শেষৰফালে আপুনি কোনো শুভ বা ধৰ্মীয় কাৰ্যত অংশ গ্ৰহণ কৰাৰ সুযোগ পাব ৷ এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে সৌভাগ্যশালী হ’ব ৷ প্ৰেমিক যুগলৰ মাজত প্ৰেম আৰু সামঞ্জস্য বৃদ্ধি হ’ব ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত গতানুগতিক হ’ব ৷ সন্তানৰ সম্পৰ্কীয় কোনো গুৰুতৰ সমস্যাৰ সমাধান হোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব ৷

বৃষ ৰাশি: এই সপ্তাহত বৃষ ৰাশিৰ জাতক/জাতিকাসকলে জীৱনৰ যিকোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত, অন্যথা অযথা জটিলতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ এনে পৰিস্থিতিত সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট তথা প্ৰয়াস কৰিব লাগিব ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত কাম কৰিবলগীয়া হ’ব ৷ বিশেষ কথাটো হ’ল যে, ব্যস্ততাপূৰ্ণ ৰুটিনৰ ফলত ঘনিষ্ঠ বন্ধুৰ পৰাও সহায় নাপাব ৷ সপ্তাহৰ আৰম্ভণিটো ব্যৱসায়ীসকলৰ বাবে আদৰ্শ নহ’বও পাৰে, কিন্তু সপ্তাহৰ শেষত তেওঁলোকে অভাৱনীয় লাভ অৰ্জনৰ ফলত সুখ প্ৰাপ্ত কৰিব ৷ ঘৰ আৰু সম্পত্তিৰ সৈতে জড়িত বিবাদে আপোনাক বহুত অসুবিধা দিব ৷ তৰ্কা-তৰ্কি কৰাৰ পৰিৱৰ্তে আপোনাৰ প্ৰেম সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ কথা-বতৰাৰ জৰিয়তে আঁতৰাবলৈ চেষ্টা কৰক ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হ’বলৈ কঠিন পৰিশ্ৰম কৰিব লাগিব ৷

মিথুন ৰাশি: এই সপ্তাহটো মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ আৰম্ভণিতে কামৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, কিন্তু সপ্তাহৰ দ্বিতীয়াৰ্ধত আটাইবোৰ আপোনাৰ অনুকূল হ’বলৈ আৰম্ভ কৰিব ৷ সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ বা ব্যৱসায় সন্দৰ্ভত দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা সম্ভৱ হ’ব পাৰে ৷ এই সময়ছোৱাত ঋতুকালীন ৰোগৰ পৰা সাৱধান হওক আৰু দৈনন্দিন কাম-কাজ, খাদ্যাভ্যাস ইত্যাদিৰ বিশেষ যত্ন লওক ৷ এই সময়ছোৱাত শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ পৰা বিচলিত হ’ব পাৰে ৷ যিসকল লোকে নিজৰ ক্ষেত্ৰৰ বাহিৰত কাম কৰে, লগতে কমিচনত বা কোনো নিৰ্দিষ্ট উদ্দেশ্যত কাম কৰে, তেওঁলোকে মানসিক চাপ আৰু অস্থিৰতা অনুভৱ কৰি থাকিব ৷ প্ৰেম সম্পৰ্কলৈ প্ৰগাঢ়তা আহিব ৷ সপ্তাহটোৰ শেষত আপোনাৰ প্ৰেমিক যুগলে আপোনাক উপহাৰ দি চকিত কৰি তুলিব পাৰে ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ সপ্তাহৰ প্ৰথম ভাগৰ তুলনাত দ্বিতীয় ভাগটো অধিক উপভোগ্য আৰু সফল হ’ব ৷ এই সময়ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত এটা ডাঙৰ কথা সমাধান হোৱাত মনটো প্ৰসন্ন হ’ব ৷

