ETV Bharat / bharat

আমি ভাৰতৰ বিকাশক গোলকীয় প্ৰেক্ষাপটত চাব লাগিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Narendra Modi

author img

By ANI

Published : Jun 3, 2024, 10:44 AM IST

PM Narendra Modi: কন্যাকুমাৰীত ধ্যান সামৰি দেশবাসীক উদ্দেশ্যি বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তেওঁৰ মতে দেশবাসীয়ে নতুন সপোন দেখিব লাগিব । কন্যাকুমাৰীৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ ।

PM Narendra Modi
আমি ভাৰতৰ বিকাশক গোলকীয় প্ৰেক্ষাপটত চাব লাগিব (ANI)

নেশ্যনেল ডেস্ক,৩ জুন : ৪৫ ঘণ্টা ধৰি ধ্যানত বহাৰ পিচত দিল্লীলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰে । য'ত তেওঁ দেশবাসীলৈ বিশেষ আহ্বান জনায় । তেওঁ দেশবাসীক অহা ২৫ বছৰ কেৱল সেৱা কৰিবলৈ আহ্বান জনায়, যাতে অনাগত প্ৰজন্ম আৰু আগন্তুক শতিকাসমূহৰ বাবে এক শক্তিশালী ভেঁটি গঢ়ি তুলিব পাৰি আৰু ভাৰতক নতুন উচ্চতালৈ লৈ যাব পাৰি ।

প্ৰধানমন্ত্ৰী মোদীয়ে ১ জুনৰ আবেলি ৪:১৫ বজাৰ পৰা ধ্যানত বহিছিল । দিল্লীলৈ উভতি আহি তেওঁ দেওবাৰে সন্ধিয়া ৭ বজাৰ ভিতৰত বিশেষ বিবৃতিটো প্ৰকাশ কৰে । বিবৃতিটোত তেওঁ কয় যে ভাৰতৰ উন্নয়নক এক গোলকীয় প্ৰেক্ষাপটত চাব লাগিব আৰু ইয়াৰ বাবে আমি ভাৰতৰ আভ্যন্তৰীণ সামৰ্থ্য বুজি পোৱাটো অত্যাৱশ্যকীয় ।

তেওঁৰ মতে আমি ভাৰতৰ শক্তিক স্বীকাৰ কৰিব লাগিব । তেওঁৰ মতে সেই শক্তিবোৰক প্ৰতিপালন কৰিব লাগিব আৰু বিশ্বৰ হিতৰ বাবে সেইবোৰ ব্যৱহাৰ কৰিব লাগিব । তেওঁ কয়, "আজিৰ গোলকীয় পৰিস্থিতিত, যুৱ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ শক্তি হৈছে এক সুযোগ যাৰ পৰা আমি পিছলৈ ঘূৰি চাব নালাগে ।"

তিনিদিনীয়া ধ্যানৰ সময়ত তেওঁৰ চিন্তাধাৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এই বিচ্ছিন্নতাৰ মাজত, শান্তি আৰু নীৰৱতাৰ মাজত, মোৰ মন ভাৰতৰ উজ্জ্বল ভৱিষ্যত, ভাৰতৰ লক্ষ্যৰ বিষয়ে নিৰন্তৰ চিন্তা কৰি আছিল ।" স্বামী বিবেকানন্দৰ বাৰ্তাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁৰ মতে আজি ভাৰতৰ শাসন আৰ্হি বিশ্বৰ বহুতো দেশৰ বাবে এক উদাহৰণ হৈ পৰিছে ।

তেওঁ লিখিছে, "ভাৰতৰ উন্নয়নৰ গতিপথে আমাক গৌৰৱেৰে ভৰাই তুলিছে, কিন্তু একে সময়তে, ই ১৪০ কোটি নাগৰিকক তেওঁলোকৰ দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে । এতিয়া এক মুহূৰ্তও নষ্ট নকৰাকৈ আমি অধিক কৰ্তব্য আৰু ডাঙৰ লক্ষ্যৰ দিশত আগবাঢ়িব লাগিব । আমি নতুন সপোন দেখিব লাগিব, সেইবোৰক বাস্তৱলৈ ৰূপান্তৰ কৰিব লাগিব আৰু সেই সপোনবোৰ জীয়াই ৰাখিব লাগিব ।"

প্ৰধানমন্ত্ৰীয়ে বিবৃতিত লিখিছে যে সপ্তম আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে তেওঁৰ মন ইমান অভিজ্ঞতা আৰু আৱেগেৰে ভৰি পৰিছে আৰু লগতে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচন অমৃত কালত প্ৰথম ।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ধ্যানত বহাৰ লগে লগে সকলো উত্তপ্ত ৰাজনৈতিক বিতৰ্ক, প্ৰতিক্ৰিয়া আৰু অভিযোগৰ শব্দবোৰ শূন্য হৈ পৰে । তেওঁ কয় যে তেওঁ বাহ্যিক পৃথিৱীৰ পৰা এক নিৰ্লিপ্ততাৰ অনুভূতি অনুভৱ কৰিছিল ।

তেওঁৰ মতে ইমান ডাঙৰ দায়িত্বৰ মাজত ধ্যান প্ৰত্যাহ্বানজনক হৈ পৰে কিন্তু কন্যাকুমাৰীৰ দেশ আৰু স্বামী বিবেকানন্দৰ অনুপ্ৰেৰণাই ইয়াক অনায়াসে সম্ভৱ কৰি তুলিছিল । তেওঁ লগতে কয় যে এগৰাকী প্ৰাৰ্থী হিচাপে তেওঁ তেওঁৰ প্ৰচাৰ কাশীৰ প্ৰিয় লোকসকলৰ হাতত এৰি তালৈ গৈছিল । নিজৰ অভিজ্ঞতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই কন্যাকুমাৰীত ধ্যানত বহাৰ সময়ত কি অনুভৱ কৰিছিল সেই বিষয়ে চিন্তা কৰি তেওঁৰ ধ্যানৰ এটা অংশ চিন্তাৰ ধাৰাত অতিবাহিত কৰিছিল । তেওঁ কন্যাকুমাৰীৰ যথেষ্ট প্ৰশংসাও কৰে ।

লগতে পঢ়ক :কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী : জানক ধ্যান কৰাৰ ৫টা আচৰিত উপকাৰিতা - Benefits Of Meditation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.