ETV Bharat / bharat

উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত; ব্যাহত স্বাভাৱিক জনজীৱন - বৰষুণ আৰু তুষাৰপাত

Badrinath Dham Snowfall: উত্তৰাখণ্ডত অব্যাহত বৰষুণ আৰু তুষাৰপাত । বদ্ৰীনাথ ধামো বৰফেৰে আবৃত্ত হৈ পৰিছে । অত্যধিক বৰফ পৰাৰ বাবে পৰ্যটকসকল সমস্যাৰ সন্মুখীন হৈছে । ৰাস্তা-ঘাট সম্পূৰ্ণৰূপে কুঁৱলীৰে আবৃত হৈ পৰিছে । যাৰ বাবে বাহনৰ চলাচলত সমস্যাৰ সৃষ্টি হৈছে । স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মাইছে প্ৰচণ্ড তুষাৰপাতে ৷

Snowfall in Badrinath Dham in Chamoli Uttarakhand
উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত; ব্যাহত স্বাভাৱিক জনজীৱন
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:29 AM IST

উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত; ব্যাহত স্বাভাৱিক জনজীৱন

নেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডত অব্যাহত আছে ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত । একে সময়তে বদ্ৰীনাথ ধামতো বৰফ পৰিছে । বিশাল ভগৱান বদ্ৰীৰ মন্দিৰটো বগা বৰফৰ চাদৰেৰে আবৃত হৈ পৰিছে । লগতে বদ্ৰীনাথৰ আশে-পাশে থকা পাহাৰবোৰ যেন বগা চাদৰেৰে ঢাকি থোৱাৰ দৰে পৰিলক্ষিত হৈছে । যাৰ বাবে বদ্ৰীনাথ ধামৰ দৃশ্য নান্দনিক হৈ পৰিছে ৷

মন কৰিবলগীয়া যে, এইখিনি সময়ত সৰ্বাধিক বৰফ পৰে বদ্ৰীনাথ ধামত । ধামত জমা হৈছে প্ৰায় 4 ৰ পৰা 5 ফুট বৰফ । চামোলি জিলাত বতৰ ধাৰাবাহিকভাৱে পৰিৱর্তন হৈ আছে ৷ যাৰ বাবে আন অঞ্চলত তুষাৰপাত অব্যাহত আছে ৷ একে সময়তে নিম্নভূমি অঞ্চলত ঠাণ্ডা বৃদ্ধি পোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে লোক ।

নীতি উপত্যকা, হেমকুণ্ড চাহাব, ফুলৰ উপত্যকা, নন্দ ঘুংঘটি, আউলি, ৰূপকুণ্ড, বেদনী কুণ্ডকে ধৰি চামোলিৰ উচ্চ উচ্চতাৰ অঞ্চলসমূহ বৰফেৰে আবৃত হৈ পৰিছে । যোশীমাঠ আৰু আউলি পথত ধাৰাবাহিকভাৱে বৰফ পৰাৰ বাবে যাতায়তৰ ক্ষেত্ৰত সমস্যৰ সৃষ্টি হৈছে ।

বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ হনুমান চট্টীৰ পৰা বদ্ৰীনাথ ধামলৈ তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে । বতৰ ফৰকাল হোৱাৰ পিচত বৰফ আঁতৰোৱাৰ কামো আৰম্ভ কৰা হ’ব । বৰষুণ আৰু বৰফ পৰাৰ বাবে ব্যৱসায়ীসকল আশাবাদী হৈ পৰা পৰিলক্ষিত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৰফ পৰাৰ পিচত ঠাণ্ডাৰ প্ৰকোপ বাঢ়িছে ৷ শীতৰ পৰা হাত সাৰিবলৈ মানুহে জুইৰ আশ্ৰয় লৈছে । আউলিলৈ পৰ্যটকসকল তুষাৰপাত উপভোগ কৰিবলৈ আহিছে । কিন্তু অত্যধিক বৰফ পৰাৰ বাবে পৰ্যটকসকলো সমস্যাৰ সন্মুখীন হৈছে । ৰাস্তা-ঘাট সম্পূৰ্ণৰূপে কুঁৱলীৰে আবৃত । যাৰ বাবে বাহনৰ চলাচলত সমস্যাৰ সৃষ্টি হৈছে । স্বাভাৱিক জনজীৱনত ব্যাঘাত জন্মাইছে প্ৰচণ্ড তুষাৰপাতে ৷

লগতে পঢ়ক: শুভ্ৰতাৰ মালা পিন্ধিছে অৰুণাচল প্ৰদেশৰ মায়’দিয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.