ETV Bharat / bharat

প্ৰকৃত এনচিপিৰ স্বীকৃতি; ইচিৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টলৈ শৰদ পাৱাৰ গোট - Election Commission of India

NCP Sharad Pawar : ৬ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে অজিত পাৱাৰ নেতৃত্বাধীন গোটটোক প্ৰকৃত জাতীয়তাবাদী কংগ্ৰেছ দল হিচাপে স্বীকৃতি দিয়ে । লগতে তেওঁলোকক এনচিপিৰ ঘড়ীৰ প্ৰতীকো প্ৰদান কৰে । এতিয়া শৰদ পাৱাৰ গোটে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।

ইচিৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টলৈ শৰদ পাৱাৰ গোট

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 1:02 PM IST

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : অজিত পাৱাৰৰ গোটক প্ৰকৃত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী চমুকৈ এনচিপি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ প্ৰত্যাহ্বান জনাইছে শৰদ পাৱাৰ গোটে । নিৰ্বাচন আয়োগৰ (ইচি) এই আদেশক প্ৰত্যাহ্বান জনাই শৰদ পাৱাৰ গোটে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ।

উল্লেখ্য যে যোৱা সপ্তাহত শৰদ পাৱাৰৰ নেতৃত্বত এনচিপি গোটে উল্লেখ কৰিছিল যে অজিত পাৱাৰৰ নেতৃত্বত এটা 'বিদ্ৰোহী' গোটক দলৰ নাম আৰু প্ৰতীক আৱণ্টন কৰাৰ ইচিৰ সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে শীৰ্ষ আদালতৰ কাষ চাপিব ।

৭ ফেব্ৰুৱাৰীত অজিত পাৱাৰ গোটে উচ্চতম ন্যায়ালয়ত এক কেভিয়েট দাখিল কৰি যদি শৰদ পাৱাৰ গোটে ইচিৰ আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰে তেনে ক্ষেত্ৰত শুনানি বিচাৰিছিল । এগৰাকী মোকৰ্দমাকাৰীৰ দ্বাৰা এই কেভিয়েট দাখিল কৰা হয়, যাতে শুনানি নোহোৱাকৈ তেওঁৰ বিৰুদ্ধে কোনো প্ৰতিকূল আদেশ প্ৰদান কৰা নহয় ।

উল্লেখ্য যে এনচিপিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰক এক ডাঙৰ প্ৰত্যাঘাত কৰি ৬ ফেব্ৰুৱাৰীত ইচিয়ে ঘোষণা কৰিছিল যে অজিত পাৱাৰ গোট হৈছে প্ৰকৃত এনচিপি । নিৰ্বাচনী পেনেলে অজিত পাৱাৰৰ নেতৃত্বত দলটোক এনচিপিৰ প্ৰতীক 'ঘড়ী' আৱণ্টন কৰে । আয়োগে শৰদ পাৱাৰ গোটক নতুন ৰাজনৈতিক দল গঠনৰ বাবে নাম দাবী কৰিবলৈ আৰু তিনিটা অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ এক বিকল্প প্ৰদান কৰে । এই সুবিধা তেওঁলোকক 7 ফেব্ৰুৱাৰীৰ আবেলি 3 বজালৈকে প্ৰদান কৰা হৈছিল।

আনহাতে, যোৱা সপ্তাহত ইচিয়ে শৰদ পাৱাৰৰ নেতৃত্বত এনচিপি গোটক 'নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী শৰদ চন্দ্ৰ পাৱাৰ' হিচাপে নতুন নাম আৱণ্টন দিয়ে ।

নিৰ্বাচন কৰ্তৃপক্ষই যোৱা বছৰ জুলাইত মহাৰাষ্ট্ৰ বিধানসভাত এনচিপিৰ সংখ্যাগৰিষ্ঠ বিধায়কৰ সৈতে আঁতৰি যোৱা অজিতৰ নেতৃত্বত দলটোক নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ নাম আৰু নিৰ্বাচনৰ প্ৰতীক 'ঘড়ী' দিয়াৰ এদিন পিছতে নিৰ্বাচন কৰ্তৃপক্ষৰ দ্বাৰা এই নিৰ্দেশ আহে । ইচিয়ে শৰদ পাৱাৰ গোটক তিনিটা নাম পৰামৰ্শ দিবলৈ কয়, যাতে তাৰে এটা মহাৰাষ্ট্ৰৰ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৱণ্টন কৰিব পাৰি ।

লগতে পঢ়ক :কাৰাৰুদ্ধ চেন্থিল বালাজীৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.