নেশ্যনেল ডেস্ক, 23 জুন: যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰত শনিবাৰৰ নিশা জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ ভাতৃ জে ডি এছ কাউন্সিলৰ সদস্য সূৰজ ৰেভান্নাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰই জনোৱা মতে, হাছানৰ চি ই এন থানাত ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হৈছে ।
আৰাকলাগুডুৰ এজন যুৱকে যোৱা 16 জুনৰ সন্ধিয়া হোলেনাৰসিপুৰা তালুকৰ ঘননিকড়াত থকা তেওঁৰ ফাৰ্ম হাউচত সূৰজ ৰেভান্নাই তেওঁৰ সৈতে যৌন আলিংগন কৰা বুলি আৰক্ষীক অভিযোগ দিছিল । এই অভিযোগৰ ভিত্তিত শনিবাৰৰ সন্ধিয়া হোলেনাৰসিপুৰা আৰক্ষীয়ে জেডি(এছ) এমএলচিগৰাকীৰ বিৰুদ্ধে আইপিচিৰ 377 (অস্বাভাৱিক যৌনতা) আৰু 506 (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক: যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ সাংসদ প্ৰজ্বল ৰেভান্না - MP Prajwal arrested
শনিবাৰৰ সন্ধিয়া সূৰজ ৰেভান্নাক আৰক্ষীয়ে হাছানৰ চি ই এন থানালৈ সোধ-পোচৰ বাবে আনে আৰু তদন্ত চলায় । তাৰ পাচতে শনিবাৰে নিশা তদন্তৰ অন্তত সূৰজ ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয় । থানালৈ গৈ থাকোঁতে সূৰজে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, "মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা । এই দেশৰ আইনৰ প্ৰতি মোৰ বিশ্বাস আছে । আৰক্ষীৰ তদন্তত সত্য ফাদিল হ’ব ।"
লগতে পঢ়ক: যৌন নিৰ্যাতনৰ অভিযোগ, দলৰ পৰা নিলম্বিত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি - Prajwal Revanna Suspension
আৰাকালগুডুৰ এজন যুৱকে উত্থাপন কৰা অস্বাভাৱিক যৌন হিংসাৰ অভিযোগ নাকচ কৰিছে পৰিষদৰ সদস্য ড৹ সুৰজ ৰেভান্নাই । আনহাতে, কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে হাছানৰ প্ৰাক্তন সাংসদ তথা সূৰজৰ জ্যেষ্ঠ ভাতৃ প্ৰজ্বল ৰেৱন্না ।
হাছান লোকসভাৰ আসনৰ পৰা পৰাস্ত হোৱা প্ৰজ্বলক জাৰ্মানীৰ পৰা উভতি অহাৰ কিছুসময়ৰ পিছতে 31 মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ প্ৰজ্বলৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভয়-ভাবুকিৰ গোচৰ ৰুজু হোৱাৰ পাচতে প্ৰজ্বলৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছিল ।
উল্লেখ কৰা প্ৰয়োজন যে, যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত দুই ভাতৃৰ পিতৃ-মাতৃ ক্ৰমে এইচ ডি ৰেভান্না আৰু ভৱনীয়ে ইতিমধ্যে জামিন লাভ কৰিছে । পুত্ৰ প্ৰজ্বলৰ যৌন নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ তোলা এজন ভুক্তভোগীক অপহৰণ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে দুয়োৰে বিৰুদ্ধে ।