কর্কট ৰাশি: এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে কামৰ ক্ষেত্ৰত অহা বাধাৰ বাবে আপুনি হতাশ হৈ পৰিব ৷ বাহন সাৱধানে চলাব, কিয়নো শৰীৰত বিষ বা আঘাত প্ৰাপ্তিৰ আশংকা আছে ৷ এই সময়ছোৱাত চাকৰিয়াল লোকসকলৰ আয়ৰ উৎস বিঘ্নিত হ’ব পাৰে, আনহাতে ব্যৱসায়ীসকলে প্ৰতিপক্ষৰ ফালৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পাৰে ৷ সপ্তাহৰ মাজভাগত কামৰ আধিক্য হ’ব ৷ কৰ্মৰতা মহিলাসকলে নিজৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ যদি আপুনি সুখী বৈবাহিক জীৱন যাপন কৰিব বিচাৰে, তেন্তে জীৱন সংগীৰ বাবে সময় উলিয়াওক ৷ এই সপ্তাহটোক ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ক’ব নোৱাৰি ৷ এই সপ্তাহত আপোনাৰ প্ৰেম সম্পৰ্ক ৰাজহুৱা কৰা বা প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক আৰু যিকোনো পদক্ষেপ সাৱধানে লওক, নহ’লে আপুনি বিপদত পৰিব পাৰে ৷

সিংহ ৰাশি: এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে সৌভাগ্যশালী হ’ব ৷ সপ্তাহৰ আৰম্ভণিটো চাকৰিয়াল লোকসকলৰ বাবে অতি সৌভাগ্যশালী হ’ব ৷ যদি আপুনি দীৰ্ঘদিন ধৰি সম্পত্তি ক্ৰয় বা বিক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেন্তে এই সপ্তাহতে আপোনাৰ সপোন পূৰণ হ’ব পাৰে ৷ এই সময়ছোৱাত পদোন্নতি আৰু আৰ্থিক লাভৰ সুযোগ আহিব ৷ উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক বৃদ্ধি হ’ব ৷ উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব আৰু সঞ্চিত ধন-সম্পত্তি বৃদ্ধি পাব ৷ ৰাজনীতিবিদসকলৰ উচ্চ পদবীত উপনীত হোৱাৰ সম্ভাৱনা আছে ৷ সপ্তাহটোৰ শেষৰ ফালে আপুনি এগৰাকী প্ৰভাৱশালী ব্যক্তিক লগ পাব, যি আপোনাক আৰ্থিক সাফল্য আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব ৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব ৷ আপুনি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কে চিন্তিত হৈ থাকিব পাৰে ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰগাঢ়তা থাকিব ৷ প্ৰেম সম্পৰ্ক আনকি বিবাহ পৰ্য্যন্তও যাবগৈ পাৰে ৷

কন্যা ৰাশি: এই সপ্তাহত কন্যা ৰাশিৰ জাতক/জাতিকাসকলে তেওঁলোকৰ লগত কাম কৰা লোকসকলৰ পৰা অতি সতৰ্ক হৈ থকা উচিত ৷ খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ কেৰিয়াৰ সংক্ৰান্তীয় বা ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ যদি আপুনি নিশ্চিত নহয়, তেন্তে বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ লওক বা এনে সিদ্ধান্ত লোৱাটো পিছুৱাই দিয়ক ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আয় কম আৰু ব্যয় অধিক হ’ব ৷ ফলত আপোনাৰ আৰ্থিক স্থিতি বেয়া হ’ব পাৰে ৷ এই সপ্তাহত কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে ৷ ঋতু পৰিৱৰ্তন বা কোনো পুৰণি ৰোগ উক দিয়াৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ পঢ়া-শুনা কৰা শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰি যাব পাৰে ৷ যিকোনো নতুন আঁচনিত বিনিয়োগ কৰাৰ সময়ত ব্যৱসায়ীসকলে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ কঠিন পৰিস্থিতিত আপোনাৰ প্ৰিয় সংগী আপোনাৰ লগত থাকিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷

তুলা ৰাশি: এই সপ্তাহটোৱে তুলা ৰাশিৰ লোকসকলৰ বাবে সুখ আৰু সাফল্য কঢ়িয়াই আনিব ৷ সপ্তাহৰ আৰম্ভণিতে বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ ফলত ঘৰখনত সুখময় পৰিবেশ গঢ়ি উঠিব ৷ যদি আপুনি দীৰ্ঘদিন ধৰি বদলি বা পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই সপ্তাহতে আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে ৷ যদিও আয় বৃদ্ধিৰ লগে লগে আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব পাৰে, কোম্পানীৰ অভাৱনীয় লাভ অৰ্জনে আপোনাৰ সন্তুষ্টি বৃদ্ধি কৰিব ৷ সপ্তাহৰ শেষৰফালে শুভাকাংক্ষীৰ সহায়ত বহুসংখ্যক ডাঙৰ ডাঙৰ কাম সম্পন্ন কৰাত সফল হ'ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক যুগলৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হ’ব ৷ আপোনালোকৰ প্ৰেম বিবাহত পৰিয়ালৰ লোক ৰাজী হ’ব পাৰে ৷ বৈবাহিক জীৱন আনন্দপূৰ্ণ হ’ব আৰু আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ঘনিষ্ঠ সময় কটাবলৈ সুযোগ পাব ৷ এই সময়ছোৱাত আপোনাৰ স্বামীৰ প্ৰতিটো ডাঙৰ কৃতিত্ব আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এক বৃহৎ সুখৰ উৎস হ’ব ৷

