ETV Bharat / bharat

বংগৰ ৰে’ল দুৰ্ঘটনা : যাত্ৰীৰ সুৰক্ষা, 'কৱচ' ৰূপায়ণৰ স্থিতিক লৈ উঠিছে প্ৰশ্ন - KANCHANJUNGHA EXPRESS ACCIDENT - KANCHANJUNGHA EXPRESS ACCIDENT

Train accident : পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাই যাত্ৰীসকলৰ সুৰক্ষা আৰু কৱচ ৰূপায়ণৰ স্থিতি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যসভাত লিখিত উত্তৰত জনাইছিল যে কৱচক দক্ষিণ মধ্য ৰে’লৱেত 1,465 কিলোমিটাৰ আৰু ইলেকট্ৰিক মাল্টিপল ইউনিট ৰেককে ধৰি 139 টা লোকোমটিভ ইঞ্জিনত নিয়োগ কৰা হৈছে ৷ ই টিভি ভাৰতৰ চঞ্চল মুখাৰ্জীৰ বিশেষ প্ৰতিবেদন-

KANCHANJUNGA EXPRESS
বংগৰ ৰে’ল দুৰ্ঘটনাত উত্থাপন হৈছে প্ৰশ্ন (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 5:35 PM IST

নেশ্যনেল ডেস্ক, 17 জুন : পশ্চিম বংগত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দু্ৰ্ঘটনা ৷ কাঞ্চনজংঘা এক্সপ্ৰেছত এখন মালবাহী ৰে'লে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত কমেও 15 জন লোকৰ মৃত্যু হৈছে ৷ এই দুৰ্ঘটনাই পুনৰ এবাৰ যাত্ৰী আৰু ৰে’লৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে ৷

ইয়াৰ পিচতে অৱশ্যে ৰে'ল মন্ত্ৰালয়ে "কৱচ" নামৰ এক স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা প্ৰণালী স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৷ যদি আন এখন ৰে’ল একেটা ট্ৰেকত আহে তেতিয়া ৰে’লখন স্বয়ংক্ৰিয়ভাৱে বন্ধ কৰে এই ব্যৱস্থাই ৷

ৰে’লৱে ব’ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ই টিভি ভাৰতক কয় যে "এই ঘটনাৰ মূল কাৰণ কি আছিল সেয়া তদন্তৰ বিষয় ৷ বিভিন্ন খণ্ডত কৱচ ব্যৱস্থা স্থাপন কৰা হৈছে আৰু ই একেবাৰে প্ৰাৰম্ভিক পৰ্যায়তে আছে, গতিকে ইয়াৰ বিষয়ে এতিয়াই কোৱাটো কঠিন ৷"

কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ সবিশেষ প্ৰদান কৰি ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু চিই (CE) জয়া বাৰ্মা সিনহাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে ৷ তেওঁ পুনৰ কয়- "আমাৰ তথ্য অনুসৰি কমেও পাঁচজন যাত্ৰীৰ মৃত্যু হৈছে আৰু 50 জন আহত হৈছে, যিসকলক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ পৰৱৰ্তী ৰে’ল চলাচলৰ বাবে ট্ৰেক মুকলি কৰা হৈছে ৷"

ৰে’লৱে ব’ৰ্ডৰ সদস্যসকলে নিয়ন্ত্ৰণ আৰু আদেশ কেন্দ্ৰৰ পৰা পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু উদ্ধাৰ অভিযানৰ বাবে সকলো সংস্থাৰ সৈতে সমন্বয় সাধন কৰি আছে বুলি জয়া বাৰ্মা সিনহাই লগতে কয় ৷

এক্স (টুইটাৰ)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্ট কৰে, “পশ্চিম বংগৰ ৰে’ল দুৰ্ঘটনা দুখজনক ৷ আপোনজনক হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো ৷ আহতসকলে শীঘ্ৰেই আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো ৷ বিষয়াসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো ৷ ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জীও দুৰ্ঘটনাস্থলীলৈ গৈ আছে ৷"

যাত্ৰীসকলৰ উন্নত সুৰক্ষাৰ বাবে চৰকাৰে কৱচ স্থাপন কৰাৰ কথা ইতিমধ্যে চৰকাৰে কেবাবাৰো ঘোষণা কৰিছিল ৷ ৰে'ল মন্ত্ৰালয়ৰ মতে "কৱচ" হৈছে থলুৱাভাৱে নিৰ্মিত স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা (ATP) ব্যৱস্থা আৰু ই এক অতি প্ৰযুক্তি-নিবিড় ব্যৱস্থা, যাৰ বাবে সৰ্বোচ্চ ক্ৰমৰ সুৰক্ষা প্ৰমাণপত্ৰৰ প্ৰয়োজন ৷

লগতে পঢ়ক : কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ; 15 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT

লোকো পাইলট ব্ৰেক লগোৱাত বিফল হ'লে ব্ৰেকৰ স্বয়ংক্ৰিয় প্ৰয়োগৰ দ্বাৰা নিৰ্ধাৰিত গতিসীমাৰ ভিতৰত চলি থকা ৰে’লত লোকো পাইলটক কৱচে সহায় কৰে আৰু লগতে প্ৰতিকূল বতৰত ৰে’লখন সুৰক্ষিতভাৱে চলাবলৈ সহায় কৰে ৷ 2020 চনৰ জুলাই মাহত কৱচক ৰাষ্ট্ৰীয় এটিপি প্ৰণালী হিচাপে গ্ৰহণ কৰা হৈছিল ৷

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যসভাত লিখিত উত্তৰত জনাইছিল যে কৱচক দক্ষিণ মধ্য ৰে’লৱেত 1,465 কিলোমিটাৰ আৰু ইলেকট্ৰিক মাল্টিপল ইউনিট ৰেককে ধৰি 139 টা লোকোমটিভ ইঞ্জিনত নিয়োগ কৰা হৈছে ৷

"দিল্লী-মুম্বাই আৰু দিল্লী-হাওৰা কৰিডৰৰ (প্ৰায় 3000 ৰুট কিঃমি) বাবে নিবিদা প্ৰদান কৰা হৈছে ৷ কৱচৰ সৈতে সম্পৰ্কিত অগ্ৰগতি হৈছে অপ্টিকেল ফাইবাৰ কেবল 3040 কিলোমিটাৰ স্থাপন, 269 টা টেলিকম টাৱাৰ স্থাপন, 186 টা ষ্টেচনত সঁজুলিৰ ব্যৱস্থা, 170 টা লোকোত সঁজুলিৰ ব্যৱস্থা আৰু ট্ৰেক-চাইড সঁজুলি 827 পথ কিলোমিটাৰ স্থাপন" ৰে'লমন্ত্ৰীয়ে কয় ৷

বৈষ্ণৱে আৰু কয় যে কৱচ ব্যৱস্থাটো সুৰক্ষাৰ অখণ্ডতা স্তৰ-4ৰ বাবে প্ৰমাণিত ৷ তদুপৰি, স্বতন্ত্ৰ সুৰক্ষা মূল্যায়ক (আই এছ এ)ৰ দ্বাৰা প্ৰমাণীকৰণ কমিচনিং কৰাৰ সময়ত কৰা হয় ৷

ৰে’ল মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰা অনুসৰি কৱচ দক্ষিণ মধ্য ৰে’লৱেত বৈদ্যুতিক মাল্টিপল ইউনিট ৰেককে ধৰি 1465 ৰুট কিঃমি আৰু 139 টা লোকোমোটিভত প্ৰয়োগ কৰা হৈছে ৷

লগতে পঢ়ক : মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু - Assam Pilgrims Died In Mecca

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.