ETV Bharat / bharat

কেন্দ্ৰীয় বাজেটত কৃষিখণ্ডলৈ বৃহৎ পুঁজি আৱণ্টন - India Budget 2024

India Budget 2024: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উত্থাপনৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তাৰ ভিতৰত কৃষিখণ্ডৰ উন্নয়নৰ বাবে ১.৫২ লাখ কোটি টকা আৱণ্টনৰ কথা ঘোষণা কৰা হয় । কৃষি খণ্ডত গৱেষণা আৰু বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে ।

author img

By ANI

Published : Jul 23, 2024, 2:14 PM IST

India Budget 2024
বাজেটত কৃষিখণ্ডলৈ বৃহৎ পুঁজি আৱণ্টন (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৩ জুলাই : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰে । এই বাজেট উত্থাপনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কৃষি আৰু সহযোগী খণ্ডসমূহক ১.৫২ লাখ কোটি টকা আৱণ্টন দিয়াৰ কথা ঘোষণা কৰে । বিত্তমন্ত্ৰী সীতাৰমণে কৃষি খণ্ডত গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ ঘোষণা কৰে যে গৱেষণা আৰু পৰীক্ষামূলক বিকাশৰ বাবে যথেষ্ট পুঁজি প্ৰদান কৰা হ'ব । বিশেষকৈ মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদন, সঞ্চয় আৰু বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । তেওঁ কয় যে চৰকাৰে সেইবোৰৰ উৎপাদন, সঞ্চয় আৰু বিপণন শক্তিশালী কৰিব । এই পদক্ষেপৰ উদ্দেশ্য হৈছে সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজত 'আত্মনিৰ্ভৰশীলতা' লাভ কৰা । অন্তৱৰ্তীকালীন বাজেটত ঘোষণা কৰা অনুসৰি সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজৰ বাবে 'আত্মানিৰ্ভৰতা'ৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

পাচলিৰ যোগান শৃংখলা বৃদ্ধি কৰাৰ বাবে বাজেটত মুখ্য ব্যৱহাৰ কেন্দ্ৰবোৰৰ ওচৰত পাচলি উৎপাদনৰ বাবে বৃহৎ পৰিমাণৰ ক্লাষ্টাৰৰ বিকাশৰ প্ৰস্তাৱ দিয়া হৈছে । তেওঁ ঘোষণা কৰা মতে পাচলি উৎপাদনৰ বাবে বৃহৎ স্কেল ক্লাষ্টাৰবোৰ মুখ্য ব্যৱহাৰ কেন্দ্ৰৰ ওচৰত নিৰ্মাণ কৰা হ'ব । বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে সংগ্ৰহ, সঞ্চয় আৰু বিপণনকে ধৰি পাচলি যোগান শৃংখলাৰ বাবে কৃষক উৎপাদক সংগঠন, সমবায় আৰু ষ্টাৰ্টআপক প্ৰচাৰ কৰিব । সীতাৰমণে কৃষক আৰু তেওঁলোকৰ ভূমিক ব্যাপকভাৱে সামৰি লোৱাৰ লক্ষ্যৰে কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সুবিধাৰ বাবে ৩ বছৰীয়া পৰিকল্পনা ঘোষণা কৰে ।

লগতে পঢ়ক: টেক্স স্লেব সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা: ৩ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ ক্ষেত্ৰত কৰ ৰেহাই - India Budget 2024

এই বছৰটোত ৪০০ খন জিলাত ডিপিআই ব্যৱহাৰ কৰি খাৰিফৰ বাবে ডিজিটেল শস্য জৰীপ কৰা হ'ব । যাৰ দ্বাৰা ৬ কোটি কৃষক আৰু তেওঁলোকৰ ভূমিৰ বিৱৰণ কৃষক আৰু ভূমি পঞ্জীয়নত একত্ৰিত কৰা হ'ব । ৫ খন ৰাজ্যত জন-সমৰ্থ আধাৰিত কিষাণ ক্ৰেডিট কাৰ্ড জাৰী কৰা হ'ব ।

মৎস্য পালন বা একুৱা কালছাৰৰ সম্ভাৱনা স্বীকাৰ কৰি বাজেটে মিছা মাছৰ ব্ৰুডষ্টকৰ বাবে নিউক্লিয়াছ প্ৰজনন কেন্দ্ৰৰ নেটৱৰ্ক স্থাপনৰ বাবে বিত্তীয় সমৰ্থন প্ৰদান কৰিব । এই লাভজনক খণ্ডটো বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ (নাবাৰ্ড) জৰিয়তে মিছা মাছ পালন আৰু ৰপ্তানিৰ বাবে বিত্তীয় যোগান ধৰা হ'ব ।

সমবায় খণ্ডৰ প্ৰণালীবদ্ধ, সুশৃংখল আৰু সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে এক নতুন ৰাষ্ট্ৰীয় সহযোগিতা নীতি প্ৰৱৰ্তন কৰা হ'ব । গ্ৰাম্য অৰ্থনীতিৰ দ্ৰুত বিকাশ আৰু বৃহৎ পৰিমাণত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাটো হ'ব নীতিগত লক্ষ্য ।

লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট 2024-25 : শিক্ষা, নিয়োগ আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকা ধাৰ্য - Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.