বৃশ্চিক ৰাশি: কোনো পাৰিবাৰিক বিষয়ক লৈ আত্মীয়-স্বজনৰ মাজত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে ৷ কথা-বতৰাৰ সময়ত কটু ভাষা ব্যৱহাৰ তথা অনুচিত আচৰণ কৰাৰ পৰা বিৰত থাকক, অন্যথা পিছলৈ অনুতাপ কৰিবলগীয়া হ’ব পাৰে ৷ সপ্তাহৰ প্ৰথমাৰ্ধৰ তুলনাত দ্বিতীয়াৰ্ধই কিছু সকাহ প্ৰদান কৰিব পাৰে ৷ কোনো বন্ধুৰ সহায়ত নতুন প্ৰকল্পৰ পৰিকল্পনা কৰা হ’ব ৷ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত কেৰিয়াৰ গঢ়ি তোলাসকলৰ ক্ষেত্ৰত থকা বাধা-বিঘিনিসমূহ আঁতৰি যাব ৷ কেৱল আৱেগ ভিত্তিক প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ নিজৰ বৈবাহিক জীৱন সুখময় কৰি তুলিবলৈ জীৱন সংগীৰ অনুভূতিক আওকাণ নকৰিব ৷ সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগিব ৷ এই সময়ছোৱাত আপুনি ঋতুকালীন ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থাকিব পাৰে ৷ অযথা লৰা-ঢপৰা আৰু ব্যয়ৰ বাবে কিছু হতাশ হ’ব ৷ কৰ্মক্ষেত্ৰত প্ৰতিপক্ষই আপোনাৰ অগ্ৰগতিত বাধা দিবলৈ চেষ্টা কৰিব পাৰে ৷

ধনু ৰাশি: এই সপ্তাহটো ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ আপুনি নিজৰ লক্ষ্যত উপনীত হ’বলৈ অতিৰিক্ত কষ্ট আৰু প্ৰয়াস কৰিব লাগিব ৷ কঠিন পৰিস্থিতিৰ মাজতো ধন উপাৰ্জনৰ নতুন নতুন উপায় ওলাই থাকিব ৷ ক্ষমতা আৰু প্ৰশাসনৰ সৈতে জড়িত স্থগিত প্ৰকল্পসমূহে গতি লাভ কৰিব ৷ এই সময়ছোৱাত ধৰ্মীয় আৰু সামাজিক কাম-কাজত আপোনাৰ অংশগ্ৰহণ বৃদ্ধি হ’ব ৷ সপ্তাহৰ মাজভাগত পৰিয়ালৰ কোনো সদস্যৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে ৷ অৱশ্যে এই মতানৈক্যবোৰ যাতে কোনো প্ৰকাৰে বিবাদৰ কাৰণ হৈ নপৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব ৷ সপ্তাহৰ শেষৰ ফালে বন্ধু এগৰাকীৰ সহায়ত কোনো এক লাভজনক আঁচনিত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ তিক্ত-মধুৰ মতানৈক্যৰ মাজতো আপোনালোকৰ প্ৰেম সম্পৰ্ক উন্নত হোৱাই নহয়, এই সম্পৰ্কটো কঠিন সময়ত আপোনাৰ শক্তিও হৈ পৰিব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহৰ আৰম্ভণিতে আৰ্থিক লাভ আৰু অগ্ৰগতিৰ যথেষ্ট সুযোগ লাভ কৰিব ৷ চাকৰিয়াল লোকসকলে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ আৰু কনিষ্ঠ উভয় সহকৰ্মীৰ পৰা কম সহযোগিতা লাভ কৰিব ৷ সপ্তাহৰ মাজভাগত এগৰাকী বান্ধৱীৰ সহায়ত কোনো ডাঙৰ চিন্তা দূৰ হ’ব ৷ আপুনি ব্যৱসায়ত আকাংক্ষিত লাভ প্ৰাপ্ত কৰিব ৷ অবিবাহিত লোকসকলৰ বিবাহৰ সম্ভাৱনা আছে ৷ অবিবাহিত লোকৰ জীৱনলৈ নতুন কোনোবাই প্ৰৱেশ কৰিব পাৰে ৷ কাৰোবাৰ লগত শেহতীয়াকৈ হোৱা বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ব পাৰে ৷ আপুনি আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে, কিন্তু আপুনি নিজৰ স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ কথাও চিন্তা কৰা উচিত ৷ এই সময়ছোৱাত সমাজত আপোনাৰ সন্মান আৰু মৰ্য্যাদা বৃদ্ধি পাব ৷ পাৰিবাৰিক পৰিৱেশ ধনাত্মক হ’ব ৷ এই সময়ছোৱাত কামৰ সন্ধানত কৰা প্ৰয়াস সফল হ’ব ৷ ঘৰৰ পৰা কোনো শুভ কাৰ্য কৰা হ’ব পাৰে ৷

কুম্ভ ৰাশি: এই সপ্তাহৰ আৰম্ভণিটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে, কিন্তু ভাল খবৰটো হ’ল যে, আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ই এই কঠিন সময়ৰ পৰা ওলাই অহাত আপোনাক যথেষ্ট সহায় কৰিব ৷ সপ্তাহৰ আৰম্ভণিতে কামৰ সংক্ৰান্তত আপুনি দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে ৷ সপ্তাহৰ শেষৰ ফালে ক্ষমতা আৰু প্ৰশাসন সম্পৰ্কীয় স্থগিত কামসমূহ এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পন্ন হ’ব ৷ কিন্তু এই কঠিন সময় বেছি দিন নাথাকিব আৰু শেষৰ ফালে আপোনাৰ বাবে পৰিস্থিতি উন্নত হ’ব ৷ সপ্তাহৰ শেষত বিলাসী বুলি গণ্য কৰা সামগ্ৰীৰ বাবে অধিক ধন ব্যয় কৰা হ’ব ৷ প্ৰেম সম্পৰ্কত প্ৰগাঢ়তা থাকিব ৷ প্ৰেমিক যুগলৰ মাজত জড়িত কোনো গুৰুত্বপূৰ্ণ কৃতিত্বত মন প্ৰসন্ন হ’ব ৷ কোনো আঁচনিত পূৰ্বতে কৰা বিনিয়োগৰ পৰা বৃহৎ লাভ অৰ্জন হ’ব ৷ ব্যৱসায়ীসকলে বজাৰৰ উত্থানৰ সুযোগ ল’ব পাৰিব ৷ বজাৰত তেওঁৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব ৷

মীন ৰাশি: এই সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ বাবে সৌভাগ্যশালী আৰু লাভজনক ৷ এই সপ্তাহত আপুনি আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় অগ্ৰগতি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত আপুনি জ্যেষ্ঠ আৰু কনিষ্ঠ উভয়ৰে পৰা সম্পূৰ্ণ সহযোগিতা পাব, যাৰ ফলত আপুনি সময়ৰ আগতেই নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ সপ্তাহটোৰ শেষলৈ আপোনাৰ জীৱন সংগী নাইবা সন্তানৰ পৰা কিছু ইতিবাচক খবৰ লাভ কৰিব, যাৰ ফলত ঘৰত এক সুখময় পৰিৱেশ সৃষ্টি হ’ব ৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিলে আপোনাৰ ধন-সম্পত্তি আৰু ব্যৱসায় বৃদ্ধি হ’ব ৷ চাকৰিয়াল লোকসকলে অতিৰিক্ত উপাৰ্জনৰ নতুন উৎস লাভ কৰিব ৷ মুঠ ধন-সম্পত্তি বৃদ্ধি হ’ব ৷ কৰ্মৰতা মহিলাসকলৰ বাবে এই সময়ছোৱা বিশেষভাৱে শুভ হ’ব ৷ ঘৰত আৰু কৰ্মক্ষেত্ৰত তেওঁলোকৰ মান-সন্মান বৃদ্ধি হ’ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰগাঢ়তা থাকিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷ স্বাস্থ্য গতানুগতিক হ’ব ৷ পৰিয়ালত কোনো শুভ কাৰ্য সম্পন্ন কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.